নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাচিত অসমৰ বীৰপুত্র নহয়, সমগ্র ভাৰতৰে বীৰ পুত্র : অমিত শ্বাহ

কলাক্ষেত্ৰত অৰূপ কুমাৰ দত্তৰ গ্ৰন্থ ‘আছাম ব্রেভহার্ট লাচিত বৰফুকন’ গৃহমন্ত্রী শ্বাহৰ

লাচিতৰ ওপৰত ৰচিত গ্রন্থখন ২৩টা ভাৰতীয় ভাষালৈ অনুবাদ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ জানুৱাৰীঃ লাচিত বৰফুকনৰ বীৰগাথাৰে ৰচিত বিশিষ্ট লেখক অৰূপ কুমাৰ দত্তৰ ‘আছাম ব্রেভহার্ট লাচিত বৰফুকন’ শীর্ষক গ্রন্থখন আজি উন্মোচন কৰে কেন্দ্রীয় গৃহমন্ত্রী মন্ত্রী অমিত শ্বাহে৷ গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে গ্রন্থখন উন্মোচন কৰে। উন্মোচনী ভাষণত তেওঁ কয় যে লাচিত বৰফুকনক পূব ভাৰতৰ ছত্রপতি শিৱাজী মহাৰাজ বুলি ক’ব পাৰি৷ শৰাইঘাটৰ যুদ্ধ ভাৰতৰ স্বাধীনতা সংগ্রামত এক গুৰুত্বপূর্ণ অধ্যায়৷ শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকন হাৰি মোগল জয়ী হোৱা হ’লে অসম বাংলাদেশৰ অংগ হ’লহেঁতেন৷ অসম ভাৰতৰ অংগ হৈ নাথাকিলহেঁতেন৷ আজি সমগ্র উত্তৰ পূর্বাঞ্চল আৰু অসম ভাৰতৰ অংগ হোৱাৰ মূল কাৰণ হ’ল পৃথু ৰজাৰ পৰা লাচিত বৰফুকনলৈকে৷ তেওঁলোকে খিলিজীৰ পৰা ঔৰংগজেবলৈকে সকলো আগ্রাসন বন্ধ কৰি তেওঁলোকক পৰাস্ত কৰি অঞ্চলটো ৰক্ষা কৰিলে৷ লাচিত বৰফুকন কেৱল অসমৰেই নহয়, সমগ্র ভাৰতৰেই এজন বীৰ সন্তান বুলি উল্লেখ কৰে। লগতে তেওঁ কয়, লেখক অৰূপ কুমাৰ দত্তৰ ‘আছাম ব্রেভহার্ট লাচিত বৰফুকন’ গ্রন্থখনৰ শিৰোনামক লৈ তেওঁৰ মতবিৰোধ আছে৷ লাচিত বৰফুকন অসমৰ বীৰপুত্র নহয়, সমগ্র ভাৰতৰে বীৰ পুত্র৷ এই গ্রন্থখন দেশৰ প্রতিখন বিশ্ববিদ্যালয় আৰু লাইব্রেৰীলৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে যাতে দেশৰ নৱ প্রজন্মৰ লগতে সকলোৱে লাচিত বৰফুকনৰ বীৰগাথাৰ বিষয়ে জানিব পাৰে৷ লাচিত বৰফুকনে দেশৰ উত্তৰ পূবত ধর্মীয় গোড়ামি আৰু ক্ষমতালোভী মানুহৰ বিৰুদ্ধে আত্মসন্মান, স্বৰাজ আৰু নিজৰ ভাষাৰ বাবে যুঁজি জয়ী হৈছিল৷ তেওঁৰ এই বিজয় কাহিনীয়ে সমগ্র ভাৰতবর্ষৰ প্রতিজন নাগৰিকক গৌৰৱান্বিত কৰিব৷ লাচিত বৰফুকনৰ জীৱন চৰিত্রৰ পৰা আমি বহু কথা শিকিব পাৰোঁ৷ গৌৰৱ শব্দটোত আত্ম যোগ কৰিলে ই আত্মসন্মান হৈ পৰে৷ আত্মসন্মানে কাকো তললৈ পৰিবলৈ নিদিয়ে আৰু অহংকাৰে কাকো উঠিবলৈ নিদিয়ে৷ বৰফুকনে এই কথা ভালদৰে বুজি পাইছিল৷ তাৰ বাবে সেনাপতি হোৱাৰ পিছতো সৈনিকৰ দৰে প্রথম শাৰীত থাকি যুদ্ধৰ নেতৃত্ব দিছিল৷ সন্মুখৰ শাৰীত থাকি যুদ্ধৰ নেতৃত্ব দিয়াটোৱেই লাচিত বৰফুকন যে অহংকাৰী নাছিল, তাৰ সর্বোত্তম উদাহৰণ৷ ভাষণত শ্বাহে কয় যে সকলোকে লগত লৈ নোযোৱাকৈ উত্তৰ পূর্বাঞ্চলৰ বিকাশ হ’ব নোৱাৰে৷ ইমান বছৰৰ পাছত আমি এই মৌলিক মন্ত্রটো লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ৷ লাচিত বৰফুকনৰ সৈন্যৰ বিষয়ে অধ্যয়ন কৰিলে দেখা যায় যে তেওঁ বিভিন্ন পদত বিভিন্ন জাতি–জনগোষ্ঠীৰ সৈনিকক নিযুক্তি দি উত্তৰ পূর্বাঞ্চলৰ সকলো জাতিকে নিজৰ সেনাবাহিনীৰ অংশ কৰি সকলোকে একত্রিত কৰি দেশৰ এই অংশৰ আগ্রাসীসকলক পৰাস্ত কৰিলে৷ আহোম সাম্রাজ্যৰ মাজেৰে অঞ্চলটোক সুৰক্ষিত কৰি ৰাখিলে৷ অসম চৰকাৰে লাচিত বৰফুকনৰ বীৰগাথাৰ ওপৰত ৰচিত মূল গ্রন্থখন ভাৰতৰ ২৩টা ভাষালৈ অনুবাদৰ ব্যৱস্থা কৰা বাবে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুক কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে ধন্যৱাদ জ্ঞাপন কৰি কয় যে এখন দেশত একাধিক ভাষা থকাটো দুর্বলতা নহয়, বৰং শক্তিহে৷ আমি ইয়াক শক্তি হিচাপে বিবেচনা কৰি আগবাঢ়ি যোৱা উচিত৷ আমি সকলো ভাষা, সাহিত্য, ব্যাকৰণক সন্মান জনাই দেশৰ ঐক্যৰ বাবে এক বৃহৎ শক্তি হিচাপে গঢ়ি তুলিব লাগে৷ আজিৰ এই অনুষ্ঠানতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে লাচিত বৰফুকনৰ বীৰগাথা দেশবাসীৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্রত লেখক অৰূপ কুমাৰ দত্তই লোৱা ভূমিকাৰ বাবে তেওঁৰ ডিঙিৰ গামোচাখন লেখকগৰাকীক পিন্ধাই সম্বর্ধনা জ্ঞাপন কৰে৷ ভাষণত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে আৰু কয় যে আমাক ব্রিটিছৰ দৃষ্টিকোণৰ পৰা ইতিহাস শিকোৱা হৈছিল৷ ইয়াৰ বাবেই আমাৰ দেশৰ হাজাৰ হাজাৰ বছৰ পুৰণি গৌৰৱময় কাহিনীবোৰ ইতিহাসৰ পৰা মচি পেলোৱা হৈছিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশৰ চেতনা জগাই তুলিবলৈ সুক্ষ্ম চিন্তাৰে স্বাধীনতাৰ অমৃত মহোৎসৱ উদ্যাপনৰ সিদ্ধান্ত লৈছিল৷ আজাদী কা অমৃত মহোৎসৱৰ জৰিয়তে মোদীয়ে তিনিটা কাম কৰে৷ সেই তিনিটা কাম হৈছে– আমাৰ স্বাধীনতাৰ দীর্ঘদিনীয়া সংগ্রামৰ সময়ত অগণন ভাৰতীয় সংগ্রামীসকলৰ তথ্য নৱ প্রজন্মৰ মাজলৈ লৈ যোৱা, যোৱা ৭৫ বছৰত দেশৰ সাফল্য মহিমামণ্ডিত কৰা আৰু ইয়াৰ প্রচাৰ কৰা, দেশৰ চেতনা জগাই তুলিবলৈ আৰু ২০৪৭ চনত যেতিয়া স্বাধীনতাৰ ৭৫ৰ পৰা ১০০ বছৰৰ যাত্রা সম্পূর্ণ হ’ব, তেতিয়া বিশ্বৰ প্রতিটো ক্ষেত্রতে ভাৰতৰ স্থান প্রথম কৰাৰ সংকল্প লোৱাৰ৷ এই দুবছৰীয়া অভিযানে দেশৰ প্রতিজন যুৱক–যুৱতীৰ মনত আত্মবিশ্বাস আনিছে৷ আগন্তুক ২৫ বছৰত ভাৰত সম্পূর্ণ উন্নত আৰু স্বাৱলম্বি দেশ হিচাপে আগবাঢ়ি যাবলৈ ওলাইছে৷ যেতিয়া জনসাধাৰণৰ আস্থা জাগ্রত হ’ব, তেতিয়াহে দেশৰ প্রগতি আৰম্ভ হ’ব৷ লাচিত বৰফুকনৰ ব্যক্তিত্ব আৰু চৰিত্রক সমগ্র দেশৰ সন্মুখলৈ আনিলে দেশৰ সামূহিক চেতনা আৰু আত্মবিশ্বাস জাগ্রত হ’ব৷ ভাষণত তেওঁ আৰু কয় যে বিৰোধী দলসমূহৰ শাসনকালত ৰাজ্যখনত যি বিতর্ক উত্থাপন হৈছিল সেয়া কৃত্রিম বিতর্ক৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রচেষ্টাত আজি সকলো বিবাদৰ অন্ত পৰিল৷ ৯খনকৈ শান্তি চুক্তিৰ জৰিয়তে অঞ্চলটোৰ সকলো উগ্রপন্থী গোট মূল সুঁতিলৈ আহিছে৷ বর্তমানেও একাংশ লোকে ভাষা আৰু ধর্মৰ নামত বিতর্ক সৃষ্টি কৰিবলৈ চেষ্টা কৰে৷ কিন্তু এই সময়ত আমি উন্নয়নৰ বাবে এখন মহান অসম সৃষ্টি কৰিব লাগিব৷ আমি যেতিয়া একেলগে কাম কৰি সৰু সৰু কথাবোৰৰ ঊর্ধ্বত যাও, তেতিয়াহে এই কাম কৰিব পাৰিম৷ প্রধানমন্ত্রী মোদীৰ উন্নত উত্তৰ পূর্বাঞ্চলৰ ধাৰণাৰ বাবে আজি সমগ্র অঞ্চলটোত যি উন্নয়নৰ বতাহ বলিছে, সেই বতাহক একত্রিত হৈ অসমৰ যুৱক–যুৱতীসকলক্ সমর্থন কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে আমি সৰু সৰু বিবাদ এৰাই চলি অসম তথা সমগ্র উত্তৰ পূর্বাঞ্চলৰ স্বার্থত আগবাঢ়িব লাগে৷ অসম সদায় স্বাধীন, স্বাধীনতা আৰু মর্যদাৰ বাবে যুঁজি আহিছে আৰু এই গৌৰৱময় ইতিহাসে কেৱল অসমৰেই নহয়, সমগ্র ভাৰতৰ যুৱক–যুৱতীক অনুপ্রাণিত কৰিব৷ ভাষণত তেওঁ আৰু কয় যে নেতৃত্বৰ সংজ্ঞা শব্দৰ দ্বাৰা নহয়, ইতিবাচক সিদ্ধান্তৰ দ্বাৰহে হয়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশৰ বিভিন্ন প্রান্তৰ অগণন বীৰক সাহিত্য আৰু জনসাধাৰণৰ মনত প্রৱর্তন কৰিবলৈ চেষ্টা কৰিছে৷ ইয়াৰ দ্বাৰা দেশৰ আত্মসন্মান বৃদ্ধি পাব, চেতনা জাগ্রত হ’ব আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক স্বাৱলম্বী আৰু সম্পূর্ণ উন্নত দেশ হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ’ম৷

You might also like