নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত বৰপেটা জিলা সাহিত্য সভাৰ জ্যোতি দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে পাঠশালাতো আজি শিল্পী দিৱস পালন কৰা হয়৷ বৰপেটা জিলা সাহিত্য সভাৰ উদ্যোগত তথা উত্তৰ বজালী সাহিত্য সভা, মুগুৰীয়াৰ সহযোগত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৫সংখ্যক মৃত্যু তিথি আজি উত্তৰ বজালী সাহিত্য সভাৰ কাৰ্যালয়ত উদযাপন কৰা হয়। অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে, বন্তি প্রজ্জ্বলন আৰু জ্যোতি তর্পণ কৰে উত্তৰ বজালী সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট লেখক প্রমোদ শর্মাই। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্য সাহিত্যৰ ওপৰত এখন আলোচনা চক্র অনুষ্ঠিত হয়। বৰপেটা জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক অতুল কলিতাই আঁত ধৰা অনুষ্ঠানটোত আলোচক হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে সাহিত্যিক-পেঞ্চনাৰ ধীৰেন্দ্ৰনাথ তালুকদাৰ, পাঠশালা সাহিত্য সভাৰ উপ-সভাপতি মনোমোহন শৰ্মা আৰু বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰামকৃষ্ণ তালুকদাৰে৷ সভাত আজি ঘোষিত এই বৰ্ষৰ শিল্পী পেঞ্চন প্রাপক, আজীৱন শিল্পী পাঠশালাৰ মুগুৰীয়া নিৱাসী ৰজনী পাটগিৰিক সম্বৰ্দ্ধনা জনোৱা হয়। জ্যেতি সংগীত পৰিৱেশন আৰু কবিতা আবৃত্তিৰে মুখৰিত সভাখনত শলাগৰ শৰাই আগবঢ়ায় উত্তৰ বজালী সাহিত্য সভাৰ সম্পাদক ৰঞ্জিত কাকতিয়ে৷ ইয়াৰ পিছতে জাতীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ অন্ত পৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like