টি-২০ বিশ্বকাপৰ সূচী প্ৰকাশ আইচিচিৰ
বাৰ্তা ডিজিটেল ডেস্ক, ৫ জানুৱাৰীঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ সময়সূচী ঘোষণা কৰিছে। গ্ৰুপ এত ভাৰতৰ মুখামুখি হ’ব পাকিস্তান, আমেৰিকা, কানাডা আৰু আয়াৰলেণ্ড। প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচখন আমেৰিকা আৰু কানাডাৰ মাজত অনুষ্ঠিত হ’ব। ২০২৪ চনৰ টি-২০ বিশ্বকাপত মুঠ ৫৫খন খেল অনুষ্ঠিত হ’ব। ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ ৯টা স্থানত বিশ্বকাপৰ খেল অনুষ্ঠিত হ’ব, য’ত আমেৰিকাৰ তিনিখন চহৰ নিউয়ৰ্ক চিটি, ডালাছ আৰু মিয়ামীয়ে বিশ্বকাপৰ খেল অনুষ্ঠিত কৰিব। ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ প্ৰথমখন মেচ ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিব টীম ইণ্ডিয়াই। ৯ জুনত পাকিস্তানৰ মুখামুখি হ’ব ভাৰত। ইয়াৰ বাহিৰেও ১২ জুনত আমেৰিকা আৰু ১৫ জুনত কানাডাৰ বিৰুদ্ধে ভাৰতৰ খেল অনুষ্ঠিত হ’ব। টি-২০ বিশ্বকাপৰ ছেমিফাইনেল আৰু ফাইনেল মেচ কেৱল ৱেষ্ট ইণ্ডিজতহে অনুষ্ঠিত হ’ব। ২৬ জুনত গায়ানাত অনুষ্ঠিত হ’ব প্ৰথমখন ছেমিফাইনেল মেচ। ২৭ জুনত ট্ৰিনিদাদত অনুষ্ঠিত হ’ব দ্বিতীয়খন ছেমি ফাইনেল। প্ৰতিযোগিতাখনৰ চূড়ান্ত মেচখন ২৯ জুনত বাৰ্বাডোজত অনুষ্ঠিত হ’ব।
টি-২০ বিশ্বকাপৰ চমু সূচী এনেধৰণৰ
লীগ পৰ্যায়ৰ মেচ – ১ জুনৰ পৰা ১৮ জুনলৈ।
ছুপাৰ-৮ মেচ – ১৯ৰ পৰা ২৪ জুনলৈ।
ছেমিফাইনেল মেচ – ২৬ আৰু ২৭ জুন।
ফাইনেল মেচ – ২৯ জুন।