নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ সমাগত গণৰাজ্য দিৱস উপলক্ষে সম্ভাৱ্য কূটাঘাট প্ৰতিৰোধৰ লক্ষৰে শিৱসাগৰ আৰক্ষীয়ে জিলাখনৰ চৌদিশে কটকটীয়া নিৰাপত্তাৰ বেষ্টনী গঢ়ি তুলাৰ সময়তেই আৰক্ষীৰ জালত পৰে এটা দুধৰ্ষ অপৰাধী দলৰ দুটাকৈ কূখ্যাত সদস্য৷ অৱশ্যে আন্ধাৰ, ঘন কুঁৱলীৰ সুযোগ লৈ দুটা অপৰাধীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়৷ শিৱসাগৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কল্পজিত শৰ্মাৰ নেতৃত্বত নগৰ উপ-পৰিদৰ্শক নৱজ্যোতি দাসে চলোৱা অভিযানকালত এ এচ ০৩ এম ১২০৬ নম্বৰৰ এখন ৰঙা বৰণৰ মহেন্দ্ৰ কান্টা গাড়ী আটক কৰিবলৈ সক্ষম হোৱা কূখ্যাত অপৰাধী দুটা হৈছে মৰিগাও জিলাৰ জাকিৰ হুছেইন আৰু খোৱাংৰ নিবাসী চুনু আহমেদ ৷ অৱশ্যে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হোৱা আন দুটা অপৰাধী হৈছে শিমলুগুৰিৰ নিবাসী লোহাৰ অৱৈধ ডেম্পৰ গৰাকী মোস্তাফিজ আলি ওৰফে মইনা আৰু বাবু আলি ৷শিৱসাগৰ আৰক্ষীয়ে জব্দকৃৰ্ত মহেন্দ্ৰ কান্টা গাড়ী খনৰ পৰা এখন চোকা তৰোৱাল, এখন দা, তিনি খন ভিন্ন নম্বৰৰ ভূৱা নম্বৰ প্লেট, ৯ ডাল ৰছী আৰু কেইবা খনো কলা কাপোৰ৷ জানিব পৰা মতে সম্ভাৱ্য যি কোনো ধৰণৰ কূটাঘাত প্ৰতিৰোধৰ উদেশ্যে সদা সষ্টম শিৱসাগৰ আৰক্ষীয়ে নিশাৰ ভাগত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দৰিকাপাৰৰ এন আৰ এল পেট্ৰল ডিপোৰ সমীপত এক আকস্মিক তালাচী অভিযান আৰম্ভ কৰিছিল ৷এই তালাচী চলাই থকাৰ সময়তেই তীব্ৰ বেগী ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ অভিমুখী মহেন্দ্ৰ কান্টা গাড়ী আৰক্ষীৰ তালাচীৰ বেহুত সোমাই পৰে ৷আৰক্ষীৰ দলটোৱে লগে লগেই সন্দেহজনক কান্টা গাড়ী খন ঘেৰি ধৰি দুজনক আটক কৰিবলৈ সক্ষম হয় যদিও দুজন সন্দেহজনক যুৱক ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম ৷ শিৱসাগৰ আৰক্ষীৰ প্ৰাথমিক জেৰাত দুইজন যুৱকে নিশা পথত ঘুৰি ফুৰা গৰু চুৰি কৰাৰ উদেশ্যে এনে দৰে আহিছিল বুলি স্বীকাৰ কৰিছে৷ আনহাতে এই চক্ৰটোৰ মাষ্টাৰ মাইণ্ড হিচাবে শিমলুগুৰিৰ কূখ্যাত লোহা চোৰ মুস্তাফিজ আলি ওৰফে মইনা লোহা বেপাৰী বুলি ধৃত জাকিৰ আৰু চুনু আহমেদে আৰক্ষীক জানিবলৈ দিছে৷ ঘটনাৰ সন্দৰ্ভদ শিৱসাগৰ আৰক্ষীয়ে পুৰ্বতে ৰূজু হৈ থকা এক গোচৰৰ ভিত্তিত জাকিৰ আৰু চুনুক গ্ৰেপ্তাৰ কৰিছে যদিও লোহা চোৰ মোস্তাফিজ ওৰফে মইনা আৰু বাবু আলি পলাতক হৈ আছে৷ উল্লেখ্য যে মষ্টৱান্টেড শিমলুগুৰিৰ মইনা লোহা বেপাৰী বিগত সময়ত বহু অপৰাধজনিত ঘটনাৰ লগত জড়িত থকাৰ অভিযোগ উঠিছে৷ ইফালে আমাৰ হাতত পৰা এক তথ্য অনুসৰি ডিব্ৰুগড় নিবাসী এগৰাকী ব্যক্তিৰ পৰা শিমলুগুৰিৰ কূখ্যাত লোহাচোৰ মোস্তাফিজ ওৰফে মইনা আলিয়ে ক্ৰয় কৰা মহেন্দ্ৰ কান্টা গাড়ীখন বৰ্তমানলৈকে চতুৰ মইনাই নিজৰ নামলৈ পৰিবহণ বিভাগৰ কাৰ্য্যালয়ৰ যোগেদি হস্তান্তৰ কৰা নাছিল ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান