নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ ২০০০ বৰ্ষৰ ৩ জানুৱাৰীত প্ৰতিষ্ঠা লাভ কৰা নগৰবেৰা শংকৰদেৱ শিশু নিকেতনে সফলতাৰে ২৫ বছৰত ভৰি দিলে আৰু সেই মৰ্মে আজি পুৱাৰে পৰা শিক্ষানুষ্ঠানখনত বিৰাজ কৰে উখল-মাখল পৰিবেশ। পুৱা শংকৰদেৱ শিশু নিকেতন পৰিচালনা সমিতিৰ সভাপতি নৃপেন কলিতাই পতাকা উত্তোলনৰ পৰৱৰ্তী সময়ত বন্তি প্ৰজ্বলন, পুৰোধা ব্যক্তিসকলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু স্মৃতি তৰ্পণ, গছপুলি ৰোপণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তাৰ পাছতেই শিশু নিকেতনৰ বিদ্যাৰ্থী, আচাৰ্য-আচাৰ্যাসকলে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়। শৃংখলাৱদ্ধভাবে উলিওৱা এই শোভাযাত্ৰাত বাৰেৰহণীয়া অসমীয়া কৃষ্টি-সম্ভাৰৰ উপস্থাপন কৰা হয়। নগৰবেৰা আঞ্চলিক মৌজা কমিটীৰ সভাপতি/সম্পাদককে আদি কৰি ভালেসংখ্যক অভিভাৱকে এই শোভাযাত্ৰাত অংশ লয়। শংকৰদেৱ শিশু নিকেতনৰ চোতালৰ উপৰি ৰাজপথৰ পৰিবেশো উছৱমুখৰ কৰি তোলে এই শোভাযাত্ৰাই। প্ৰধান আচাৰ্য খনীন্দ্ৰ চৌধুৰীয়ে জানিবলৈ দিয়া মৰ্মে অচিৰেই ভাল দিন-বাৰ চাই ৰূপালী জয়ন্তী দুই-তিনিদিনীয়াকৈ আয়োজনৰ গুণাগঁথা চলিছে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস