🔹 শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ ৮৩সংখ্যক বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি
নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী : সহস্ৰাধিক ভকত-বৈষ্ণৱৰ উপস্থিতিৰে বৈকুণ্ঠ ধামত পৰিণত হৈছে ঘিলামৰাৰ শংকৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰ আৰু আঞ্চলিক নামঘৰৰ প্ৰাংগণ । ঘিলামৰাৰ বিভিন্ন জাতি-জনগোষ্ঠী, বৰ্ণ নিৰ্বিশেষে সহস্ৰাধিক ভকত-বৈষ্ণৱৰ আগমনেৰে শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে ঘিলামৰা আঞ্চলিক শাখাৰ আতিথ্যত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ ৮৩সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি সামৰণি পৰে। দেওবাৰে পুৱাৰ ভাগত সেৱা বাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰণৰ পিছতেই ৮ বজাত ধর্মধ্বজা উত্তোলন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ সভাপতি টংকশ্বৰ গগৈয়ে। ইয়াৰ পিছতে অধিৱেশনস্থলীৰ পৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। ধেমাজি জিলা শাখাৰ প্ৰচাৰ সভাপতি হৰিপদ দাসে উদ্বোধন কৰা এই বিশাল শোভাযাত্রাত মহাপুৰুষীয়া কৃষ্টি-সংস্কৃতিৰ লগতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰা হয়। ঘিলামৰা নগৰৰ মুখ্য পথসমূহেৰে এই ভাগৱত শোভাযাত্ৰাই পৰিভ্ৰমণ কৰে। ভাগৱত শোভাযাত্ৰাৰ গায়ন-বায়ন, আয়তীৰ নামৰ ধ্বনিৰে মুখৰিত হয় সমগ্ৰ ঘিলামৰাৰ আকাশ-বতাহ।
দুপৰীয়া বাৰ্ষিক অধিৱেশনৰ সৈতে সংগতি ৰাখি উৎপল ফুকনৰ সম্পাদনাত প্ৰকাশ পোৱা স্মৃতিগ্ৰন্থ ‘গুণনিধি’ উন্মোচন কৰে ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ৰজনী বৰুৱাই। দুপৰীয়া অনুষ্ঠিত হয় মুকলি সভা। শ্ৰীমন্ত শংকৰদেৱ সংঘ ধেমাজি জিলা শাখাৰ সভাপতি টংকশ্বৰ গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সদস্য জয়ন্ত শইকীয়াই।সভাখনত শ্ৰীমন্ত শংকৰদেৱ শংঘৰ উপ-পদাধিকাৰ চক্ৰধৰ সোণোৱালে মুখ্য অতিথি হিচাপে উপস্থিত থাকি মহাপুৰুষ দুয়োজনাৰ জীৱন আদৰ্শৰ লগতে শ্ৰীমন্ত শংকৰ সংঘৰ নীতি-আদৰ্শৰ বিশ্লেষণ কৰে। সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাংস্কৃতিক শাখাৰ প্ৰাক্তন সভাপতি ডাঃ নৱকৃষ্ণ ৰাজখোৱাই। সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ কেইবাজনো বিষয়ববীয়াই বিশিষ্ট অতিথিৰূপে ভাষণ দিয়ে। ইয়াৰ আগতে শনিবাৰে নামাচাৰ্য কবিন্দ্ৰ বৰুৱাৰ প্ৰাতঃপ্ৰসংগেৰে আৰম্ভ হোৱা প্ৰথম দিনৰ পুৱাতেই সমাপন হয় গছপুলি ৰোপণ, ভোজনালয়ৰ দ্বাৰ উন্মোচন আৰু প্ৰতিনিধি সভাকক্ষৰ দ্বাৰ উন্মোচনৰ কাৰ্যসূচী। দুপৰীয়া ভাগত অনুষ্ঠিত হয় শিশু, আই-মাতৃ কল্যাণ সমিতিৰ সাধাৰণ পৰিষদৰ সভা, সাহিত্য সন্মিলন, সাংস্কৃতিক সন্মিলন আৰু প্ৰতিনিধি সভা। উল্লেখ্য যে দুয়োটা দিনতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বহুসংখ্যক ভক্ত তথা শিল্পীয়ে শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট অনুপম তথা চিৰসুন্দৰ সংস্কৃতিৰ ৰূপৰেখা পৰিৱেশনত অন্য এক মনোমোহা পৰিৱেশৰ সৃষ্টি হয় ঘিলামৰাত। বিয়লিলৈ পতাকা অৱনমন কৰাৰ লগে লগে দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰ সফল সামৰণি পৰে।
প্ৰেৰক পুলকজ্যোতি বৰা