🔹 বন বিভাগৰ হেমাহিৰ অভিযোগ
নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰী : ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলত যন্ত্ৰণাত ছটফটাই থকা আঘাতপ্ৰাপ্ত মখনা হাতীটোৰ অৱশেষত মৃত্যু হ’ল। অন্য এটা হাতীৰ সৈতে হোৱা যুঁজত সোঁ ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল এই হাতীটো । বিগত প্ৰায় সাত দিন ধৰি পাণবাৰী সংৰক্ষিত বনাঞ্চলৰ দাঁতিকাষৰীয়া মেথনি চাহ বাগিচাৰ ৫ নম্বৰ লাইনত বাগিচাৰ এটা খালত আৰ্তনাদ কৰি আছিল হাতীটোৱে । বন বিভাগে এই ক্ষেত্ৰত ততাতৈয়াকৈ যিদৰে হাতীটোৰ চিকিৎসা কৰিব লাগিছিল, সেই চিকিৎসা প্ৰদান নকৰাত ক্ৰমাৎ জটিল হৈ পৰে হাতীটোৰ স্বাস্থ্য। এইক্ষেত্ৰত হাতীটোৰ চিকিৎসাৰ ক্ষেত্ৰত বন বিভাগে হেমাহি কৰাৰ অভিযোগ উত্থাপন কৰিছে বন্যপ্ৰাণীপ্ৰেমীসকলে। সোমবাৰেহে হাতী বিশেষজ্ঞ তথা পদ্মশ্ৰী ডাঃ কে কে শৰ্মাই আঘাতপ্ৰাপ্ত হাতীটোৰ কাষত উপস্থিত হৈ আহত হাতীটোৰ পৰিস্থিতিৰ বুজ লৈছিল ৷ হাতী বিশেষজ্ঞগৰাকীক সংগ দিয়ে কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক ডঃ সোণালী ঘোষ আৰু বন বিভাগৰ লোকে ৷ বন বিভাগৰ হেমাহিৰ বাবেই অৱশেষত হাতীটোৱে নিয়তিৰ ওচৰত হাৰ মানিলে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰকৃতিপ্ৰেমীসকলে।
প্ৰেৰক ৰঞ্জিত ৰজক