নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছক তুলাধুনা দি দলত্যাগ অপূর্ব ভট্টচার্যৰ

🔹 ‘য’ত মান নাই, সেই স্থান ত্যাগ কৰিলোঁ’
🔹 ‘প্রদেশ কংগ্রেছৰ সভাপতি হিচাপে ভূপেন বৰাৰ নাই কোনো ক্ষমতা’
🔹 ‘ঘৰৰ ল’ৰা ঘৰলৈ ওভতাৰ প্রস্তুতি’ 

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ জানুৱাৰী : সুদীর্ঘ ১০ বছৰ সময়ত কংগ্রেছ দলত থকাৰ পাছত ঘৰলৈ উভতি যোৱাৰ মন মেলিছে এসময়ৰ জাতীয়তাবাদী নেতা অপূর্ব কুমাৰ ভট্টাচার্যই৷ শেহতীয়াকৈ প্রদেশ কংগ্রেছৰ নির্বাচন কমিটীত স্থান লাভ নকৰি ক্ষুব্ধ হৈ পৰা অপূর্ব ভট্টচার্যই আজি আনুষ্ঠানিকভাৱে কংগ্রেছ দল ত্যাগ কৰিলে৷ সোঁতৰ বিপৰীতে গৈ কংগ্রেছত যোগদান কৰা অপূর্ব ভট্টাচার্যই পদত্যাগ কৰিয়েই আজি সৰৱ হৈ পৰিল কংগ্রেছ নেতৃত্বৰ বিৰুদ্ধে৷ ভট্টাচার্যৰ মন্তব্য– প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ একো ক্ষমতা নাই৷ দিল্লীৰ পৰা অহা নেতাইহে সকলো সিদ্ধান্ত গ্রহণ কৰে৷ দৰাচলতে দিল্লীৰ নেতাই কংগ্রেছ দলক এই বিধ্বস্ত পর্যায়লৈ নমাই আনিছে৷ দিছপুৰ প্রেছ ক্লাবত আজি এখন সংবাদ মেল সম্বোধন কৰি অপূর্ব ভট্টাচার্যই তেওঁৰ পদত্যাগৰ কাৰণ হিচাপে মুখ্যতঃ চাৰিটা দিশ উল্লেখ কৰিলে৷ প্রদেশ কংগ্রেছ নেতৃত্বলৈ প্রেৰণ কৰা তেওঁৰ পদত্যাগ পত্রত দলটোত চলি থকা অন্তঃকন্দলক মুখ্য কাৰণ হিচাপে আঙুলিয়াই যোগ্য ব্যক্তিক দলত সঠিক সন্মান নিদিয়াৰো অভিযোগ তোলে৷ আনহাতে, দিল্লীৰ নেতা আহি অসমৰ কংগ্রেছক ভাগ ভাগ কৰা বুলি অভিযোগ তোলাৰ লগতে পদত্যাগ পত্রত ডিমা হাছাও নির্বাচনত দলটোৱে দেখুওৱা অমনোযোগিতাৰ বাবেও দলটোৰ ভৱিষ্যৎ নাই বুলি উল্লেখ কৰিছে৷ অপূর্ব ভট্টাচার্যৰ অভিযোগ– ২০১৩ চনৰ ৩১ জুলাইত কংগ্রেছ দলত যোগদানৰ পাছত চাৰিটাকৈ নির্বাচনত প্রার্থিত্ব বিচৰাৰ পাছতো তেওঁক প্রার্থিত্ব প্রদান কৰা নহ’ল৷ তেওঁ কয়– ২০২১ চনত তেজপুৰ সদৰ সমষ্টিৰ পৰা প্রার্থিত্ব বিচৰাৰ পাছতো গুৰুত্ব নিদিলে নেতৃত্বই৷ ইমানৰ পাছতো দলৰ নীতি-নিয়ম অনুকৰণ কৰি বিগত ১০ বছৰ দলে দিয়া দায়িত্ব পালন কৰি আহিছিলোঁ৷ তাৰ পাছতো দলে মোক যথোচিত সন্মান নিদিলে৷ জ্ঞানী লোকে কয় যে য’ত মান নাই, সেই স্থান ত্যাগ কৰিব লাগে৷ সেই প্রবাদ মানিয়েই মই কংগ্রেছ দলৰ সৈতে সম্পর্ক ছেদ কৰিবলৈ বাধ্য হ’লোঁ৷ আনহাতে, সদ্যসমাপ্ত ডিমা হাছাও নির্বাচনত জিলা কংগ্রেছ কমিটীৰ তত্ত্বাৱধায়ক হিচাপে এমাহ ধৰি পাহাৰীয়া জিলাখনত নির্বাচনৰ প্রস্তুতি চলাইছিলোঁ৷ কিন্তু দুর্ভাগ্যৰ কথা, এই নির্বাচনত প্রদেশ কংগ্রেছৰ সভাপতিয়ে প্রচাৰ চলোৱাৰ বাহিৰে বাকী নেতাসকলে কোনো গুৰুত্বই নিদিলে৷ ইফালে, কংগ্রেছ ত্যাগ কৰাৰ পাছত অপূর্ব ভট্টাচার্যৰ পৰৱর্তী ৰাজনৈতিক ঠিকনা কি হ’ব সেই সন্দর্ভত উত্থাপিত প্রশ্ণ সন্দর্ভত আজি নেতাজনে কয় যে ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি যোৱাৰ বাবে এক আহ্বান আহিছে৷ ঘৰ এৰি অহাৰ সময়ত বর্তমানৰ নেতৃত্ব নাছিল৷ এতিয়া নেতৃত্ব সলনি হ’ল৷ সম্ভৱতঃ সেই স্থানলৈ উভতি যোৱাটোৱেই হ’বগৈ৷ উল্লেখ্য যে প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈৰ আহ্বানমর্মে কংগ্রেছত যোগদান কৰা অপূর্ব ভট্টাচার্যই অগপৰো নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি দল ত্যাগ কৰিছিল৷ বর্তমান অগপৰ নেতৃত্ব সলনি হোৱা হেতুকে পুনৰ আঞ্চলিক দলটোক আঁকোৱালি লোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে এসময়ৰ জাতীয়তাবাদী নেতাজনে৷

You might also like