নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰী : নগাঁৱৰ চামগুৰিত আজি ভোগালী বিহুৰ দিনাই আকাশলে’ চাই নামৰ এটি গীতৰ ভিডিঅ’ উন্মোচন কৰা হয়৷ বিশিষ্ট সুৰকাৰ-গীতিকাৰ ৰাজেন বৰাই উন্মোচন কৰা উক্ত গীতৰ ভিডিঅ’টোত কণ্ঠ নিগৰাইছে সুকণ্ঠী গায়িকা মনি হাজৰিকাই৷ গীতটিৰ কথা-সুৰ দিজেন্দ্ৰ কোঁৱৰৰ৷ সংগীতেৰে সজাইছে ৰঞ্জন গোহাঁইয়ে৷ অভিনয় কৰিছে নৱাগত দেৱজিৎ বৰা আৰু লিছা গায়নে৷ ভিডিঅ’টিৰ প্ৰযোজনা কৰিছে জয়ন্ত বৰাই ৷ নৃপেন হাজৰিকাই (মিন্টু) পৰিকল্পনা, ডাবিং, মিক্স এণ্ড মাষ্টাৰিং আৰু সম্পাদনাৰ লগতে ডি,অ,পি, কৰা ভিডিঅ’টো নগাঁও জিলাৰ বিভিন্ন মনোৰম লোকেচনত দৃশ্যগ্ৰহণ কৰা হয়৷ কেমেৰা সহযোগীতা কৰিছে চাজুয়ে ৷সাংস্কৃতিক কৰ্মী নৃপেন হাজৰিকাই (মিন্টু) আঁতধৰা আজিৰ এই উন্মোচনী অনুষ্ঠানটোত উন্মচোক হিচাপে বিশিষ্ট সুৰকাৰ-গীতিকাৰ ৰাজেন বৰাই কয় যে আজিৰ এই দিনটো চামগুৰিৰ বাবে উল্লেখ্য যোগ্য। চামগুৰিৰ হাজৰিকা অডিঅ’-ভিডিঅ’ স্টুডিঅ’ত উন্মোচন কৰা গীতৰ ভিডিঅ’ অনুষ্ঠানটোত কেইবাগৰাকী সাংস্কৃতিক শিল্পীয়ে বক্তব্য আগবঢ়োৱাৰ লগতে অনাগত দিনত গায়িকা গৰাকীৰ পৰা আৰু এনেধৰণৰ অধিক সুন্দৰ গীতৰ অডিঅ’-ভিডিঅ’ ৰাইজৰ মাজলৈ আগবঢ়াই দিব বুলি কামনা কৰে৷ উক্ত উন্মোচনী অনুষ্ঠানটোত বিশিষ্ট নাট্যকাৰ, অভিনেতা ৰমেন হাজৰিকা, প্ৰধান শিক্ষক প্ৰদীপ বৰা, চামগুৰি মহাবিদ্যালয়ৰ প্ৰৱক্তা কামেশ্বৰ ডেকা, নামঘৰীয়া হৰেন হাজৰিকা, অভিনেতা দেৱজিৎ বৰা, বাণী মুক্তিয়াৰ, কুমুদ হাজৰিকা জয়ন্ত বৰাকে আদি কৰি কেইবাগৰাকী সংগীত শিল্পীৰ লগতে গন্যমান্য ব্যক্তি সকল উপস্থিত থাকে ৷
প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা