নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰ এলেকাৰ পিজুপাৰা-বিদ্যানগৰ চেনীমাৰা সংযোগী গড়কাপ্টানী পথৰ কৰ্ণনৈ নদীৰ ওপৰত থকা কাঠৰ জৰাজীৰ্ণ বিধ্বস্ত দলঙে বিপাঙত পেলাইছে প্ৰায় পাঁচখন গাঁৱৰ ৰাইজক৷ চৰকাৰে উন্নয়ন আৰু পৰিৱৰ্তনৰ কথা কয় যদিও বাটপথৰ উন্নয়নৰ ক্ষেত্ৰত অসমৰ ভিতৰতে বৃহত্তৰ নগৰবেৰা অঞ্চল অতিকে পিছপৰি থকাত ৰাইজে উন্নয়ন আজি প্ৰহসনত পৰিণত হোৱা বুলিহে মন্তব্য কৰিছে। নগৰবেৰা অঞ্চলৰ প্ৰায়সমূহ ব্যস্ত পথেই ওখৰা-মোখৰা, পথৰুৱা গোবাট সদৃশ, ৰাইজে যাতায়াতৰ ক্ষেত্ৰত নিতৌ নিকাৰ ভুঞ্জিবলগীয়া হোৱাত উন্নয়ন মাত্ৰ ৰজাঘৰীয়াৰ এক শ্লোগান বুলিহে মন্তব্য কৰিছে।বিগত ১০টা বছৰে নগৰবেৰা অঞ্চলৰ বাট-পথবোৰৰ বিশেষ কোনো উন্নয়ন হোবা নাই বুলিও বহুতেই ক’ব খোজে। নগৰবেৰা, পলাহৰটাৰী, পিজুপাৰা, মেধিপাৰা, মালঞ্চা, কালুবাৰী, সৰুডোৱা, নাইটৰ, বিদ্যানগৰ, খামেৰী, পথালিপাৰা,মন্দিৰা, হেকৰা, নিছিলামাৰী, পুৰাণ মালিৱাৰী, ভখুৰাদিয়া, টুপামাৰী, বদলা, ৰংঙ্গেশ্বৰী, ৰাংঙ্গাপানী আদি গাঁৱসমূহৰ গুৰুত্বপূৰ্ণ বাট-পথ জৰাজীৰ্ণ হৈ আছে যদিও পুনঃনিৰ্মাণৰ কোনো যেন উমঘামেই নাই সংশ্লিষ্ট বিভাগৰ! নগৰবেৰাৰ বিদ্যানগৰ, চেনিমাৰাকে ধৰি পাঁচখনকৈ গাঁৱৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত দীৰ্ঘকালৰে পৰা নৰকযন্ত্ৰণা ভুগি আহিছে। উল্লেখিত অঞ্চলটোৰ জৰাজীৰ্ণ কাঠৰ দলংখন বিগত কেবা বছৰ ধৰি জৰাজীৰ্ণ হৈ আছে যদিও দলংখন মেৰামতি কিম্বা পকীকৰণৰ বেলিকা যেন কাৰোৱেই সদিচ্ছা নাই বুলিও ৰাইজৰ চৰ্চা! দলংখনত প্ৰায়ে বাইক, ই-ৰিক্সা, চাৰিচকীয়া বাহন, চাইকেল আদি দুৰ্ঘটনাত পতিত হয়। পিজুপাৰা-বিদ্যানগৰ চেনিমাৰা সংযোগী গড়কাপ্টানী পথৰ কৰ্ণৈ নৈৰ ওপৰত থকা জৰাজীৰ্ণ কাঠৰ দলংখনে শেহতীয়াকৈ হাজাৰ-হাজাৰ স্কুল কলজৰ ছাত্ৰ-ছাত্ৰীকে আদি কৰি ধৰি সৰ্বস্তৰৰ শত-সহস্ৰ পথচাৰীৰ দুৰ্ভোগ ভুগাই আহিছে, যাতায়াতৰ ক্ষেত্ৰত বাৰুকৈয়ে নৰকযন্ত্ৰণা ভুগিছে সকলোৱে! বিধ্বস্ত দলংখনৰ বাবেই বৃহত্তৰ বিদ্যানগৰ, নায়টৰ চেনিমাৰা, দাসপাৰা, পালপাৰা আদি অঞ্চল স্বাস্থ্য বিভাগৰ এম্বুলেন্স তথা জৰুৰীকালীন সেৱা সমূহৰ পৰাও সম্পূৰ্ণৰূপে বঞ্চিত হৈ থকাৰো উল্লেখ৷ উপায়ান্তৰ হৈ প্ৰায় পাঁচখনকৈ গাঁৱৰ ৰাইজে স্কুল-কলেজ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিদিনে জৰাজীৰ্ণ বিধ্বস্ত দলংখনেৰে মৰণক শৰণ কৰি আহযাহ কৰিবলগীয়া হয় ৷ ভগা দলংখনৰ বাবে ৰোগীক সময় মতে, চিকিৎসালয়লৈ নিব নোৱাৰাটো ৰাইজৰ বাবে যেন একবিংশ শতিকাৰ অন্য এক বিড়ম্বনা! স্থানীয় ৰাইজে কৰা অভিযোগ মতে, সমষ্টিৰ বিধায়িকা নন্দিতা দাসে ইচ্ছা কৰিলে দলংখন কাঠৰ সলনি পকী দলং বনোৱাৰ ব্যৱস্থা কৰিব পাৰিলে হেঁতেন ! কাঠৰ দলঙৰ সলনি পকী দলং নিৰ্মাণ কৰিবলৈ আবেদন জনোৱা হ’ল বহুবাৰ পিছে ৰাইজৰ আবেদনৰ প্ৰতি তিলমানো বিডৰয়াকা গৰাকীয়ে গুৰুত্ব নিদিয়াৰো অভিযোগ। চৰকাৰৰ সংশ্লিষ্ট বিভাগক বাৰম্বাৰ দাবী-আবেদন জনায়ো আজিকোপতি উক্ত স্থানত ৰাইজে পকী দলংখন হৈ নুঠাত সপলো আজি বিমৰ্ষ, সমালোচনাৰ সমীহ থাকিলে শীঘ্ৰে উক্ত স্থানত পকে দলং আৰু বৃহত্তৰ নগৰবেৰা অঞ্চলৰ সামগ্ৰিক যাতায়তৰ উন্নীতকৰণৰ দাবী জনাইছে ভুক্তভোগী শত-সহস্ৰ গঞাই। ৰাইজৰ দৃষ্টিত উন্নত যাতায়াত অবিহনে পৰিবৰ্তন অসম্ভৱ বুলিও অখণ্ডনীয় যুক্তি।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস