🔹 বজালী গীতা জয়ন্তী মহোৎসৱ আৰম্ভ
নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰী : “সমৰ্পণেই হৈছে সমস্ত শক্তিৰ উৎস আৰু এই শক্তিৰ উৎস প্ৰদৰ্শনৰ বাবে ভগৱান শ্ৰীকৃষ্ণই বিভিন্ন সময়ত বিভিন্ন লীলা কাৰ্য কৰি আহিছে৷”- এই মন্তব্য ৰামকৃষ্ণ-বিবেকানন্দ-শ্ৰীঅৰবিন্দৰ অনুৰাগী, বিশিষ্ট অনুবাদক তথা সাহিত্য অকাডেমি অনুবাদ বঁটাপ্ৰাপক, সাহিত্যিক দিগন্ত বিশ্ব শৰ্মাৰ৷ কালি বজালী গোবিন্দ ভৱন গীতাসত্ৰৰ ৪২ সংখ্যক গীতা জয়ন্তী মহোৎসৱত অংশগ্ৰহণ কৰি বিশিষ্ট চিন্তাবিদগৰাকীয়ে কয় যে ভগৱান শ্ৰীকৃষ্ণই এই চৰাচৰ জগতত দুটা বিপৰীতধৰ্মী লীলা কৰিছে৷ এটা হ’ল বৃন্দাবনত আৰু আনটো লীলা হ’ল কুৰুক্ষেত্ৰত৷ বৃন্দাবনত এটা সুন্দৰ আৰু মধুৰ ৰূপত লীলা কৰা একেগৰাকী প্ৰভু কৃষ্ণই কুৰুক্ষেত্ৰত কাল ৰূপ ধাৰণ কৰিছে৷ বিভিন্ন আধ্যাত্মিক উপমা দাঙি ধৰি তেওঁ কয় যে আমি দণ্ডৰ মাজেৰে ঐক্যত উপনীত হ’ব লাগে ৷ কিয়নো ধ্বংস অবিহনে কোনো সৃষ্টি সম্ভৱ নহয়৷ প্ৰকৃততে ধ্বংস আৰু সৃষ্টি হৈছে এটা আনটোৰ পৰিপূৰক৷ কুৰুক্ষেত্ৰত অপশক্তিক ধ্বংস কৰি শুভ শক্তি প্ৰতিষ্ঠা কৰাটোৱেই ইয়াৰ অন্যতম উদাহৰণ বুলি মন্তব্য কৰি তেওঁ গীতা সন্দৰ্ভতো তত্ত্বগধুৰ ভাষণ প্ৰদান কৰি কয় যে গীতাৰ কেন্দ্ৰীয় তত্ত্ব হৈছে ভগৱান আৰু আধ্যাত্মিকতা৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে আধুনিক মানুহে দুয়োটাকে পৰিত্যাগ কৰিছে বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে৷ উল্লেখ্য যে পঞ্চম মহাপুৰুষ শ্রীশ্রীকৃষ্ণানন্দ দেৱে প্রতিষ্ঠা কৰা গোবিন্দ ভৱন গীতাসত্ৰসমূহৰ কেন্দ্ৰীয় সমিতিৰ প্ৰথম বাৰ্ষিক অধিৱেশন আৰু বজালী গোবিন্দ ভৱন গীতাসত্ৰৰ ৪২সংখ্যক গীতা জয়ন্তী মহোৎসৱ যৌথভাৱে কালিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডুমুৰীয়াস্থিত বজালী গোবিন্দ ভৱন গীতাসত্ৰত অনুষ্ঠিত হৈছে। কালিৰ কাৰ্যসূচীত পুৱা মহোৎসৱৰ মুখ্য দ্বাৰ উদ্ঘাটনৰ পাছতে ভাগৱত শোভাযাত্রা উদ্বোধন কৰে বজালী গোবিন্দ ভৱন গীতাসত্ৰৰ সত্ৰাধিকাৰ কৰুণা কান্ত নাথে, ধর্মধ্বজা উত্তোলন কৰে সত্ৰৰ জ্যেষ্ঠ ভকত নৃপেন্দ্র নাথ মজুমদাৰে ৷ সত্ৰৰ ভক্ত নিকুঞ্জ কাকতিয়ে আঁত ধৰা গীতাসত্ৰৰ প্ৰথম সত্ৰাধিকাৰ নাৰায়ণ দত্তৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি তৰ্পণ অনুষ্ঠানত কেইবাগৰাকীও বৰেণ্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ ইয়াৰ পাছতে বন্তি প্রজ্বলন, ভাগৱত পাঠ, গছপুলি ৰোপণ অনুষ্ঠিত হৈ যায়৷ গোবিন্দ ভবন গীতাসত্ৰ, মাণিকপুৰৰ সত্ৰাধিকাৰ বিজুলী মিত্রৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সৰ্বশাস্ত্ৰ শিৰোমণি শ্ৰীমদ্ভাগৱত গীতাৰ ওপৰত আলোচনা-চক্র উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে৷ অনুষ্ঠানতে স্মৃতিগ্ৰন্থ ‘অমৰ জ্যোতি’ উন্মোচন কৰে বিশ্ব হিন্দু পৰিষদৰ দক্ষিণ আফ্ৰিকাৰ সচিব পদ্মনাভ আলোকে আৰু সাৰথি উন্মোচন কৰে সাহিত্য অকাডেমি অনুবাদ বঁটাপ্ৰাপক দিগন্ত বিশ্ব শৰ্মাই৷ অনুষ্ঠানত অৰবিন্দ আলোকত গীতাপ্রদত্ত ত্রিবিধ জ্ঞান শীৰ্ষক বিষয়ক আলোচনা-চক্ৰত আলোচক হিচাপে অংশগ্ৰহণ কৰে সাহিত্য অকাডেমি অনুবাদ বঁটাপ্ৰাপক দিগন্ত বিশ্ব শৰ্মা, চিলাৰায় মহাবিদ্যালয়, ধুবুৰীৰ সংস্কৃত বিভাগৰ অধ্যাপক পৰমেশ্বৰ ৰায়ে৷ সন্ধিয়া বন্তি প্রজ্বলন, ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠানত কৃষ্ণলীলা আৰু ভাওনা প্রদর্শন কৰা হয়৷ ইপিনে, আজি পুৱা দধিমথন, কৃষ্ণ লীলা আৰু সত্ৰীয়া নৃত্যৰ পাছতে বজালী গোবিন্দ ভৱন গীতাসত্ৰৰ সত্ৰাধিকাৰ কৰুণা কান্ত নাথৰ সভাপতিত্বত মুকলি ধৰ্মসভা অনুষ্ঠিত হয় ৷ অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে৷ সন্ধিয়া বন্তি প্রজ্বলনৰ পাছতে ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠানত সূত্ৰধাৰ কুটুম্ব সুৰক্ষা পৰিষদ চাণক্য পীঠ, গুৱাহাটীৰ ভাওনা প্রদর্শন হ’ব৷
প্ৰেৰক কল্যাণ কলিতা