🟢ডিমা হাছাও জিলাৰ প্রতিটো পৰিয়ালকে ৩ মাহৰ ভিতৰত দিয়া হ’ব ৰেচন কার্ড
🟢প্রতিগৰাকী কলেজীয়া ছাত্রীক একোখনকৈ স্কুটী
🟢মাহুৰত ৯ মাহৰ ভিতৰত কলেজ স্থাপন
🟢উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ত পৰিষদত প্রতিনিধিত্ব নথকা জনগোষ্ঠীৰ পৰা মনোনীত সদস্যৰ সংখ্যা ৪জনলৈ বৃদ্ধি
🟢গুৱাহাটী–লাইচঙত স্থাপন কৰিব ৰাণীমাৰ প্রতিমূর্তি
বাৰ্তা ডিজিটেল ডেস্ক, ৪ জানুৱাৰীঃ ডিমা হাছাও জিলাত আজি দ্বিতীয় দিনাও নির্বাচনী প্রচাৰত ব্যস্ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ অহা ৮ জানুৱাৰীত হ’বলগীয়া উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ত পৰিষদৰ নির্বাচনৰ বাবে কালিৰ দিনটো মুখ্যমন্ত্রী ড০ শর্মাই উমৰাংছু আৰু দিয়াংব্রাত দুখনকৈ বিশাল নির্বাচনী সমাৱেশত অংশগ্রহণৰ পিছত আজি জিলাখনৰ মাহুৰ আৰু লাইচঙতো দুখনকৈ নির্বাচনী সমাৱেশত অংশগ্রহণ কৰে৷ নির্বাচনী সমাৱেশ দুখনত মুখ্যমন্ত্রী ড০ শর্মাই বিজেপিৰ শাসনকালত পাহাৰীয়া জিলাখনত হোৱা উন্নয়নৰ খতিয়ান দাঙি ধৰি আসন্ন পৰিষদীয় নির্বাচনত জনসাধাৰণক বিজেপিৰ প্রার্থীক ভোটদান কৰিবলৈ আহ্বান জনায়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পাহাৰীয়া জিলাখনৰ বিকাশৰ বাবে আগবঢ়োৱা বৰঙণিৰ কৃতজ্ঞতা হিচাপে বিজেপি প্রার্থীক জয়যুক্ত কৰোৱাৰ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২৮টা পৰিষদীয় সমষ্টিৰ ভিতৰত ৬টা সমষ্টিত ইতিমধ্যে বিজেপি প্রার্থীয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে৷ এতিয়া নির্বাচন হ’বলগীয়া ২২টা পৰিষদীয় সমষ্টিৰ আটাইকেইটা বিজেপি প্রার্থীয়ে জয়লাভ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই ক’ৰবাত কেনেবাকৈ নির্দলীয় প্রার্থীয়ে জয়লাভ কৰিলেও বিজেপিয়ে কেতিয়াও তেওঁলোকক নলয় বুলি স্পষ্ট কৰি দিয়ে৷ ডিমা হাছাও জিলাত এতিয়ালৈ ২২ হাজাৰ পৰিয়ালে ৰেচন কার্ড লাভ কৰাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পৰিষদীয় নির্বাচন শেষ হোৱাৰ তিনি মাহৰ ভিতৰত পাহাৰীয়া জিলাখনৰ প্রতিটো পৰিয়ালক ৰেচন কার্ড প্রদান কৰিব৷ এই ৰেচন কার্ডৰ জৰিয়তে জিলাখনৰ পৰিয়ালসমূহে বিনামূলীয়া চাউল লাভ কৰাৰ লগতে বছৰি ৫ লাখ টকাপর্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব৷ পাহাৰীয়া জিলাখনৰ শিক্ষা খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে হাফলং কলেজকে ধৰি গুৱাহাটী, দিল্লী, মণিপুৰ আদিত অধ্যয়ন কৰি থকা জিলাখনৰ ছাত্র–ছাত্রীসকলক কিতাপ–পত্র ক্রয় কৰাৰ বাবে বছৰি ১০ হাজাৰ টকাকৈ জলপানি আগবঢ়াব৷ সেইদৰে পাহাৰীয়া জিলাখনৰ প্রতিগৰাকী কলেজীয়া ছাত্রীক উপহাৰ হিচাপে একোখনকৈ স্কুটী প্রদান কৰিব৷ অহা ৯ মাহৰ ভিতৰত মাহুৰত এখন কলেজ স্থাপনৰ কাম আৰম্ভ কৰিব৷ অৰুণোদয় আঁচনিৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই আজি মাহুৰ, দাউটাহাজা, বৰাইকা পৰিষদীয় সমষ্টিত নতুনকৈ এহেজাৰকৈ লোকক আৰু লাইচং, হাংৰুং আৰু জিনম পৰিষদীয় সমষ্টিত নতুনকৈ ৫০০কৈ লোকক অৰুণোদয় প্রদান কৰিব৷ গ্রামাঞ্চলৰ বাট–পথ নির্মাণৰ বাবেও মাহুৰ, দাউটাহাজা, বৰাইকা, লাইচং, হাংৰুং আৰু জিনম পৰিষদীয় সমষ্টিত ১০ কোটিকৈ টকা প্রদান কৰাৰ ঘোষণা কৰে৷ আনহাতে, স্বায়ত্ত পৰিষদখনত প্রতিনিধিত্ব নথকা জনগোষ্ঠীৰ পৰা মুঠ চাৰিজন সদস্য চৰকাৰীভাৱে মনোনীত কৰাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পূর্বতে এনেদৰে চৰকাৰীভাৱে মনোনীত সদস্যৰ সংখ্যা আছিল দুজন৷ চৰকাৰী চাকৰিৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই ভাষণত কয় যে ইতিমধ্যে ৰাজ্য চৰকাৰে এক লাখ নিবনুৱা যুৱক–যুৱতীক নিযুক্তি দিছে৷ পুনৰ ৩৫ হাজাৰ পদৰ বিজ্ঞাপন প্রকাশ পাইছে৷ পার্বত্য জনজাতিৰ বাবে ৫ শতাংশ পদ সংৰক্ষিত থকাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰী চাকৰি লাভৰ বাবে পাহাৰীয়া জিলাখনৰ ছাত্র–ছাত্রীসকলেও অধ্যয়ন কৰিব লাগে৷ পাহাৰীয়া জিলাখনৰ পৰা শিক্ষিত যুৱক–যুৱতীসকলে যাতে চাকৰি লাভ কৰিব পাৰে, তাৰ বাবে আগতীয়াকৈ প্রশিক্ষণ দিয়াৰ বাবেও চৰকাৰে পদক্ষেপ গ্রহণ কৰিব বুলি ভাষণত উল্লেখ কৰে৷ ইপিনে, ব্রিটিছৰ বিৰুদ্ধে যুঁজ দিয়া ৰাণীমাৰ প্রতিমূর্তি এটা লাইচঙত স্থাপন কৰাৰ ঘোষণা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্য চৰকাৰে গুৱাহাটীতো ৰাণীমাৰ প্রতিমূর্তি এটা স্থাপন কৰিব৷