নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাংসাৰিৰ আঠিয়াবৈত ন-খোৱা উৎসৱত ৰিণিকি ভূঞা শৰ্মা-মন্ত্ৰী অতুল বৰা

🔹 আকাংক্ষা কৃষিগোটৰ প্ৰচেষ্টাক শলাগ প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ চিএমডি ৰিণিকি ভূঞা শৰ্মাৰ
🔹 ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত অসমৰ কৃষিখণ্ডত বৈপ্লৱিক পৰিৱৰ্তন হৈছে : কৃষিমন্ত্ৰী বৰা
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰ : কামৰূপ জিলাৰ চাংসাৰিৰ আঠিয়াবৈত বিজেপি কিষাণ মৰ্চাৰ উদ্যোগত আৰু আকাংক্ষা কৃষিগোটৰ সহযোগত আজি অসমীয়া সমাজৰ পৰম্পৰাগত সংস্কৃতি ন-খোৱা উৎসৱ পালন কৰা হয় । এই ন-খোৱা উৎসৱত অংশগ্ৰহণেৰে কৃষক ৰাইজক উৎসাহিত কৰে প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শৰ্মাৰ লগতে কৃষিমন্ত্ৰী অতুল বৰাই। একেদৰে অনুষ্ঠানত কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যৰ লগতে কেইবাগৰাকী কৃষক নেতা উপস্থিত থাকি অঞ্চলটোৰ যুৱ কৃষকসকলক অনুপ্ৰাণিত কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে মন্ত্ৰী অতুল বৰা, ৰিণিকি ভূঞা শৰ্মা, বিধায়ক দিগন্ত কলিতাই প্ৰথমে কৃষক ৰাইজৰ লগত জলপান গ্ৰহণ কৰি পিছত খেতিপথাৰ পৰিদৰ্শন কৰে । তেওঁলোকে আঠিয়াবৈৰ খেতিপথাৰত আকাংক্ষা কৃষিগোটৰ লগতে ইয়াৰ কৃষকে কৰা প্ৰায় দুই হাজাৰ বিঘা ভূমিত সৰিয়হ খেতি প্ৰত্যক্ষ কৰি যথেষ্ট অভিভূত হৈ পৰে । মন্ত্ৰী অতুল বৰাই  কৃষিক্ষেত্ৰৰ কেতবোৰ আনুষংগিক দিশ পৰ্যাবেক্ষণ কৰাৰ লগতে আলু বীজ ৰোপণত অংশ লোৱা পৰিলক্ষিত হয় । সমান্তৰালকৈ বিগত বছৰটোৰ দৰে এইবেলিও ৰিণিকি ভূঞা শৰ্মাই আকাংক্ষা কৃষিগোটৰ আলু বীজ ৰোপণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । ইয়াৰ পিছতে তেওঁলোকে মহিলাসকলৰ লগত কলপাতত ৰবাব টেঙা গ্ৰহণ কৰে । ইপিনে, খেতিপথাৰ পৰিদৰ্শন কৰি ৰিণিকি ভূঞা শৰ্মাই আকাংক্ষা কৃষিগোটৰ প্ৰচেষ্টাৰ শলাগ লয় ।
তেওঁ কয় যে আকাংক্ষা কৃষিগোটৰ যুৱ কৃষকসকলে যি পদক্ষেপ পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া ৰাজ্যখনৰ কৃষিখণ্ডৰ বাবে শুভ বাৰ্তা । জৈৱিক কৃষিয়ে মানুহৰ স্বাস্থ্য ভালে ৰখাৰ ক্ষেত্ৰতো অপৰিসীম ভূমিকা লয় । দ্বিতীয়তে সৰিয়হ খেতিৰ সমান্তৰালকৈ ইয়াত বৃহৎ মৌ পালনৰ দৰে লোৱা প্ৰচেষ্টাও ইতিবাচক নিদৰ্শন বুলি প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ চিএমডিগৰাকীয়ে সদৰী কৰে । তেওঁ কয়- কৃষিগোটক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যিধৰণে সহায় কৰিব লাগে, সেয়া কৰিছে । কৃষিমন্ত্ৰী অতুল বৰাই কয় যে অসমত এতিয়া কৃষিখণ্ডত সাংঘাতিক পৰিৱৰ্তন হৈছে । আজিৰ বহু যুৱপ্ৰজন্মৰ খেতিৰ প্ৰতি ধাউতি বাঢ়িছে । ই সঁচাকৈয়ে আমাৰ বাবে ইতিবাচক দিশ । আকাংক্ষা কৃষিগোটে ভাল কাম কৰিছে । এনেদৰে যুৱ কৃষকসকল খেতিপথাৰৰ প্ৰতি আগ্ৰহী হ’লে এদিন ৰাজ্যৰ কৃষিখণ্ডই বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব । ৰাজ্যৰ কৃষিখণ্ডই অন্য ৰাজ্যক ফেৰ মাৰিব পৰাকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ যি আত্মনিৰ্ভৰ সপোন, সেয়া সাকাৰ ৰূপ দিয়াৰ অংশত আকাংক্ষা গোটৰ ভূমিকা যোগাত্মক । বিধায়ক দিগন্ত কলিতায়ো কৃষকসকলৰ কষ্টৰ শলাগ লয় । ইয়াৰ পিছতে তেওঁলোকে কৃষক ৰাইজৰ লগত ন-খোৱা পৰ্বত ভাগ লয় । উল্লেখ্য যে কৃষক নেতা তথা মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব ৰঞ্জিত ভট্টাচাৰ্যই লোৱা উদ্যোগ আৰু অনুপ্ৰেৰণাতে আকাংক্ষা কৃষিগোটৰ লগতে জালুকবাৰীৰ পাঁচটাকৈ গোটে কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বনৰ পথ প্ৰশস্ত কৰাত উঠি-পৰি লগা পৰিলক্ষিত হৈছে ।
প্ৰেৰক অনুভৱ কুমাৰ 
You might also like