কেন্দ্রীয় গৃহমন্ত্রী আৰু মুখ্যমন্ত্রীৰ উপস্থিতিত ২৫৫১ গৰাকী অসম আৰক্ষী কামাণ্ডোৱে অংশগ্রহণ কৰিলে দীক্ষান্ত সমাৰোহ
কমাণ্ডো বেটেলিয়নৰ জোৱানসকলে অসমৰ সৈতে সংলগ্ন চুবুৰীয়া ৰাষ্ট্রসমূহৰ সীমান্তৱর্তী অঞ্চলসমূহত দ্বিতীয় লাইনৰ নিৰাপত্তাৰক্ষী হিচাপে কাম কৰিবঃ মুখ্যমন্ত্রী
নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ জানুৱাৰীঃ অসম আৰক্ষীক সকলোধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আৰু দেশৰ ভিতৰত অন্যতম শক্তিশালী স্মার্ট আৰক্ষী বাহিনীলৈ ৰূপান্তৰিত কৰাৰ দিশত আন এক সবল পদক্ষেপ হিচাপে নৱগঠিত অসম আৰক্ষীৰ ৫টা কমাণ্ডো বেটেলিয়নৰ ২৫৫১গৰাকী কমাণ্ডোৱে আজি সৰুসজাই ষ্টেডিয়ামত আয়োজিত দীক্ষান্ত সমাৰোহত অংশগ্রহণ কৰে৷ অনুষ্ঠানত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মুখ্য অতিথি আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷ উল্লেখ্য যে এই নৱগঠিত পাঁচটা কমাণ্ডো বেটেলিয়ন হল হাইলাকান্দি জিলাৰ বিৰছিমাত থকা ২য় অসম কমাণ্ডো বেটেলিয়ন অপাৰেচন, কার্বি আংলং জিলাৰ ডোডোলিত থকা ৩য় অসম কমাণ্ডো বেটেলিয়ন অপাৰেচন, শিৱসাগৰ জিলাৰ গেলেকীস্থিত চতুর্থ অসম কমাণ্ডো বেটেলিয়ন অপাৰেচন, বিশ্বনাথ জিলাৰ পাভৈস্থিত ৫নং অসম কমাণ্ডো বেটেলিয়ন আৰবান অপাৰেচন এণ্ড ল এণ্ড অর্ডাৰ আৰু শদিয়াৰ অম্বিকাপুৰত থকা ৬নং অসম কমাণ্ডো বেটেলিয়ন আৰবান অপাৰেচন এণ্ড ল এণ্ড অর্ডাৰ৷ ৰাজ্যখনৰ আৰক্ষী কমাণ্ডোসকলৰ বাবে পূর্বৰ প্রশিক্ষণ আর্হিৰ পৰা আঁতৰি আহি এহ পাঁচটা নতুন কমাণ্ডো বেটেলিয়নৰ কমাণ্ডোসকলে ভাৰতীয় সেনাবাহিনীৰ অধীনত ৪০ সপ্তাহৰ প্রথম পর্যায়ৰ কঠোৰ প্রশিক্ষণ গ্রহণ কৰে৷ তাৰ পিছত তেওঁলোকক দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আহনী জ্ঞান আৰু আনুষংগিক বিষয়সমূহৰ ওপৰতো তিনি মাহ ধৰি প্রশিক্ষণ দিয়া হয়৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রীয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰাৰ লগতে ২৫৫১গৰাকী কমাণ্ডোক শুভেচ্ছা জ্ঞাপন কৰে৷ সফলভাৱে প্রশিক্ষণ সম্পূর্ণ কৰা কমাণ্ডোসকলে ৰাজ্যখনৰ আৰক্ষী বিভাগক অধিক গতিশীল কৰাৰ দিশত বিশেষ ভূমিকা লবলৈ সক্ষম হব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ আইন-শৃংখলা ৰক্ষাৰ লগতে অন্যান্য বিষয়সমূহৰ সৈতে অসম আৰক্ষীয়ে যাতে অধিক কার্যদক্ষতাৰে মোকাবিলা কৰিব পাৰে সেই উদ্দেশ্যেৰে ৫টা নতুন কমাণ্ডো বেটেলিয়ন গঠন কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই ২৫৫১গৰাকী কমাণ্ডোৰ সংযোজনে অসম আৰক্ষীক বহু পৰিমাণে শক্তিশালী কৰি তুলিব৷ তেওঁ লগতে কয় যে এই কমাণ্ডোসকলে যিকোনো প্রত্যাহ্বানৰ সৈতে অতি দক্ষতাৰে মোকাবিলা কৰিবলৈ এক শক্তিলৈ ৰূপান্তৰিত হব৷ তেওঁ লগতে কয় যে এই কমাণ্ডো বেটেলিয়নৰ জোৱানসকলে চুবুৰীয়া ৰাষ্ট্রসমূহৰ সীমান্তৱর্তী অঞ্চলসমূহত দ্বিতীয় লাইনৰ নিৰাপত্তাৰক্ষী হিচাপে কাম কৰিব৷ স্বাধীনতাৰ পৰৱর্তী সময়ছোৱাত অসম আৰক্ষীয়ে দেখুওৱা পাৰদর্শিতাৰ কথা আলোকপাত কৰি মুখ্যমন্ত্রীয়ে আত্মবিশ্বাস প্রকাশ কৰি কয় যে ২৫৫১জন কমাণ্ডোৱে পেছাদাৰী মানসিকতাৰে অসম আৰক্ষীৰ গৌৰৱময় পৰম্পৰা অব্যাহত ৰখাত অৰিহণা যোগাবলৈ সক্ষম হব৷ তেওঁ লগতে কয় যে এই কমাণ্ডোসকলক অতি স্বচ্ছ আৰু নিকা প্রক্রিয়াৰে নিযুক্তি দিয়া হৈছে৷ ইয়াৰ জৰিয়তে চৰকাৰী খালী পদ পূৰণৰ ক্ষেত্রত মেধা ভিত্তিক নিযুক্তিৰ প্রতি থকা ৰাজ্য চৰকাৰৰ দায়বদ্ধতাকে সূচাইছে বুলি তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত বর্তমানৰ কেন্দ্রীয় চৰকাৰৰ মার্গদর্শন আৰু সদিচ্ছাৰ বাবেই ৰাজ্যখনৰ বহু দশকৰ পিছত শান্তি উভতি আহিছে৷ আলফাকে ধৰি সকলো বিদ্রোহী গোটৰ সৈতে আলোচনাৰ প্রক্রিয়া সূচনা হোৱাৰ বাবে এয়া সম্ভৱ হৈ উঠিছে বুলি তেওঁ কয়৷ বিদ্রোহাত্মক কার্যকলাপ হ্রাস পোৱাৰ বাবে মাত্র ৪খন জিলাতে সশস্ত্রবাহিনীৰ বিশেষ ক্ষমতা আইন বলৱৎ হৈ আছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যখনত অপৰাধজনিত ঘটনা বিশেষকৈ মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ যথেষ্ট হ্রাস পাইছে৷ বাল্যবিবাহ আৰু ড্রাগছ সৰবৰাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ লগতে অসম আৰক্ষীৰ তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাক দুর্নীতিৰ বিৰুদ্ধে দৃঢ়তাৰে ব্যৱস্থা লবলৈ নির্দেশ দিয়া হৈছে বুলিও তেওঁ কয়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে স্মার্ট আৰক্ষী বাহিনী গঢ়ি তোলাৰ বাবে জনোৱা আহ্বানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে গুৱাহাটীৰ সমীপত ৰাষ্ট্রীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় নির্মাণৰ পদক্ষেপ লোৱাৰ উপৰি আৰক্ষী বিষয়াক ফৰেনছিক তথ্য সংগ্রহৰ প্রশিক্ষণ প্রদান কৰা হৈছে৷ তেওঁ কয় যে ৰাজ্য চৰকাৰে গ্রহণ কৰা ব্যৱস্থাৰাজিৰ বাবেই আগন্তুক দিনত অসম আৰক্ষী দেশৰ ভিতৰতে অন্যতম এক শক্তিশালী আৰক্ষী বাহিনী হিচাপে পৰিগণিত হব৷ অনুষ্ঠানত আৰক্ষী সঞ্চালকপ্রধান জি পি সিং উপস্থিত থাকে৷