নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ জানুৱাৰীঃ কাইলৈ ৰাহুল গান্ধীক ৰামলালাৰ প্রাণপ্রতিষ্ঠাৰ সময়খিনিত বটদ্রৱা থানলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কাইলৈ ৰাহুল গান্ধীয়ে বটদ্রৱা থানলৈ যাব বিচাৰিছে৷ ৰাম মন্দিৰ উদ্ঘাটনৰ পাছত তেওঁ বটদ্রৱা থানলৈ গ’লে ভাল লাগিব৷ ৰাম মন্দিৰ উদ্ঘাটনৰ সময়ছোৱাত তেওঁ বটদ্রৱা থানলৈ গ’লে টিভিত এফালে ৰাম মন্দিৰ উদ্ঘাটনৰ ফটোসহ বাতৰি সম্প্রচাৰ হ’ব আৰু আনফালে বটদ্রৱা থানৰ ফটোসহ বাতৰি সম্প্রচাৰ হৈ থাকিব৷ তদুপৰি সত্র সমিতিয়েও কাইলৈ তেওঁক আমন্ত্রণ কৰা নাই৷ সেয়ে মুখ্যমন্ত্রী ড০ শর্মাই ৰাম আৰু শংকৰদেৱৰ মাজত প্রতিযোগিতা নানিবলৈ কংগ্রেছ নেতা ৰাহুল গান্ধীক আহ্বান জনায়৷ সেইদৰে ৰাহুল গান্ধীয়ে কাইলৈ মৰিগাঁও, জাগীৰোড, নেলীত কৰিবলগীয়া ন্যায় যাত্রা পৰিহাৰ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মৰিগাঁও, জাগীৰোড, নেলী স্পর্শকাতৰ স্থান৷ ১৯৮৩ত নেলীত গণহত্যা সংঘটিত হৈছিল৷ ৰাহুল গান্ধীৰ যাত্রাত যিহেতু এটা বিশেষ সম্প্রদায়ৰ মানুহে তেওঁক চাবলৈ আহিব, সেয়ে কাইলৈ দিনটোত সেই যাত্রা পৰিহাৰ কৰা উচিত৷ কাৰণ সেই জিলাখনত ৬০ শতাংশ মুছলমান আৰু ৪০ শতাংশ হিন্দু লোকে বসতি কৰে৷ কাইলৈ ভগৱানে নকৰক, ক’ৰবাত কিবা এটা ঘটনা সংঘটিত হৈ গ’লেই অসমৰেই ফ’কাচ হ’ব৷ ভাৰত চৰকাৰেও মুখ্যমন্ত্রী হিচাপে তেওঁক প্রশ্ন কৰিব– ৰাম মন্দিৰৰ প্রাণপ্রতিষ্ঠাৰ দিনা কিয় ন্যায় যাত্রাৰ অনুমতি বাতিল নকৰিলে? এই প্রসংগতে মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাহুল গান্ধী সেইদিনা আউনীআটী সত্রত গৈছে৷ আমি আপত্তি কৰা নাই৷ বৰং ৰাহুল গান্ধীৰ ভ্রমণৰ পৰিপ্রেক্ষিতত মোৰ নিজৰ যোৰহাট, মাজুলী কার্যসূচী বাতিল কৰিছোঁ৷ ৰাহুল গান্ধী যিহেতু এইকেইদিন অসমতে থাকিব, কাইলৈ দিনটো তেওঁ বিশ্রামত থাকিব পাৰে৷ আনহাতে ৰাহুল গান্ধীৰ ন্যায় যাত্রাৰ এইকেইটা দিনত ক’তো মানুহৰ ভিৰ হোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এইকেইদিন য’তেই গৈছে, তাতেই কাৰ্ফিউ৷ মানুহ ক’তো নাই৷ অৱশ্যে ৰাহুল গান্ধীৰ ন্যায় যাত্রা গুৱাহাটী অতিক্রম কৰাৰ পাছত নামনি অসমত মানুহ হ’ব৷ মিঞাসকল আহিব৷ কিন্তু মিঞাৰ মহিলাসকলক নাপায়৷ মুছলমান মিঞা মহিলা-ছোৱালীসকল কংগ্রেছৰ সভালৈ নাযায়৷ মিঞা মা-ছোৱালীসকল এতিয়া মোৰ পার্টীৰ হৈ গৈছে৷ মিঞা মা-ছোৱালীসকলে মোক মৰম কৰে, আশীর্বাদ দিয়ে৷ তেওঁলোকৰ স্বামীয়ে বাধা নিদিলে মিঞা মা-ছোৱালীসকলে মোকেই ভোট দিব৷ কাৰণ মিঞা মুছলমান সমাজৰ বাবে আমি মহিলা কলেজ স্থাপনকে ধৰি তিনিতালাক বন্ধ, বাল্য বিবাহ বন্ধ, বিনামূলীয়া শিক্ষাকে ধৰি যথেষ্ট উন্নয়নমূলক কাম কৰিছোঁ৷ এইবাৰ বাজেটতো ইয়াৰ প্রতিফলন দেখা পাব৷ সেইদৰে গুৱাহাটী মহানগৰীত কংগ্রেছৰ ন্যায় যাত্রাৰ পথ সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাষ্ট্রীয় ঘাইপথটো গুৱাহাটী মহানগৰীৰ মাজেৰেই গৈছে৷ ৰাষ্ট্রীয় ঘাইপথেৰে ন্যায় যোৱাত আমি আপত্তি কৰা নাই৷ জিএছ ৰোড আৰু জিএনবি পথ এৰাই চলিব দিছোঁ৷ তেওঁলোক জোৰকৈ আহিলে আমি একো নকৰোঁ৷ কিন্তু এই ৰেলীৰ তত্ত্বাৱধায়ক বাইজু আৰু দায়িত্বত থকা আনজন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিব৷