উটি আহিছে চিমেণ্ট, আকৌ পাছিঘাটত ঘোলা চিয়াঙৰ পানী
নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ পুনৰ ঘোলা হৈছে চিয়াঙৰ পানী৷ অসম–ৰুণাচল প্রদেশৰ সীমান্তৱর্তী পাছিঘাটত নদীখনৰ পানী সম্প্রতি ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে৷ পানীৰ তলত অহর্নিশে উটি আহিছে চিমেণ্টজাতীয় পদার্থ৷ জলপৃষ্ঠৰ এনে অস্বাভাৱিক পৰিৱর্তনে নদীখনত বাস কৰা জীৱকুলৰ প্রতি অশনি সংকেত কঢ়িয়াই আনিছে৷ উল্লেখ্য যে তিব্বতৰ পৰা অৰুণাচল প্রদেশৰ মাজেৰে বৈ অহা চিয়াং নদী অসমত ব্রহ্মপুত্র হিচাপে পৰিচিত৷ অসমৰ জাতীয় জীৱনৰ আয়ুসৰেখাস্বৰূপ ব্রহ্মপুত্রৰ উজনি অংশত দেখা দিয়া মাত্রাধিক প্রদূষণে স্থানীয় ৰাইজৰ লগতে বিশেষজ্ঞসকলকো চিন্তিত কৰি তুলিছে৷ দুবছৰ পূর্বেও নদীখনৰ পানী এইদৰে হঠাৎ ঘোলা আৰু দূষিত হৈ পৰিছিল৷ বৃদ্ধি পাইছিল চিয়াং নদীৰ জলপৃষ্ঠ৷ যাৰ বাবে অৰুণাচল প্রদেশৰ পূব চিয়াং জিলা আবতৰীয়া বানৰো সন্মুখীন হ’বলগীয়া হৈছিল৷ এতিয়া আকৌ পূর্বৰ পৰিস্থিতি উদ্ভৱ হোৱাত অৰুণাচল প্রদেশ চৰকাৰে বিষয়টোক যথেষ্ট গুৰুত্বসহকাৰে লৈছে৷ আনহাতে, বিশেষজ্ঞসকলে এনে অস্বাভাৱিক পৰিৱর্তন সন্দর্ভত বিভিন্ন সন্দেহ ব্যক্ত কৰিছে৷ সন্দেহ কৰা হৈছে যে চীন অধ্যুষিত তিব্বতৰ যি অঞ্চলৰ পৰা ব্রহ্মপুত্রৰ উৎপত্তি হৈছে, উক্ত স্থানত নদীৰ বুকুত চীনে নির্মাণকার্য চলাই আছে৷ যাৰ বাবে নদীখনৰ পানী এইদৰে প্রদূষিত হৈ পৰিছে৷ চীনে নদীখনৰ পানীৰ সোঁত আন দিশে ঢ়াল খুৱাবলৈ চেষ্টা চলোৱাৰ খবৰো এতিয়া ব্যাপক ৰূপত চর্চিত হৈছে৷ তদুপৰি তিব্বতত চিয়াং নদীত হোৱা ব্যাপক ভূমিস্খলনৰ ফলত জলধাৰা প্রদূষিত হোৱা বুলিও বিভিন্ন মহলে সম্ভাৱনা ব্যক্ত কৰিছে৷ সংবাদ মাধ্যমৰ খবৰ অনুসৰি তিব্বত অঞ্চলত চীনে এটা বৃহৎ বান্ধৰ নির্মাণ অব্যাহত ৰাখিছে৷ ৰিজার্ভাৰৰ পানী দ্রুতগতিত নামি আহিলেই পানীৰ ধলে চিয়াঙত ভূমিস্খলনৰ সূচনা কৰে৷ এফালে চিয়াঙৰ ঘোলা পানী আৰু আনফালে চিয়াঙৰ উৎপত্তিস্থলত চীনৰ নির্মাণকার্যৰ খবৰে নদীখনৰ পাৰত বসবাস কৰা জনসাধাৰণক আতংকিত কৰি তুলিছে৷ কেৱল সেয়াই নহয়, চিয়াং অর্থাৎ ব্রহ্মপুত্রৰ বুকুয়েদি দীঘলীয়া সময়ৰ বাবে এনেদৰে প্রদূষিত পানী প্রৱহমান হ’লে জীৱকুলৰ প্রতি ভয়াৱহ ভাবুকি আহি পৰিব৷ তদুপৰি পাৰিপার্শ্বিকতাৰ বাবেও চিয়াঙৰ প্রদূষণ বিপজ্জনক হৈ উঠিব পাৰে৷ অসমৰ ডিব্রুগড়পর্যন্ত ইয়াৰ বিৰূপ প্রভাৱ পৰিব পাৰে৷ এনে পৰিস্থিতিত অৰুণাচল প্রদেশ চৰকাৰে কেন্দ্রীয় চৰকাৰৰ প্রতিনিধিক শীঘ্রে চীন ভ্রমণ কৰি বাস্তৱ পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান জনাইছে৷ ইতিমধ্যে চুবুৰীয়া ৰাজ্যখনৰ পূব চিয়াং জিলাত ব্যাপক হাৰত ভূমিস্খলন হ’বলৈ আৰম্ভ কৰিছে৷ জিলাখনৰ দুর্যোগ প্রশমন বিভাগৰ বিষয়াই আজি পাছিঘাটত চিয়াঙৰ পানী পৰিদর্শন কৰে৷ তেওঁ পূর্বৰ দৰেই নদীখনৰ পানী ঘোলা হৈ পৰাৰ তথ্য নিশ্চিত কৰিছে৷ নদীৰ জলপৃষ্ঠৰ অস্বাভাৱিক পৰিৱর্তনে পাছিঘাটৰ লগতে জোনাইৰ কেইবাটাও চাপৰিত বসবাস কৰি থকা লোকসকলক চিন্তাত পেলাইছে৷ কিন্তু অদ্যাপি কেন্দ্রীয় চৰকাৰৰ কোনো এটা সংস্থা বা ব্রহ্মপুত্র ব’র্ডে বিষয়টোক গুৰুত্বসহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন হৈছে৷