নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ভাৰতবর্ষত নৱপ্রভাতৰ সূচনা হ’ল : মুখ্যমন্ত্ৰী ড০ শর্মা

🔹 ফটাশিল আমবাৰীত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পোনপটীয়া সম্প্রচাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জানুৱাৰী : পাঁচশ বছৰৰ অপেক্ষাৰ অন্ত। এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল সমগ্র দেশবাসী৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অযোধ্যাত ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠাৰ মূল পূজা সম্পন্ন কৰে। প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে সমগ্র দেশৰ লগতে অসমতো সৃষ্টি হ’ল এক উৎসৱমুখৰ পৰিৱেশ৷ কার্যতঃ ৰাজ্যত ৰামময় পৰিৱেশৰ সৃষ্টিৰ লগতে চাকি–বন্তিৰে আলোকিত হৈ পৰিল চৌদিশ৷ ৰাজ্যৰ প্রান্তে প্রান্তে প্রায় প্রতিটো ধর্মীয় অনুষ্ঠান, নামঘৰত আজি প্রাণ প্রতিষ্ঠাৰ অনুষ্ঠান প্রত্যক্ষ কৰাৰ লগতে বন্তি প্রজ্বলন আৰু নাম–প্রসংগৰে মুখৰিত কৰি তোলে সমগ্র অঞ্চল৷ গুৱাহাটী মহানগৰীৰ ফটাশিল আমবাৰীৰ জি এম চি নিউ হৰিজন কলনীৰ পৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ৰামলালাৰ প্রাণ প্রতিষ্ঠাৰ পোনপটীয়া সম্প্রচাৰ অন্যান্য ভক্তসকলৰ সৈতে প্রত্যক্ষ কৰি এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰয় ৷

পাছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজি ভাৰতবর্ষত নৱপ্রভাতৰ সূচনা হ’ল৷ ৫০০ বছৰৰ দাসত্বৰ পৰা ভাৰতবর্ষ মুক্ত হ’ল৷ এতিয়া ভাৰত বিশ্বগুৰুৰ পথত ধাৱমান হ’ব৷ নৱপ্রভাতৰ সৃষ্টি হ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে আজিৰ দিনটো ৰামময় হৈ আছে৷ আজিৰ দিনটোত ৰামক বাদ দি আমি কোনেও ৰাৱণৰ উল্লেখ কৰা উচিত নহয়৷ আজি সকলোৱে ৰামৰ কথা চিন্তা কৰক৷ ৰাৱণৰ কথা কাইলৈ–পৰহিলৈ চিন্তা কৰিম৷ উল্লেখ্য যে ফটাশিল আমবাৰীৰ হৰিজন কলনীত থকা ৰাম মন্দিৰত আজি পুৱাৰ ভাগতে মন্ত্রী অশোক সিংহলে পূজা–অর্চনা কৰে৷ সেই অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াও উপস্থিত থাকে৷ অঞ্চলটোৰ ৰাইজৰ লগতে ভক্তসকলে যাতে ৰামলালাৰ প্রাণ প্রতিষ্ঠাৰ পোনপটীয়া সম্প্রচাৰ চাব পাৰে, তাৰ বাবে সেই স্থানত বিশাল স্ক্রীনৰো ব্যৱস্থা কৰা হয়৷ তাতেই ভক্তিপ্রাণ ৰাইজৰ সৈতে মুখ্যমন্ত্রী ড০ শর্মাই ৰামলালাৰ প্রাণ প্রতিষ্ঠাৰ পোনপটীয়া সম্প্রচাৰ চায়৷

You might also like