নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ বঙাইগাঁও জিলাৰ যোগীঘোপাত নিৰ্মীয়মান চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ অঘটন সংঘটিত হৈছে। ৰাষ্ট্ৰীয় পথটোৰ নিৰ্মানৰ কাম চলি থকা সময়তে কালি নিশাৰ ভাগত কাবাইটাৰীৰ মইনবজাৰৰ সমীপত ফ্লাই অভাৰৰ এপ্ৰোচৰ এটা বৃহৎ অংশ তললৈ খহি পৰে। ফ্লাই অভাৰৰ বাবে পথটো ওখ কৰিবলৈ পথৰ দুয়োকাষে নিৰ্মান কৰা আৰ ই ৱাল ভাঙি পৰাৰ ফলত পথটোৰ এছোৱা বৃহৎ অংশ খহি তললৈ সোমাই পৰে। অৱশ্যে এই দুৰ্ঘটনাত সৌভাগ্যক্ৰমে ৰক্ষা পৰে কেইবাজনো শ্ৰমিক। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। পথ নিৰ্মানকাৰী সংস্থা আৰ এছ বি আইৰ গাফিলতিৰ বাবেই এই অঘটন সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে টুলুঙীয়াৰ পৰা যোগীঘোপালৈ চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মানৰ দায়িত্ব লাভ কৰিছে বহিৰাজ্যৰ আৰ এছ বি আই নামৰ প্ৰতিস্থানটোৱে। সম্প্ৰতি প্ৰায় ৯৫ শতাংশ কাম সম্পুৰ্ণ হোৱা চাৰিলেনযুক্ত ঘাইপথটোৰ চলন্তাপাৰাৰ পৰা যোগীঘোপালৈ প্ৰায় ৭ কিলোমিটাৰ দৈৰ্ঘৰ পথৰ নিৰ্মানৰ কাম সম্পুৰ্ণ হৈ উঠা নাই। ঠায়ে ঠায়ে কিছু অসম্পুৰ্ণ হৈ থকা পথছোৱাৰ বাকী থকা অংশৰ কাম সম্পুৰ্ণ কৰিবলৈ প্ৰতিস্থানটোৱে দিনে-নিশাই অতি দ্ৰুত গতিত নিৰ্মানৰ কাম অব্যাহত ৰাখিছে। জানিব পৰা মতে, কাবাইটাৰীৰ মইনবজাৰ সমীপত পিতনিৰ মাজেৰে ফ্লাই অভাৰ নিৰ্মান কৰি পথটো প্ৰায় সম্পুৰ্ণ কৰি তোলা হৈছিল। কিন্তু কালি হঠাৎ এই ঘটনা সংঘটিত হোৱাত কাষতে পথ নিৰ্মাণৰ কামত নিয়োজিত শ্ৰমিকৰ লগতে স্থানীয় লোকসকলৰ মাজত হুৱাদুৱা লাগে।
প্ৰেৰক টিংকু চন্দ্ৰ দাস