নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰী : পাখৰিজনীয়া প্ৰাথমিক বিদ্যালয়খনে ৭৫ বৰ্ষ অতিক্ৰম কৰা উপলক্ষে পাখৰিজনীয়া গাঁওবাসীৰ উদ্যোগত বিদ্যালয়খনৰ প্ৰাংগণত ১, ২ আৰু ৩ জানুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে মহাৰজত জয়ন্তী উদ্যাপন কৰা হয় ৷ ১ জানুৱাৰীৰ কাৰ্যসূচী অনুসৰি উদ্যাপন সমিতিৰ সভাপতি ধনীৰাম ফুকনে পতাকা উত্তোলন কৰি তিনিদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ স্মৃতি তৰ্পণ কাৰ্যসূূচীৰ শুভাৰম্ভ কৰে সম্পাদিকা জুৰি গগৈয়ে ৷ সমাজসেৱক হেমধৰ ফুকনে বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত খেল-ধেমালি অনুষ্ঠিত কৰা হয় ৷ সন্ধিয়ালৈ সমূহীয়া বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পাখৰিজনীয়া গাঁৱৰ মেধি ভবেন ফুকন, মাণিক গগৈ আৰু মিলন গগৈয়ে ৷ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে সমৱেত গীত পৰিৱেশন কৰি ২ জানুৱাৰীৰ কাৰ্যসূচীৰ মঞ্চ মুকলি কৰে ৷ মহাৰজত জয়ন্তী উদ্যাপন উপলক্ষে অনুষ্ঠিত কৰা গ্ৰন্থমেলাৰ দ্বাৰ উদ্বোধন কৰে টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা শিক্ষাবিদ লক্ষীনাথ শৰ্মাই ৷ চিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে চিত্ৰশিল্পী দীপক গগৈয়ে ৷ কুটীৰ শিল্পৰ সামগ্ৰীৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে দীপাংকৰ তিনিকুৰীয়াই ৷ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি দ্বীপনজ্যোতি ফুকনৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থখন উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাহিত্যিক পেঞ্চনাৰ গুণেশ্বৰ সোণোৱালে ৷ গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজসেৱক প্ৰদীপ বৰুৱাই ৷ অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজসেৱক বিদ্যাধৰ ফুকনৰ সঞ্চালনাত এখন আলোচনা-চক্ৰ অনুষ্ঠিত কৰা হয় ৷ বৰ্তমান অসমৰ শিক্ষা ব্যৱস্থা আৰু মানৱ সম্পদ সৃষ্টিত ইয়াৰ গুৰুত্ব শীৰ্ষক বিষয়ত অনুষ্ঠিত আলোচনা-চক্ৰত অংশগ্ৰহণ কৰি বক্তব্য ৰাখে ডিব্ৰুগড়ৰ ডি এইচ এছ কে কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট লেখক ড° শশীকান্ত শইকীয়া, বিশিষ্ট সমাজকৰ্মী তথা লেখক নগেন চুতীয়া আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোঁহায়ে ৷ বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মত বিনিময় অনুষ্ঠান “প্ৰতিধ্বনি” উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী দিব্যজ্যোতি গগৈয়ে ৷ সঞ্চালনা কৰে দেৱব্ৰত ফুকনে ৷ আয়তীসকলৰ মাজত অনুষ্ঠিত দিহানাম প্ৰতিযোগিতা উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী অৰুণা বৰা হাজৰিকাই ৷ নিশালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ ৪ জানুৱাৰীৰ কাৰ্যসূচী অনুসৰি, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ সমাজকৰ্মী মৃদুল হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত বিদ্যালয়খনলৈ অৰিহণা আগবঢ়োৱাৰ লগতে সুনাম কঢ়িয়াই অনা শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক উদ্যাপন সমিতিৰ ফালৰ পৰা প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত মণিশ্বৰ ফুকন, শিক্ষক প্ৰয়াত বীণাৰাম দাস, বেণাপানী গগৈ, লম্বিত চন্দ্ৰ ফুকন, ধনেশ্বৰ গগৈক মৰণোত্তৰভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ শিক্ষক জগজীৱন গগৈ, পূৰণ চেতিয়া, মণিন্দ্ৰনাথ গগৈ, লম্বীত গগৈ, মহানন্দ গগৈ, বলেন গগৈ, অতুল চন্দ্ৰ গগৈ, হেমন্ত গগৈ, অজিত গগৈ, বিদ্যালয়খনৰ প্ৰাক্তন কৃতী ছাত্ৰ ডা: শিৱানন ফুকন, নিৰুপমা চেতিয়া, হেমন্ত ফুকন, অৰ্পণা খাকলাৰী ফুকন, প্ৰহেলিকা কোঁৱৰ আৰু কিৰণময়ী চুতীয়াক সম্বৰ্ধনা জনোৱা হয় ৷ উদ্যাপন সমিতিৰ কাৰ্যকৰী সভাপতি তিলক ফুকনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে লাহোৱাল মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতিপ্ৰসাদ দত্ত আৰু পানীতোলা শিক্ষাখণ্ডৰ মণ্ডল সমল সমন্বয়ক মনজ্যোতি চেতিয়াই ৷ সভাত সাংবাদিক দিগন্ত হাজৰিকাই অংশগ্ৰহণ কৰে৷ নিশালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ তিনিও দিনৰ কাৰ্য্যসূচীৰ আঁত ধৰে দ্বিপনজ্যোতি ফুকন আৰু তিলক ফুকনে। তিনিও দিনৰ কাৰ্যসূচীতে ৰাইজৰ উপস্থিতিত পাখৰিজনীয়া প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সফলতাৰে সামৰণি পৰে ৷
প্ৰেৰক দীপক গগৈ