✅বকোত বড়ো সাহিত্য সভাৰ ৬৩সংখ্যক বাৰ্ষিক অধিৱেশন
✅মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিটিআৰপ্ৰধান প্ৰমোদ বড়োৰ অংশগ্ৰহণ
✅কামৰূপ জিলা বড়ো সাহিত্য সভাৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে এক কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰীৰ
✅স্মৃতিগ্ৰন্থ ” ব্ৰখ’জৌংথি ” উন্মোচন
নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰী : বড়ো সাহিত্য সভাৰ অধিৱেশনৰ আজি অন্তিম দিনা মুখ্য অতিথি হিচাপে ভাগ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সভাৰ লগত সংগতি ৰাখি সভাপতি ড০ সূৰথ নাৰ্জাৰীৰ পৌৰোহিত্যত আয়োজন কৰা অন্তিম দিনা মুকলি সভাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ড০ শৰ্মাই বড়ো সাহিত্য সভাৰ মুকলি সভাৰ ভাষণত কয় যে সাহিত্য সভা হ’ল সমন্বয়ৰ ক্ষেত্ৰ। সাহিত্য সভাই বৌদ্ধিক সমাজৰ মাজত এক শক্তিশালী সমন্বয় সৃষ্টি কৰে। আনহাতে সাহিত্যই বুৰঞ্জীক চেৰ পেলাব নোৱাৰে। বড়ো সাহিত্য সভা আৰু বড়ো জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি গতিশীল কৰি তুলিব লাগিব আৰু বড়ো সমাজৰ জাতীয় জীৱনক আগবঢ়াই নিয়াৰ পদক্ষেপ লোৱাৰ পৰামৰ্শ আগবঢ়ায়। কামৰূপ জিলা বড়ো সাহিত্য সভাৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে এক কোটি টকাৰ অনুদান ঘোষণা কৰে। নিখিল বড়ো সাহিত্য সভাৰ ৬৩সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি তৃতীয় তথা অন্তিম দিন। সমগ্ৰ বড়ো জনগোষ্ঠীক বৌদ্ধিক বিকাশৰ জৰিয়তে সামগ্ৰিক উন্নয়নৰ গতি দিয়া বড়ো সাহিত্য সভাৰ এইবেলি ৬৩সংখ্যক বাৰ্ষিক অধিৱেশন। বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশন ১৯ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ কামৰূপ জিলাৰ বকোত তিনি দিনীয়াকৈ বৰ্ণিল কাৰ্য্যক্ৰমণিকাৰে আয়োজন কৰা হৈছে। আজি অধিৱেশনৰ অন্তিম দিন। উল্লেখ্য যে কামৰূপ জিলা বড়ো সাহিত্য সভাৰ আমন্ত্ৰণত আৰু অন্যান্য বড়ো জাতীয় সংগঠনৰ যৌথ উদ্যোগত বকো গান্ধী ময়দান সমন্বয় ক্ষেত্ৰত আয়োজন কৰা হৈছে অধিৱেশনৰ বিশাল কাৰ্য্যসূচী। বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ড০ সূৰথ নাৰ্জাৰী আৰু সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীৰ সঞ্চালনাত অনুষ্ঠিত কেন্দ্ৰীয় অধিৱেশনৰ বিস্তৃত কাৰ্য্যসুচীৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ হৈছে। বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ড০ সূৰথ নাৰ্জাৰী আৰু সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীয়ে জনোৱা মতে অসম প্ৰান্তৰ উপৰি বহিঃৰাজ্যৰ বহু সাহিত্য সভাৰ লোকে অংশগ্ৰহণ কৰা অধিবেশনত বড়ো সাহিত্য সভাৰ উত্তোৰণৰ ওপৰত আলোকপাত কৰা হয়। ইফালে বকোত বড়ো সাহিত্য সভাৰ অধিৱেশনৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু বসুমতাৰীয়ে জনোৱা মতে এক বিশাল আয়োজনেৰে কৰা অধিবেশনৰ যাৱতীয় কাম-কাজ সমুহ পৰিচালনা কৰিবলৈ গঠন কৰা বিভাগীয় উপ সমিতি সমুহে নিজৰ নিজৰ দায়িত্ব পালন কৰি আহিছে। লগতে কামৰূপ জিলা বড়ো সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ বড়োই সাহিত্য সভাৰ সকলো কাৰ্য্যক্ৰমণিকাতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সহযোগ কৰা বাবে শলাগ জনায়। অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্য্যসুচী অনুসৰি পুৱাৰ ভাগত বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাপতি ড: সুৰথ নাৰ্জাৰীয়ে। ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কৰে উপ সভাপতি প্ৰশান্ত বড়োই।বকো সাহিত্য সভা আৰু বড়ো জনগোষ্ঠীৰ ভিন্ন সংগঠনৰ পদৱীধাৰী প্ৰয়াত লোক সকলোৰ পূণ্যাত্মাক সন্মান জনাই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে উপ সভাপতি নিলীমা বসুমতাৰীয়ে। লগতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বৃহৎ আকাৰৰ স্মৃতিগ্ৰন্থ “ব্ৰখ’জৌংথি” এক মনোজ্ঞ পৰিবেশত আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভাই। স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানত পৌৰহিত্য কৰে উপ সভাপতি সীতাৰাম বসুমতাৰীয়ে। অনুস্থানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা আৰু জনজাতীয় উন্নয়ণ বিভাগৰ কেবিনেট মন্ত্ৰী ড: ৰনোজ পেগু; বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ সভাপতি ড: সূৰ্য্য কান্ত হাজৰিকা আৰু হেমকোষ অভিধানৰ অসমীয়া ব্ৰেইলী সংস্কৰণৰ প্ৰকাশক তথা সাদিন – প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী লগতে মহাবীৰ লাচিত বৰফুকন পুৰস্কাৰ প্ৰাপক আৰু গীনিজ বিশ্ব ৰেকৰ্ডৰ প্ৰমাণ পত্ৰ প্ৰাপক লগতে বহু গুণৰ অধিকাৰী জয়ন্ত বৰুৱাকে ধৰি কেৱা গৰাকী স্বনামধন্য অতিথিয়ে। দ্বিতীয় দিনাৰ কাৰ্য্যসুচীৰ বিশেষ অতিথি অসম চৰকাৰৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সহ বহু সংখ্যক বিশিষ্ট সাহিত্যিকে অংশগ্ৰহণ কৰে। সভাৰ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো, অসম চৰকাৰৰ সাহিত্য অকাডেমি বঁটা বিজয়ী তথা কুমুদ শৰ্মা, বড়ো কছাৰী স্বায়ত্তশাসিত উন্নয়ন পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিনেশ্বৰ বড়োস ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভা; নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়ো; চৰকাৰৰ কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্ম; গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা ; ৰাভা হাছং পৰিষদৰ উপাধ্যক্ষ ৰমা কান্ত ৰাভাকে ধৰি বড়ো সাহিত্য সভাৰ বহু সংখ্যক উপদেষ্টা; বৰ্তমানৰ কাৰ্য্যনিৰ্বাহক আৰু বড়ো জনগোষ্ঠীৰ জাতীয় নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। সভাত বি টি আৰৰ মুৰব্বী প্ৰমোদ বড়োই ভাষণ প্ৰসংগত কয় যে বড়ো সঞ্চালকালয়ৰ যোগেদি বড়ো মাধ্যমৰ সৰ্বাংগীন বিকাশত উল্লেখযোগ্য অৰিহণা আগবঢ়াইছে বাবে অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। লগতে বড়ো জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ স্বাৰ্থত অসম চৰকাৰে ব্যয়বহুল কাৰ্য্যসূচী গ্ৰহণ কৰিছে বুলি ঘোষণা কৰে। সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীয়ে আত ধৰা আজিৰ মুকলি সভাত আদৰণি ভাষণ ৰাখে ৬৩সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি তথা পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। ইফালে বকোত আয়োজন কৰা বড়ো সাহিত্য সভাৰ অধিৱেশনৰ সফল সামৰণি ঘটে।
প্ৰেৰক বিষ্ণুৰাম দাস