নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলৰ নামত আবণ্টিত পুথিভঁৰাল স্থানান্তৰত প্ৰতিক্ৰিয়া

🔹 শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ শিক্ষানুৰাগীৰ

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ : ৰাজ্যৰ শিক্ষা বিভাগে সাংস্কৃতিক বিভাগৰ জৰিয়তে প্ৰতিখন পঞ্চায়তৰ অন্তৰ্গত এখনকৈ বিদ্যালয়ত পুথিভঁৰাল স্থাপনৰ বাবে গ্ৰহণ কৰা আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ পিছতো সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলৰ নামত আবণ্টিত লাইব্ৰেৰীটো অন্য বিদ্যালয়লৈ স্থানান্তৰ কৰাত তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে সোণাৰি চাপৰি অঞ্চলৰ শিক্ষানুৰাগী ৰাইজৰ লগতে সচেতন মহলে ৷ জানিব পৰা মতে, শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ স্বাক্ষৰ সম্বলিত এখন পত্ৰত লখিমপুৰ জিলাৰ ৮১খন বিদ্যালয়ত প্ৰদান কৰিব লগা পুথিভঁৰালৰ তালিকা প্ৰকাশ কৰা হয় আৰু এই তালিকাৰ ১৯ নম্বৰত সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুল ( ডাইচ ক’ড নম্বৰ ১৮১২০২০৫৮০৩)ৰ নামো অন্তৰ্ভুক্ত থাকে ৷ তদুপৰি সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলৰ পৰা বেংকৰ একাউণ্ট নম্বৰকে ধৰি প্ৰয়োজনীয় সকলো নথি-পত্ৰ বৰদলনি শিক্ষাখণ্ডৰ জে ই-গৰাকীয়ে সংগ্ৰহ কৰি জমা লোৱাৰ পিছতো বিদ্যালয়খনৰ পৰিৱৰ্তে পঞ্চায়তৰ অন্তৰ্গত আন এখন বিদ্যালয়লৈ উক্ত লাইব্ৰেৰীটো স্থানান্তৰ কৰাত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়া ৷ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আচঁনিৰে ১৬ লাখ টকা ব্যয়সাপেক্ষে সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলত নিৰ্মাণ কৰিব লগা লাইব্ৰেৰীটো কিহৰ ভিত্তিত এখন প্ৰাথমিক বিদ্যালয়লৈ স্থানান্তৰ কৰা হ’ল বুলি প্ৰশ্ন তুলি শিক্ষা বিভাগৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰি এই ক্ষেত্ৰত শিক্ষামন্ত্ৰীগৰাকীৰ হস্তক্ষেপৰো দাবী তুলিছে সোণাৰি চাপৰি অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ লগতে সমাজ সচেতন শিক্ষানুৰাগী ৰাইজে ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like