নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগুনত ভয়ংকৰ অগ্নিকাণ্ড : অগ্নিনিৰ্বাপক বাহিনী পলমকৈ উপস্থিত হোৱাত ক্ষুব্ধ ৰাইজ

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰী : সমগ্ৰ দেশত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ উল্লাসৰ মাজতে সোমবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত জাগুন টাউনৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত দীনেশ মাহাতো নামৰ লোকজনৰ ছয়টা কোঠাযুক্ত ভাৰাঘৰটো সম্পূৰ্ণৰূপে জুইত জাহ যায়। মাৰ্ঘেৰিটাৰ পৰা যোৱা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ। প্ৰায় বিশ লাখ টকাৰ সা-সম্পত্তিৰ এই অগ্নিকাণ্ডত ক্ষতি হয় বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। উল্লেখ্য যে লেখাপানী থানাৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলটোত অগ্নিনিৰ্বাপক ব্যৱস্থা নথকাত লেখাপানী-জাগুন আদি অঞ্চলত অগ্নিকাণ্ড সংঘটিত হ’লে মাৰ্ঘেৰিটাৰ পৰা যোৱা অগ্নিনিৰ্বাপক বাহিনীয়ে কোনোদিনেই অগ্নি নিৰ্বাপণ কৰিব নোৱাৰে, ফলত ভুক্তভোগী পৰিয়ালসমূহৰ জীৱন-সম্পত্তি ক্ষতিগ্ৰস্ত হৈ আহিছে। বিভিন্ন সময়ত স্থানীয় দল-সংগঠনসমূহে অগ্নিনিৰ্বাপক ষ্টেচন স্থাপনৰ দাবী চৰকাৰ-প্ৰশাসনক জনাই আহিছে যদিও কোনো সুফল ধৰা নাই। সোমবাৰে সংঘটিত অনুৰূপ ঘটনাই অঞ্চলবাসীক ক্ষুব্ধ কৰি তুলিছে। অনতিপলমে অঞ্চলটোত অগ্নিনিৰ্বাপক বাহিনীৰ ব্যৱস্থা কৰিবলৈ মহকুমা প্ৰশাসন তথা মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাক দাবী জনাইছে। অন্যথা প্ৰতিবাদৰ সন্মুখীন হ’বলৈ সাজু থাকিবলৈ প্ৰশাসনক হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে। এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like