নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাপ্যৰ দাবীত এইবাৰ মালিকৰ বিৰুদ্ধে আন্দোলন : সংবাদ মেলত ৰূপম দত্ত

বিশেষ বাৰ্তা, ৬ জানুৱাৰী : এইবাৰ মালিক সন্থাৰ বিৰুদ্ধে ৰূপম দত্তৰ হুংকাৰ- “এইবাৰ আমি মালিকৰ বিৰুদ্ধে আন্দোলন কৰিম।” নাইট ছুপাৰ সংগঠনৰ সংবাদ মেল সম্বোধন কৰি ৰূপম দত্তই কয়- হিট এণ্ড ৰান আইন বাতিলৰ দাবীত কৰা আন্দোলনলৈ মালিকসকলে কোনো সঁহাৰি নিদিলে। গতিকে এতিয়াৰে পৰা আমি মালিকৰ পৰা সকলো প্ৰাপ্য বিচাৰি আন্দোলন কৰিম। মালিক সন্থাৰ আন্দোলনৰ কাৰ্য্যসূচীতো এতিয়াৰে পৰা আমি ভাগ নলওঁ। মালিক সন্থাৰ ভূমিকাত আমি লাজ পাইছোঁ। তদুপৰি তেওঁ কয়- কালিৰ বৈঠকৰ পিছত মই মেনেজ হ’লোঁ নেকি বুলি বহুতে প্ৰশ্ন কৰিছে। কিন্তু আমি নিজৰ স্থিতিত অটল আছোঁ।

আইন সংশোধন বা বাতিল নোহোৱালৈ এই আন্দোলন চলি থাকিব। কেৱল চৰকাৰে আমাক আশ্বস্ত কৰা বাবে সাময়িকভাৱে খুলি দিয়া হৈছে। দাবী পূৰণ নহ’লে পুনৰ আন্দোলন হ’ব বুলি জনায়। তেওঁ কয়- গুলীয়াই মাৰিলেও আন্দোলন হ’বই। তেতিয়া অসমৰ পৰিস্থিতি বৰ বেয়ালৈ যাব, তাৰ বাবে আমি জগৰীয়া নহ’ম। এই আন্দোলন মেনেজ নহয় বুলি কোৱাৰ লগতে ইয়াক লৈ ৰাজনীতিকৰণো হ’বলৈ নিদিয়ে বুলি সংবাদ মেলত ব্যক্ত কৰে।

You might also like