নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱাগত শিমলীতোলাত দিবা-নৈশ ভলীবল প্ৰতিযোগিতা

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰী : গোৱালপাৰা জিলাৰ নৱাগত শিমলীতোলাত স্থানীয় অৰুণোদয় ক্লাবৰ সৌজন্যত ১৭-২০ জানুৱাৰীত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম ভিত্তিত এক দিবা-নৈশ প্ৰাইজমানী ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে |অৰুণোদয় ক্লাবৰ বাৰ্ষিক অধিৱেশনৰ স’তে সংগতি ৰাখি নৱাগত শিমলীতোলা আঞ্চলিক বজাৰ পৰিচালনা সমিতিৰ সৌজন্যত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে | নৱাগত শিমলীতোলা আঞ্চলিক বজাৰ পৰিচালনা কমিটীৰ সভাপতি আলতাভ হুছেইন আৰু সম্পাদক হানিফ উদ্দিনৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা ভলীবল প্ৰতিযোগিতাৰ বুধবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। নৱাগত শিমলীতোলা জে এন হাইস্কুল খেলপথাৰত আয়োজিত দিবা-নৈশ ভলীবল প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে বজাৰ পৰিচালনা কমিটীৰ সভাপতি আলতাভ হুছেইনে | খেলখন আৰাম্ভ হোৱাৰ পূৰ্বে সাংস্কৃতিক কাৰ্যসূচী, নৃত্য-গীত আদিও পৰিৱেশন কৰা হয়। একেদৰে বৃহত্তৰ অঞ্চলটোৰ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিককো সম্বৰ্ধনা জনোৱা হয় | নৱপ্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্যে আয়োজন কৰা প্ৰতিযোগিতাখনত আয়োজক সমিতিয়ে ৰাইজৰ সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like