নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ জানুৱাৰীঃ গুৱাহাটী মহানগৰীৰ সৌন্দর্যবর্ধন অব্যাহত আছে। আজি সেই ধাৰাৰ লগত সংযোজিত হল ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত আজি কেন্দ্রীয় গৃহ পৰিক্রমা আৰু সমবায় মন্ত্রী অমিত শ্বাহে ব্রহ্মপুত্র ৰিভাৰফ্রণ্ট উদ্বোধন কৰে৷ প্রথম পর্যায়ত ৩৬ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰি উলিওৱা গুৱাহাটীৰ নৈপৰীয়া নৈসর্গিক শোভাবর্ধনৰ বাবে ব্রহ্মপুত্র ৰিভাৰফ্রণ্ট প্রকল্পৰ দ্বিতীয় পর্যায়ত ৩৫.৮৫ কোটি টকা ব্যয় কৰা হ’ব৷ প্রকল্পটোত থকা ঐতিহাসিক পদুমপুখুৰীত আলংকৰিক মাছ এৰি দিয়াৰ লগতে ৰিভাৰফ্রণ্টৰ সৌন্দর্যও উপভোগ কৰে কেন্দ্ৰীয় গৃহমন্ত্রীগৰাকীয়ে ৷ প্রণিধানযোগ্য যে আটকধুনীয়া গ্রেনাইটৰ কাৰুকার্য, মনোৰম সৌন্দর্য, সেউজ মুকলি ঠাই, খোজ কঢ়া আৰু জ’গিং ট্ৰেক, সংকেতযুক্ত ফলক আৰু পোহৰৰ সুব্যৱস্থা, পূর্ণ নিৰীক্ষিত এলেকা, নৈ দর্শনৰ স্থান, মহাবাহু ব্রহ্মপুত্র নদ ঐতিহ্য কেন্দ্রৰ সৈতে একত্রীকৰণ, নৈৰ পাৰৰ মাটিৰ স্থিৰতা আৰু চৌহদ বাতাম্বিতকৰণকে ধৰি পদুম পুখুৰীৰ পুনৰনির্মাণ এই প্রকল্পৰ অন্যতম বৈশিষ্ট্য৷ অনুষ্ঠানত গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা আদি বিভাগৰ মন্ত্রী অশোক সিংহল, সাংসদ কুইন ওজা আৰু প্রদান বৰুৱাকে ধৰি কেইবাগৰাকী বিধায়কৰ লগতে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষৰ অধ্যক্ষ নাৰায়ণ ডেকা, কেন্দ্রীয় গৃহ সচিব অজয় কুমাৰ ভাল্লা, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড০ ৰবি কোটা, মুখ্যমন্ত্রীৰ অতিৰিক্ত মুখ্য সচিব সমীৰ কুমাৰ সিনহা, আৰক্ষী সঞ্চালকপ্রধান জি পি সিং প্রমুখ্যে অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