নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ক’ভিড প্ৰতিৰোধ বিষয়ক ৱাছবীৰ হুছেইনৰ গ্ৰন্থ উন্মোচন

🟢গ্ৰন্থখন উন্মোচন কৰে হৃদৰোগ বিশেষজ্ঞ ডাঃ দেৱীপ্রসাদ ছেট্টী আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

🟢কফি টেবুল বুকখনৰ নাম Assam’s War on Covid – How Team Himanta Beat the Pandemic
🟢গ্ৰন্থখনত আছে কভিডৰ সময়ত ড০ হিমন্ত বিশ্ব শৰ্মাই লোৱা পদক্ষেপ সন্দৰ্ভত বিস্তৃত আলোচনা
🟢ক’ভিড যুদ্ধত টীম হিমন্তৰ ব্যতিক্রমী উদ্ভাৱনী চিন্তা-ব্যৱস্থাৱলীৰ পৰ্যালোচনা

বাৰ্তা ডিজিটেল ডেস্ক, ৩ জানুৱাৰীঃ কভিডৰ সময়ত ৰাজ্য চৰকাৰ তথা তদানীন্তন স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লোৱা ইতিবাচক পদক্ষেপৰ কথা সকলোৰে জ্ঞাত। কভিডৰ মাৰমুখী অৱস্থাতো ড০ শৰ্মাই লোৱা পদক্ষেপৰ বাবেই বহুতৰে জীৱন ৰক্ষা পৰিছিল। তাৰে এক লিখিত ৰূপ আজি কফি টেবল বুক আজি উন্মোচন কৰা হয়। কফি টেবুল বুকখনৰ নাম Assam’s War on Covid – How Team Himanta Beat the Pandemic। তথ্যসম্বলিত বুকখন উন্মোচন কৰে পৃথিৱী বিখ্যাত হৃদৰোগ বিশেষজ্ঞ আৰু নাৰায়ণা হৃদয়ালয়ৰ প্ৰতিষ্ঠাপক ডাঃ দেৱীপ্রসাদ ছেট্টী আৰু অসমৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই। গ্ৰন্থখনত ক’ভিড ভাইৰাছৰ বিৰুদ্ধে সংগ্রাম আৰু প্ৰতিৰোধী ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ যুদ্ধসদৃশ ব্যৱস্থাৱলীৰ তথ্যসম্বলিত বর্ণনা আছে। কফি টেবল বুকখন প্ৰণয়ন কৰিছে বিশিষ্ট সাংবাদিক, লেখক আৰু ‘নৰ্থ ইষ্ট লাইভ’ৰ

