নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপিএছচিত উজলিল শিৱসাগৰৰ অভিজ্ঞান দত্ত-প্ৰেৰণা শইকীয়া

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰী : কংগ্ৰেছৰ আমোলৰ ঘোচ, দালালি, স্বজন-তোষণ নীতিৰ পৰম্পৰাক সম্পূৰ্ণৰূপে উৎখাত কৰি স্বচ্ছ-নিকা নীতিৰ ভিত্তিত যোগ্যতা, অৰ্হতাৰ সূক্ষ্ম নিৰীক্ষণৰ মাজেৰে অৱশেষত ঘোষিত বহু প্ৰত্যাশিত অসম লোকসেৱা আয়োগৰ চূড়ান্ত বাছনিত ৰাজ্যৰ আন স্থানৰ লগতে শিৱসাগৰ চহৰ আৰু নিকটৱৰ্তী ঐতিহ্যমণ্ডিত মেটেকাৰ দুগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ খবৰে সমগ্ৰ অঞ্চলটোলৈ আনন্দৰ জোৱাৰ নমাই আনিছে ৷ যুগ যুগ ধৰি চলি অহা ধনৱান, ৰাজনৈতিক শক্তিৰে বলীয়ান পৰিয়ালৰ বাবেহে সংৰক্ষিত চাকৰি বুলি চলি অহা অঘোষিত পৰম্পৰাৰ বিপৰীতে এইবাৰ সাধাৰণ পৰিয়ালৰ মেধাসম্পন্ন যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰাৰ খবৰে শিৱসাগৰত আনন্দ দুগুণে বৃদ্ধি কৰিছে ৷ যোৱানিশা ঘোষিত অসম লোকসেৱা আয়োগৰ চূড়ান্ত বাছনিত শিৱসাগৰ মেটেকাৰ সুলভ মূল্যৰ ব্যৱসায়ী গোপাল দত্তৰ পুত্ৰ অভিজ্ঞান দত্ত আৰু নগৰৰ ৰেডক্ৰছ ৰোডৰ নিবাসী সাধাৰণ জেৰস্ক ব্যৱসায়ী পূৰ্ণিমা শইকীয়া আৰু প্ৰয়াত মোহনী মোহন  শইকীয়াৰ কন্যা প্ৰেৰণা শইকীয়াই নিৰ্বাচিত হ’বলৈ সক্ষম হৈছে ৷ অভিজ্ঞান দত্তই গাণনিক বিষয়া আৰু প্ৰেৰণা শইকীয়াই অসম নগৰ প্ৰশাসনিক বিষয়া গ্ৰেড টু হিচাপে নিৰ্বাচিত হৈছে ৷ মেটেকা গাঁও নিৱাসী যুৱ সমাজকৰ্মী তথা ক্ষুদ্ৰ সুলভ মূল্যৰ ব্যৱসায়ী গোপাল দত্ত আৰু অৰ্চনা বৰা দত্তৰ পুত্ৰ অভিজ্ঞান দত্তই নগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু বিদ্যা নিকেতনত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি উজনিৰ দ্বিতীয়খন পুৰণি ল’ৰাৰ বিদ্যালয় হিচাপে পৰিচিত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী  বিদ্যালয়ৰ পৰা ২০১৪ চনত সুখ্যাতিৰে শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ তিতাবৰ প্ৰাগজ্যোতিকাৰ পৰা ২০১৬ চনত বিজ্ঞান  শাখাত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৷ পৰৱৰ্তী সময়ত যোৰহাট অসম ইঞ্জিনিয়াৰিং কলেজৰ পৰা সফলতাৰে উত্তীৰ্ণ হৈ প্ৰথম প্ৰচেষ্টাতে লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাত স্বাভাৱিকতেই পৰিয়ালটোৰ লগতে অঞ্চলবাসীক আনন্দিত কৰি তুলিছে ৷ স্থিৰ লক্ষ্য, নিয়মিত অধ্যয়নেই সফলতাৰ মূল চাবিকাঠী বুলি ব্যক্ত কৰা অভিজ্ঞানে স্পষ্ট কৰি দিলে মাধ্যম কেতিয়াও হেঙাৰ হ’ব নোৱাৰে ৷ ইফালে, শৈশৱতেই পিতৃক হেৰুওৱাৰ পিছতো মাতৃৰ নিৰ্ভেজাল শ্ৰমৰ মাজেৰে উজলি  উঠিবলৈ সক্ষম হোৱা প্ৰেৰণা শইকীয়াৰ শিৱসাগৰ ৰেডক্ৰছ ৰোডৰ বাসগৃহত বৈছে আনন্দৰ অশ্ৰু ৷ পিতৃৰ অনুপস্থিতিত এখন সাধাৰণ জেৰক্সৰ দোকানৰ উপাৰ্জনেৰে বৰজীয়ৰীক কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা, গুৱাহাটীৰ  গুৰুকুল গ্ৰামাৰ চিনিয়ৰ চেকেণ্ডাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু তাৰ পৰৱৰ্তী সময়ত কলিকতাৰ চেইন্ট জিভিয়াৰ্ছ কলেজৰ পৰা স্নাতক আৰু দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ পৰা স্নাতোকোত্তৰ আৰু একেখন বিশ্ববিদ্যালয়ৰ অধীনত পি এইচ ডিৰ গৱেষণা কৰি থকা প্ৰেৰণাৰ এই অভাৱনীয় সফলতাই সমগ্ৰ শিৱসাগৰতেই আনন্দৰ লহৰ তুলিছে ৷ এই সফলতাত জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ লগতে শিৱসাগৰ প্ৰেছ ক্লাবেও উষ্ম অভিনন্দন জ্ঞাপন কৰিছে ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা আছুতীযা বাৰ্তালাপত দুয়োগৰাকী নিৰ্বাচিত প্ৰাৰ্থীৰ পৰিয়ালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা- কৃতজ্ঞতাৰে উপচাই তোলাৰ লগতে এয়া কেৱল মুখ্যমন্ত্ৰীৰ দুৰ্নীতিবিৰোধী অভিযান আৰু শূন্য সহনশীল নীতিৰ বাবেই সম্ভৱ বুলি স্বীকাৰ কৰিছে ৷

 

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like