নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৰগাঁৱৰ ট্ৰেজিক দুৰ্ঘটনাৰ ভুক্তভোগীৰ কাষত মন্ত্ৰী অতুল বৰা

বাৰ্তা ডিজিটেল ডেস্ক, ৩ জানুৱাৰীঃ আজি পুৱা দেৰগাঁৱৰ বালিজান অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত বাৰজনকৈ লোক নিহত হোৱাৰ ঘটনাই ৰাজ্য জুৰি শোকৰ ছাঁ পেলায়। গোলাঘাটৰ কমাৰবন্ধা বচা ভৰলুৱা গাঁৱৰ পৰা তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ এখন আল্ট্ৰা বাছেৰে আহি থকা বনভোজ দলৰ গাড়ীখনৰ লগত বিপৰীত দিশৰ পৰা তীব্ৰ বেগেৰে আহি থকা এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয়। যাৰ ফলত দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকসহ অতি বিধ্বস্ত ৰূপ লোৱা আল্ট্ৰা বাছখনৰ এঘাৰজনকৈ লোকৰ মৃত্যু হয়।ইয়াৰ ভিতৰত এজনী সাত বছৰীয়া কিশোৰীকে ধৰি একেটা পৰিয়ালৰ চাৰিজন সহ বাৰজনকৈ লোকে অকাল মৃত্যুক সাৱটি ল’ব লগা হয়। দৈব্যক্ৰমে এই ভয়াবহ দুৰ্ঘটনাটোত এটি তিনি বছৰীয়া কন্যা শিশু সহ মাতৃ আৰু বাছখনৰ বাকী যাত্ৰীসকলৰ প্ৰাণ ৰক্ষা পৰে। এই ঘটনাত গোলাঘাট-শালিকীহাটৰ বছা ভৰলুৱা গাঁৱৰ কেইবাগৰাকীও ব্যক্তিয়ে প্ৰাণ হেৰুওৱাৰ লগতে আঘাতপ্ৰাপ্ত হয়। ঘটনাৰ পিছতে গাঁওখনত তাৎক্ষণিকভাৱে উপস্থিত হৈ নিহত আৰু আহত ব্যক্তিকেইগৰাকীৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে মন্ত্ৰী অতুল বৰাই। মন্ত্ৰী বৰাই নিহতৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। আহতসকলৰ আৰোগ্যৰ কাৰণে চৰকাৰৰ তৰফৰপৰা যাৱতীয় সকলো ব্যৱস্থা তৎপৰতাৰে গ্ৰহণ কৰাৰ কথাও প্ৰকাস কৰে মন্ত্ৰীগৰাকীয়ে।

You might also like