নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ দিছপুৰ দখল কৰিব হাগ্ৰামা মহিলাৰীয়ে

👉কোকৰাঝাৰৰ বিপিএফৰ সভা

👉ৰাম মন্দিৰৰ প্ৰাণপ্ৰতিষ্ঠাত আমাৰ দৰে সৰু মানুহৰ কাম নাইঃ হাগ্ৰামা

👉বিটিআৰত আন জাতি-জনগোষ্ঠীৰ অভিভাৱকস্বৰূপ বড়োসকলঃ হাগ্ৰামা

ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ, ২১ জানুৱাৰী : বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ পৰিকল্পনা ৷ এইবাৰ দিল্লীলৈ দুজন সাংসদ নিৰ্বাচিত কৰি পঠিওৱা, তাৰ পিছত বিটিআৰ দখল আৰু ইয়াৰ পিছতে দিছপুৰ দখলৰ পৰিকল্পনা কৰিছে হাগ্ৰামা মহিলাৰীয়ে। এই পৰিকল্পনাৰ কথা আজি সদৰী কৰিছে বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে। কোকৰাঝাৰ সদৰ চহৰৰ নিকটৰ তিতাগুৰি হালোৱাদলত আজি ছালাকাটি ব্লক বিপিএফৰ উদ্যোগত অনুষ্ঠিত জনসভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে উক্ত মন্তব্য কৰিছে। কোকৰাঝাৰ আৰু দৰং-ওদালগুৰিত বিপিএফে নিজাববীয়াকৈ প্ৰাৰ্থী দিয়াৰ কথা পুনৰ ঘোষণা কৰি মহিলাৰীয়ে দুয়োজন প্ৰাৰ্থীয়ে জিকিব বুলি মন্তব্য কৰিছে। কোকৰাঝাৰত মূল যুঁজ ইউপিপিএলৰ লগত আৰু দৰং-ওদালগুৰিত যুঁজ বিজেপি-কংগ্ৰেছৰ সতে হ’ব বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে ৷ চৰকাৰ এইবাৰ যিয়ে গঠন নকৰক কিয় জোৰা-টাপলি দি কৰিব লাগিব। যাৰে চৰকাৰ হয় তাৰে লগত থাকিব বিপিএফ। চৰকাৰৰ সতে থাকি এজন কেন্দ্ৰীয় মন্ত্ৰী লব। তাৰ পিছত চাওক বিটিআৰ কি হয়! তাৰ পিছত বিটিচি দখল আৰু ইয়াৰ পিছতে দিছপুৰ দখল। আনহাতে বিটিআৰত বড়োসকলক সকলো জাতি-জনগোষ্ঠীয়ে সন্মান কৰে আৰু অভিভাৱক হিচাপে লয়। গতিকে বড়োসকলে আন জাতি-জনগোষ্ঠীক বেয়া পালে নহব বুলি তাতপৰ্যপূৰ্ণ মন্তব্য কৰে মহিলাৰীয়ে। ইপিনে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত তেওঁলোকৰ দৰে সৰু মানুহৰ কাম নাই বুলি মন্তব্য কৰি তেওঁ কাইলৈ নিজৰ কাৰ্যসূচী লৈয়ে ব্যস্ত থাকিব বুলি সদৰী কৰিছে। উল্লেখ্য যে আজি হালোৱাদল পথাৰত অনুষ্ঠিত জনসভাখন লোকাৰণ্য হৈ পৰে। বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে জনতাৰ মাজলৈ গৈ কথা পাতে। তদুপৰি কাৰ্যসূচী অনুসৰি পুৱা শ্বহীদ তৰ্পণ আৰু পতাকা উত্তোলন কাৰ্যসূচী সম্পন্ন হয়। আজিৰ সভাত বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী, প্ৰাক্তন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম, বিটিচিৰ পাৰিষদ ক্ৰমে দেৰহাছাৎ বসুমতাৰী, প্ৰকাশ বসুমতাৰী, প্ৰাক্তন পাৰিষদ খালিলুৰ ৰহমান, সদ্যপদত্যাগী বিজেপি নেতা ৰাজকুমাৰ ব্ৰহ্ম, ছালাকাটি ব্লক, আঞ্চলিক, বুথ কমিটীৰ সভাপতি আৰু সম্পাদক, কাষ্টম বসুমতাৰী আদিকে ধৰি বহু নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

প্ৰেৰক শুকুৰ আকন্দ

You might also like