নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা আৰম্ভ ঐতিহ্যমণ্ডিত হাৰিভাংগা সভা মহোৎসৱ

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ সমন্বয় আৰু ভাতৃত্ববোধৰ বাৰ্তা কঢ়িয়াই আজিৰে পৰা আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত ১৪১সংখ্যক হাৰিভাংগা সভা মহোৎসৱ। ২১ জানুৱাৰীলৈ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হাৰিভাংগাৰ শ্ৰীশ্ৰীকলীয়া গোসাঁই মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈছে এই সভা মহোৎসৱ। হাৰিভাংগা গ্ৰামোন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত এই সভা মহোৎসৱৰ কাৰ্যসূচী অনুসৰি আজি পুৱা হাৰিভাংগা গ্ৰামোন্নয়ন সমিতিৰ সভাপতি হৰেন্দ্ৰ নাথ হালৈয়ে পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে। ইয়াৰ পাছতে বন্তি প্ৰজ্বলন, মাল্যাৰ্পন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিয়লি সভা মহোৎসৱৰ কাৰ্যালয় মুকলি কৰাৰ পাছতে বন্তি প্ৰজ্বলন কৰা হয়। সন্ধিয়া সভা মহোৎসৱৰ আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে বিশিষ্ট চিকিৎসক ডাঃ ভূতনাথ কলিতাই । উদ্ধোধনী আৰু সম্বৰ্ধনা সভাত নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকা ,ডাঃ দীপাংকৰ বৰুৱা প্ৰমুখ্যে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। নিশা অনুষ্ঠিত হয় বিশেষ সাংস্কৃতিক অনুষ্ঠান। উল্লেখ্য যে আজি পুৱা সভাস্হলীত শিল্পী দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ’য়। ১৮ জানুৱাৰীত মূখ্যত পুৱাৰ ভাগত ভাগৱত পাঠৰ লগতে সভাৰ পবিত্ৰ হোম অনুষ্ঠিত হ’ব। বিয়লি ঢুলীয়া প্ৰদৰ্শন কৰাৰ লগতে নিশা নাট্যভিনয় অনুষ্ঠিত হ’ব ।১৯ জানুৱাৰীৰ পুৱাৰ ভাগত ধৰ্মীয় অনুষ্ঠানৰ লগতে গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হ’ব । বিয়লি ঢুলীয়া প্ৰদৰ্শনৰ পিছত সন্ধিয়া নাম কীৰ্তন আৰু নিশা নাট্যভিনয় অনুষ্ঠিত হ’ব। ২০ জানুৱাৰীৰ পুৱা ধৰ্মীয় অনুষ্ঠানৰ লগতে অনুষ্ঠিত হব অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা। আবেলি ঢুলীয়া প‌দৰ্শনৰ পাছত ,সন্ধিয়া ক্ৰমে নাম কীৰ্তন আৰু নিশা নাট্যাভিনয় অনুষ্ঠিত হব। ২১ জানুৱাৰীৰ পুৱা ভাগৱত পাঠৰ লগতে মহিলাৰ নাম আৰু বিয়া নাম প্ৰতিযোগিতা দলীয় ভিত্তিত অনুষ্ঠিত হ’ব। বিয়লি ঢুলীয়া প্ৰদৰ্শনৰ লগতে নাম প্ৰসংগ কৰি মহাপ্ৰভু কলীয়া গোসাঁইৰ বিগ্ৰহ সভাস্হলীৰ পৰা মূল মন্দিৰত স্থাপন কৰা হ’ব। আনপিনে সিদিনা নিশা আঠ বজাত সৃজনীমূলক অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ষষ্ঠ শ্ৰেণীৰ ওপৰৰ প্ৰতিযোগীয়ে এই নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহন কৰিব পাৰিব। উল্লেখ্য যে সভা মহোৎসৱ উপলক্ষে থলুৱা লোক কলা কৃষ্টি প্ৰদৰ্শন কৰাৰ লগতে ৰাজ্যৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্যদল কহিনুৰ থিয়েটাৰে কাইলৈ ১৮ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ নাট প্ৰদৰ্শন কৰিব | ইয়াৰ উপৰিও সভাস্হলীত অনুষ্ঠিত হোৱা লগা বাণিজ্য মেলাত ৰাজ্যৰ সৰু বৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিপনী মুকলি কৰা হৈছে | সভা মহোৎসৱৰ কেউদিনৰ কাৰ্যসূচীত সকলো স্তৰৰ ৰাইজৰ অংশগ্ৰহন তথা সহযোগিতা উদ্যোক্তা হাৰিভাংগা গ্ৰামোন্নয়ন সমিতিৰ সম্পাদক সৰ্বানন্দ কলিতাই শ্ৰদ্ধাৰে কামনা কৰিছে |

প্ৰেৰক গুণজিৎ কলিতা

You might also like