নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ অযোধ্যাৰ ৰাম মন্দিৰত হ’বলগীয়া প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰাকক্ষণত আজি ধুবুৰী কালীবাৰীৰ তৰফৰ পৰা কৰসেৱাৰ সৈতে দুগৰাকীকৈ ব্যক্তিক বিশেষভাবে সম্বৰ্দ্ধনা জনোৱা হয়। উল্লেখ্য যে ৯০ৰ দশকত ধুবুৰীৰ কেইবাগৰাকী ব্যক্তিয়ে ৰাম মন্দিৰক সুৰক্ষা প্ৰদান কৰিবলৈ অযোধ্যাত উপস্থিত হৈ কেইবামাহো তাত আছিল। তেওঁলোকৰ মাজৰ দুগৰাকী কৰসেৱক পৰেশ চন্দ্ৰ দাস আৰু বিমল হাৰলালকাক ধুবুৰী কালিবাৰী কৰ্তৃপক্ষই আজি ফুলাম গামোচা, গৰম চাদৰ, ফলমুল আৰু মিঠাইৰ টোপোলাৰে সম্মৰ্দ্ধনা জনায়।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী