🔹 পৰিয়ালক ক্ষতিপূৰণ-সংস্থাপনৰ বাবে চৰকাৰলৈ আবেদন
বিশেষ বাৰ্তা, ৬ জানুৱাৰী : যোৱা ৩০ ডিচেম্বৰত ধাৰাপুৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হোৱা সাংস্কৃতিক সাংবাদিক পাৰ্থজ্যোতি দাসৰ পৰিয়ালক আজি ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ তৰফৰ পৰা কিছু আৰ্থিক সাহায্য প্ৰদান কৰা হয় । প্ৰয়াত সাংবাদিকগৰাকীৰ মিৰ্জাস্থিত বাসভৱনলৈ গৈ সন্থাৰ এটি চাৰিজনীয়া প্ৰতিনিধি দলে সাংবাদিকগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এক লিখিত শোকবাৰ্তা পৰিয়ালৰ হাতত অৰ্পণ কৰাৰ লগতে সন্থাৰ সদস্যসকলৰ বৰঙণিৰে সংগৃহীত ধন ২১ হাজাৰ টকা পৰিয়ালৰ হাতত প্ৰদান কৰা হয়। সন্থাৰ প্ৰতিনিধি দলটোত আছিল উপ-সভাপতি অচ্যুত কুমাৰ পাটোৱাৰী, সাধাৰণ সম্পাদক শিৱাণু বৰা, উপ-সভাপতি গৌতম শৰ্মা আৰু বিত্ত সম্পাদক অনুপম হাজৰিকা । সন্থাৰ উপ-সভাপতি অচ্যুত কুমাৰ পাটোৱাৰীয়ে ব্যক্তিগতভাৱেও কিছু আৰ্থিক সাহায্য আগবঢ়ায় । ৰুগীয়া দেউতাকক নিয়মীয়াকৈ ঔষধ যোগান ধৰি এশ বছৰ জীয়াই ৰখাৰ সপোন দেখা পাৰ্থজ্যোতি নিজেই নাথাকিল বুলি শোকত ভাগি পৰে পৰিয়ালটি । উল্লেখযোগ্য যে পিতৃয়ে এতিয়াও পোৱা নাই নিজ পুত্ৰৰ মৃত্যুৰ বাতৰি। ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ প্ৰতিনিধি দলটোৱে পৰিয়ালটোক উপযুক্ত আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে শিক্ষিত ভনীয়েকক এটা চাকৰি দিবলৈ চৰকাৰক অনুৰোধ জনায় । ইফালে, দুৰ্ঘটনাটো সংঘটিত কৰা ডাম্পাৰখনৰ গৰাকীয়ে পৰিয়ালটোক এতিয়াও এষাৰ মাত দিবলৈ নহা কাৰ্য্যত সাংবাদিকসকলে আশ্চৰ্য প্ৰকাশ কৰে । তেওঁকো পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ দিবলৈ সন্থাই আবেদন তথা দাবী জনায় ।