এডিটৰ ইন চীফ ৱাছবীৰ হুছেইনে।ক’ভিডে বিশ্বজুৰি অতিমাৰী ৰূপ লোৱাৰ পূৰ্বেই ড° শৰ্মা আৰু তেওঁৰ টীমে আগতীয়া পদক্ষেপ লৈ এই অতিমাৰী প্ৰতিৰোধ কৰাৰ যুঁজত নামিবলৈ অসমক কেনেকৈ সাজু কৰি তুলিছিল তাৰ সম্পূৰ্ণ বিৱৰণ আছে Wordweaves Indiaই প্ৰকাশ কৰা কফি টেবল বুকখনত। ২০১৯ চনৰ ডিচেম্বৰত চীনদেশৰ য়ুহানত ভাইৰাছটোৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি, ই কেনেকৈ পৃথিৱী ছানি ধৰিলে, ভাৰত আৰু তাৰ পাছত অসম পালেহি, ক’ভিডৰ বিৰুদ্ধে সমুখসমৰত অৱতীৰ্ণ হৈ ড° শৰ্মা আৰু তেওঁৰ টীমে অসাধাৰণ আৰু দিকদর্শী প্রচেষ্টা গ্রহণ কৰিলে, কিতাপখনত এইবোৰ কথাৰ বিস্তৃত বিৱৰণ আছে। ক’ভিড যুদ্ধত টীম হিমন্তৰ ব্যতিক্রমী উদ্ভাৱনী চিন্তা আৰু ব্যৱস্থাৱলীয়ে নতুন দিল্লীৰ অনুমোদনৰ মোহৰ লাভ কৰিছিল আৰু ই অসম মডেল আখ্যা পাইছিল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ উভয়ে ড° শৰ্মাৰ নেতৃত্বত চলা অসমৰ ক’ভিডবিৰোধী যুদ্ধক ভূয়সী প্রশংসা কৰিছিল। ২০২১ চনৰ মে’ত ড° হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রীৰূপে দায়িত্ব লোৱাৰ পাছতো সমপৰ্যায়ৰ বলিষ্ঠতাৰে সংগ্রাম অব্যাহত আছিল। এছোৱা সময় এনেকুৱা আছিল যে জীৱন-নাশী ভাইৰাছটোৰ বিষয়ে পৃথিৱীৰ মানুহে কোনো কথাই জনা নাছিল অথবা বিজ্ঞানীসকলে যি জানিছিল, সেয়াও আছিল অতি সামান্য। সেই সময়ত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিচাপে কৰ্তব্যৰ আগত প্রাণকো তুচ্ছ জ্ঞান কৰি ড° হিমন্ত বিশ্ব শৰ্মাই এই অদৃশ্য শত্রুৰ বিৰুদ্ধে হাতে কামে ৰণক্ষেত্ৰত নামি পৰিছিল, তেওঁৰ লগত আছিল বছা বছা বিষয়াৰে গঠিত এটা দক্ষ দলৰ সক্ষম সমর্থন। ড° শৰ্মাৰ গতিশীল নেতৃত্বৰ বলতে অসমৰ ভাইৰাছবিৰোধী যুদ্ধৰ তীব্রতা সমভাবে অব্যাহত ৰখাটো সুনিশ্চিত হ’ল আৰু নাগৰিকে সুৰক্ষা পালে। তড়িৎ গতিত পি.পি.ই কিট বা আন সা-সৰঞ্জাম ক্ৰয় কৰাৰ ক্ষেত্ৰতে হওক, বা বৃহৎ কোৱাৰেণ্টাইন কেন্দ্ৰ আৰু উৎসর্গিত ক’ভিড চিকিৎসালয় প্রতিষ্ঠাৰ ক্ষেত্ৰতে হওক, তদানীন্তন স্বাস্থ্যমন্ত্রী ড° শর্মাই সকলো প্রতিকূলতাৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিছিল। ২০২০ চনৰ ৩১ মাৰ্চত অসমত ক’ভিড ১৯ সংক্ৰমণৰ প্ৰথমটো ঘটনা নথিভুক্ত হোৱাৰ দুটা সপ্তাহৰ আগলৈকে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ হাতত এটাও সম্পূর্ণ আৱৰণৰ পি.পি.ই. কিট নাছিল। ৰাজ্যখনত তেতিয়া মাত্র ৬৩৫টা এন ৯৫ মাস্ক, ১৬২০টা ত্রিপল লেয়াৰ মাস্কহে আছিল। কেৱল সেয়াই নহয়, ভৱিষ্যতে উদ্ভৱ হ’ব পৰা ভয়াৱহ সংকট মোকামিলা কৰিব পৰাকৈ ৰাজ্যত তেতিয়ালৈকে কোনো বৃহৎ কোৱাৰেণ্টাইন কেন্দ্র স্থাপন কৰা হোৱা নাছিল। স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পৰিস্থিতিৰ গভীৰতা অনুধাৱন কৰাত তড়িৎ গতিৰে যাৱতীয় সুৰক্ষাত্মক সা-সামগ্রী ক্ৰয় আৰম্ভ হ’ল। ৪৫ দিনত অর্থাৎ ২০২০ৰ ৩০ এপ্ৰিলৰ ভিতৰত ৰাজ্য চৰকাৰে ৩.২ লাখ পি.পি.ই. কিট, ১.২ লাখ এন ৯৫ মাস্ক, ৬২ লাখ ত্রিপল লেয়াৰ মাস্ক ক্ৰয় কৰিলে। এয়া আছিল ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ক’ভিড অতিমাৰী প্ৰতিহত কৰিবলৈ টঙালি বন্ধা অসম চৰকাৰৰ কামৰ গতি। ক’ভিড ভেকচিন দিয়াৰ ক্ষেত্ৰতো সমুখৰ পৰা নেতৃত্ব দিছিল ড° শর্মাই। এই পর্যন্ত অসমত ৫ কোটিৰো অধিক লোকক ক’ভিড ভেকছিন দিয়া হৈছে, এই পৰিসংখ্যাই ক’ভিড প্ৰতিৰোধী টীকাকৰণত অসমৰ সফলতাকে প্রতীয়মান কৰে। কোনো এটা ভয়াবহ সংকট মোকামিলা কৰাত এখন চৰকাৰে অকল্পনীয় পৰিকল্পনাৰে কেনেকৈ কাম কৰিব পাৰে, সেই কথা জানিবলৈ আগ্ৰহ কৰাসকলৰ বাবে Assam’s War on Covid – How Team Himanta Beat the Pandemic শীর্ষক গ্রন্থখন নিশ্চিতভাবে পঢ়িবলগীয়া গ্রন্থ। উল্লেখ্য যে বিশিষ্ট সাংবাদিক তথা লেখক ৱাছবীৰ হুছেইনে আজি গুৱাহাটীৰ চৰকাৰী বাসগৃহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাত কৰি গ্ৰন্থখন আগবঢ়ায়।

You might also like