নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰমাণ-পত্ৰৰ নামত ধন সংগ্ৰহ মানকাচৰৰ ফুলেৰচৰৰ গাঁওপ্ৰধানৰ

নিয়মীয়া বাৰ্তা, ১৮জানুৱাৰী : দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পিছতো ৰাজ্যখনৰ বিভিন্ন জিলাত বিভিন্ন বিভাগত দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলাই বহু বিষয়া-কৰ্মচাৰীক জে’ল হাজোতলৈ প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ পিছতো ঘোচখোৰ একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশক অংগুষ্ঠ দেখুৱাই সৰ্বসাধাৰণ ৰাইজৰ পৰা বিভিন্ন কামৰ বাবদ উৎকোচ লোৱাটো এক নিয়মত পৰিণত হৈছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ ফুলেৰচৰৰ গাঁওপ্ৰধানে প্ৰমাণ-পত্ৰ দিয়াৰ নামত ৰাইজৰ পৰা ধন সংগ্ৰহ কৰা ঘটনাই সমগ্ৰ জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ধন লোৱাৰ দৃশ্য গোপন কেমেৰাত বন্দী কৰিছে ভুক্তভোগী এগৰাকী ব্যক্তিয়ে। মানকাচৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ফুলেৰচৰ দ্বিতীয় খণ্ডৰ ১১ নং লাটৰ গাঁওপ্ৰধান ছাইদুল হকক ধন নিদিলে প্ৰমাণ-পত্ৰ নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। কেমেৰাত বন্দী কৰা ভিডিঅ’ অনুসৰি গাঁওপ্ৰধান ছাইদুল হকে এজন ব্যক্তিক প্ৰমাণ-পত্ৰ হাতত দিছিল যদিও ব্যক্তিজনে গাঁওপ্ৰধানক ধন নিদিয়াকত পুনৰ ব্যক্তিজনৰ পৰা প্ৰমাণ-পত্ৰখন কাঢ়ি ল। পিছত ব্যক্তিজনে টকা দিয়াতহে গাঁওপ্ৰধানজনে ব্যক্তিজনক প্ৰমাণ-পত্ৰ হাতত দিয়ে। আয়ৰ প্ৰমাণ-পত্ৰ দিয়াৰ নামত আন এজন ব্যক্তিৰ পৰা মুকলিকৈ ধন সংগ্ৰহ কৰে গাঁওপ্ৰধান ছাইদুল হকে। মুঠৰ ওপৰত টকা নিদিলে প্ৰমাণ-পত্ৰ নাপায় ৰাইজে। ভুক্তভোগীয়ে এনেধৰণৰ অভিযোগ উত্থাপন কৰিছে গাঁওপ্ৰধান ছাইদুল হকৰ বিৰুদ্ধে। প্ৰমাণ-পত্ৰ দিয়াৰ নামত ধন সংগ্ৰহ কৰা গাঁওপ্ৰধানৰ বিৰুদ্ধে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে আপেল সেখ নামৰ এজন ভুক্তভোগীয়ে।

প্ৰেৰক ফাৰহাদ আহমেদ

 

You might also like