নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মোদীৰ দূৰদৰ্শী নেতৃত্বৰ বাবেই ক্রীড়া ক্ষেত্ৰত নাৰীশক্তিৰ নিৰৱচ্ছিন্ন উত্থান’

🔹 ডিব্ৰুগড়ত ‘খেল’ ইণ্ডিয়া মহিলা কিক-বক্সিং লীগ’ত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

বিশেষ বাৰ্তা,  ৭ জানুৱাৰী : ডিব্ৰুগড়ত অনুষ্ঠিত “খেল’ ইণ্ডিয়া মহিলা কিক-বক্সিং লীগ”ত আজি উজ্জীৱিত খেলুৱৈসকলক লগ পাই আপ্লুত হয় কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল।ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত অনুষ্ঠিত হোৱা মুকলি ৰাষ্ট্ৰীয় মহিলা কিক-বক্সিং প্ৰতিযোগিতাখনিৰ মুখ্য অতিথি হিচাপে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত শুভ উদ্বোধন কৰা হয়। আজিৰ অনুষ্ঠানত খেলসমূহ উপভোগ কৰাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে খেলুৱৈসকলৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকক অভিনন্দন আৰু শুভেচ্ছা জনাই উৎসাহিত কৰে। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ভাষণ প্রসংগত কয়- “সমগ্ৰ ভাৰতত এতিয়া খেলৰ এক শক্তিশালী আৰু উজ্জীৱিত বাতাৱৰণৰ সৃষ্টি হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শাসনভাৰ লোৱাৰ পৰাই দেশৰ ক্রীড়াক্ষেত্রখনে যথেষ্ট গতিশীলতা লাভ কৰিছে। অলিম্পিক, এছিয়ান গেমছ, বিশ্ব চেম্পিয়নশ্বিপকে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত ভাৰতৰ খেলুৱৈসকলৰ প্ৰদৰ্শন অধিক শক্তিশালী হৈছে আৰু পদক তালিকাতো ভাৰতৰ সুনাম বৃদ্ধি পাইছে। খেল’ ইণ্ডিয়া, টার্গেট অলিম্পিক প’ডিয়াম, ফিট ইণ্ডিয়া আদি বিভিন্ন দূৰদৰ্শী ক্রীড়া পদক্ষেপৰ জৰিয়তে ত্বৰান্বিত কৰা হৈছে ক্রীড়া পৰিৱেশ। এতিয়া দেশৰ সকলো প্ৰান্তৰ, ভিতৰুৱা অঞ্চলৰ ল’ৰা-ছোৱালীয়েও তেওঁলোকৰ প্ৰতিভা আৰু পাৰদৰ্শিতা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে। খেল’ ইণ্ডিয়া মহিলা কিক-বক্সিং লীগতো খেলুৱৈসকলৰ অদম্য মনোবল, খেলুৱৈসুলভ স্পৃহা আৰু দুৰন্ত প্ৰদৰ্শনে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত দেশজুৰি সূচনা হোৱা ক্রীড়াৰ অনন্য পৰিৱেশক প্ৰতিফলিত কৰিছে। ক্রীড়াক্ষেত্ৰত নাৰীশক্তিৰ নিৰৱচ্ছিন্ন উত্থানে অগণন ছোৱালীক খেল জগতত ন-উদ্যমেৰে মনোনিৱেশ কৰিবলৈ উদ্বুদ্ধ কৰিছে। খেলে খেলুৱৈসকলৰ লগতে দেশক এক অনন্য পৰিচয় দিছে  বুলি মত প্ৰকাশ কৰি সোণোৱালে কয় যে বিগত ২০১৬ চনৰ পৰাই অসমৰ ক্ৰীড়া জগতকো যথেষ্ট শক্তিশালী কৰি তোলা হৈছে। যাৰ ফলত ৰাজ্যখনৰ পৰা সৃষ্টি হৈছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় মানৰ বহু নতুন নতুন খেলুৱৈ। বিভিন্ন প্রকল্পৰে ক্রীড়া আন্তঃগাঁথনি নির্মাণতো গুৰুত্ব আৰোপ কৰিছে বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰে। সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ক্ৰীড়াৰ এনে এক অনুকূল বাতাৱৰণ গঢ়ি উঠাৰ সময়ত খেলুৱৈসকলক কঠোৰ পৰিশ্ৰম তথা আত্মবিশ্বাসেৰে আগুৱাই আহিবলৈ আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুকলি ৰাষ্ট্ৰীয় মহিলা কিক-বক্সিং প্ৰতিযোগিতাখনিত উদযাপন সমিতিৰ সভাপতি উজ্জ্বল ফুকনে খেলো ইণ্ডিয়া মহিলা কিক-বক্সিং লীগৰ পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি কিশোৰ বৰাই প্ৰতিযোগিতাৰ মণ্ডপ মুকলি কৰে। মুকলি ৰাষ্ট্ৰীয় মহিলা কিক-বক্সিং প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিবৰ বাবে ৰাজ্যৰ ১৯খন জিলাৰ পৰা প্ৰায় ৪০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। আনহাতে, প্ৰতিযোগিতাখনিত বিহাৰ, ঝাৰখণ্ড, ওড়িশা, নাগালেণ্ড আৰু মণিপুৰৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাসমূহ ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনৰ তত্ত্বাৱধানত ৱাক ইণ্ডিয়া নিয়ম অনুযায়ী পইণ্ট ফাইভ, কিক লাইট, লাইট কনটেক্ট, মিউজিকেল ফৰ্ম, ল কিক, কে ৱান ষ্টাইল, ফুল কনটেক্ট শাখাত অনুষ্ঠিত হয়। উদযাপন সমিতিৰ সাধাৰণ সম্পাদক জোন তালুকদাৰে চলি থকা প্ৰতিযোগিতাখনিৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহযোগত সফল সমাপ্তিৰ আশা প্ৰকাশ কৰিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like