🔹 টুলুঙা নাৱেৰে পঢ়াশালিলৈ আহ-যাহ কণ কণ ছাত্ৰ-ছাত্ৰীৰ
নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী : সততে উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ উদঙাই এতিয়াও ৰাজ্যৰ বহু অঞ্চলত টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা কৰি আছে গঞা ৰাইজে ৷ মৰণত শৰণ দি নদী পাৰাপাৰ হয় প্ৰতিদিনে। ঢকুৱাখনা সমষ্টিৰ এটা অঞ্চলত ছাত্ৰ- ছাত্ৰীৰ পৰা আৰম্ভ কৰি সৰ্বসাধাৰণ লোকৰ বহিঃজগতৰ সৈতে সম্পর্ক স্থাপন কৰিবলৈ একমাত্ৰ সাৰথি হৈছে এখন টুলুঙা নাও । ঢকুৱাখনা সমষ্টিৰ কেঁকুৰি পঞ্চায়তত এখন টুলুঙা নাৱেৰে বছৰ বছৰ ধৰি বিপদসংকুলভাৱে যাতায়াত কৰি আহিছে চেলাজান কছাৰীৰ সহস্ৰাধিক লোকৰ লগতে কণ কণ ছাত্র-ছাত্রীসকলে। উল্লেখ্য যে ঢকুৱাখনা সমষ্টিৰ কেঁকুৰি পঞ্চায়তৰ অন্তৰ্গত মধুপুৰ তিনিআলিৰ পৰা ভাটি কেঁকুৰি হৈ চেলাজান কছাৰী সংযোগী গুৰুত্বপূৰ্ণ পথটোৰ চেলা-চাৰিকড়ীয়া নৈৰ ওপৰত আজিলৈকে নহ’ল এখন দলং। এই নাওখনৰ ওপৰতে ভৰসা কৰি চলিছে অঞ্চলটোৰ জনজীৱন। বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰো একমাত্ৰ ভৰসা টুলুঙা নাও। নৈখনৰ উত্তৰপাৰে থকা বৃহত্তৰ চেলাজান কছাৰী আৰু তাৰ কাষৰীয়া অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে দক্ষিণ পাৰে থকা বিদ্যালয়-মহাবিদ্যালয়লৈ আহিবলৈ নিতৌ টুলুঙা নাৱত উঠি বিপদসংকুলভাৱে যাত্ৰা কৰিব লাগে। আনকি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে দৈনিক ১০ টকাকৈ ভাৰা দিব লাগে নাৱৰীয়াক। কেতিয়াবা আকৌ ঘাটত সময় মতে উপস্থিত হ’ব নোৱাৰাৰ ফলত পলমকৈ উপস্থিত হয় বিদ্যালয়ত। অঞ্চলটোৰ ৰাইজ, কৃষক, ছাত্র-ছাত্ৰী, ৰোগী সকলোৱে গাঁঠিৰ ধন ভাঙি বাৰিষা-খৰালি সকলো সময়তে এনেদৰে বিপদসংকুলভাৱে যাতায়াত কৰি আহিছে। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ যুগতো এইদৰে টুলুঙা নাৱেৰে যাতায়াত কৰিব লগা হোৱা কাৰ্যক সকলোৱে এতিয়া একমুখে ধিক্কাৰ দিছে।মন কৰিবলগীয়া কথা যে বছৰ বছৰ ধৰি এইদৰে যমৰ যাতনা ভোগ কৰি অহা অঞ্চলবাসীৰ বাবে এনেধৰণৰ যাতায়াত ব্যৱস্থা কিমান ভয়াৱহ হ’ব পাৰে, সেয়া সকলোৰে জ্ঞাত। ইফালে, জানিব পৰা মতে, এইদৰে বিপদজ্জনকভাৱে যত্ৰা কৰাৰ ফলত বহুবাৰ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী নাৱৰ পৰা পৰি দুৰ্ঘটনাগ্ৰস্ত হৈছে। অৱশ্যে অভিজ্ঞ নাৱৰীয়া তথা স্থানীয় ৰাইজৰ তৎপৰতাত প্ৰতিবাৰেই নৈত পৰা ছাত্ৰ-ছাত্ৰীক মৃত্যুমুখৰ পৰা উদ্ধাৰ কৰা হৈছে। কিন্তু ইয়াৰ পিছতো কাণসাৰ নাই বিধায়ক কিম্বা চৰকাৰৰ। নিৰ্বাচনৰ সময়ত জনসাধাৰণক চেলা-চাৰিকড়ীয়া নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্রুতি দিয়ে যদিও নিৰ্বাচনত জয়ী হোৱাৰ পিছতে বৃহত্তৰ অঞ্চলটোৰ স্পৰ্শকাতৰ তথা গুৰুত্বপূৰ্ণ সমস্যাটোৰ প্ৰতি পিঠি দি আহিছে জনপ্রতিনিধিসকলে।সেয়েহে সংবাদ মাধ্যমৰ যোগেদি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত ব্যৱস্থা গ্রহণ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে অঞ্চলটোৰ কণ কণ ছাত্র-ছাত্রীসকলে। অতি সোনকালে ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত মধুপুৰ-চেলাজান কছাৰী সংযোগী গুৰুত্বপূৰ্ণ পথটোৰ চেলা-চাৰিকড়ীয়া নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সুবিধা কৰি দিবলৈ ছাত্র-ছাত্রীসকলে আহ্বান জনোৱাৰ পিছত এই ক্ষেত্রত বিভাগে কেনে ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব।
প্ৰেৰক পুলকজ্যোতি বৰা