নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত ১০,২০৮ নতুন ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

🔹 কংগ্ৰেছে অসমৰ ৰাইজৰ ওচৰত আঁঠু লৈ ক্ষমা খোজক : মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰী : ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০২৩ৰ অধীনত 20 নং বিজনী সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা ১০,২০৮খন ৰেচন কাৰ্ড বিতৰণ কৰে অসম চৰকাৰৰ মন্ত্ৰী খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷ ৰাজ্য চৰকাৰে দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ আৰু ইতিপূৰ্বে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আচঁনিয়ে ঢুকি নোপোৱা ৰাজ্যৰ লাখ লাখ লোকক এই আঁচনিত অন্তৰ্ভুক্ত কৰি বিনামূলীয়াকৈ চাউল যোগান ধৰাৰ ব্যৱস্থা কৰাত ২০নং বিজনী সমষ্টিতো ৪৭,৪০৪গৰাকী  লোক উপকৃত হয় ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে শুভাৰম্ভ কৰা নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীৰ অংশ হিচাপে আজি বিজনীতো বিতৰণ কৰে ১০,২০৮খন নতুন ৰেচন কাৰ্ড ৷ বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত কংগ্ৰেছ দলে আজিৰ পৰা অসমত ন্যায় যাত্ৰা আৰম্ভ কৰা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী দাসে কয় যে আজি ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ইমান দিনে বঞ্চিত হৈ অহা লোকসকলক কংগ্ৰেছৰ অন্যায়ৰ পৰা মুক্তি দি ন্যায় প্ৰদান কৰাৰ বাবে ৰাহুল গান্ধী জবাবদিহি হ’ব লাগে৷ কংগ্ৰেছে অসমৰ ৰাইজৰ ওচৰত আঁঠু লৈ ক্ষমা খুজিব লাগে ইমান দিনে লুণ্ঠন কৰাৰ বাবে৷ কাৰণ ভাৰত চৰকাৰে পূৰ্বৰ পৰাই পঠিয়াই থকা পৰিমাণৰ চাউলেই আমি বিতৰণ কৰিছোঁ৷ কংগ্ৰেছৰ দিনৰ পৰাই সমানুপাতিক হাৰত পঠিয়াই থকা চাউল আজি যে আমি ইমান লোকক দিব পাৰিলোঁ, তেওঁলোকে কিয় নোৱাৰিলে বুলি আজি ৰাহুল গান্ধীৰ অসম আগমনৰ সময়তে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে৷

প্ৰেৰক বৰ্ণালী তালুকদাৰ

You might also like