নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰী : ২০২০ চনত গঠিত হোজাই জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশন আজি জাতীয় বিদ্যালয় হোজাইৰ ব্যৱস্থাপনাত অনুষ্ঠিত হয়। জাতীয় বিদ্যালয় হোজাইৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা এই অধিৱেশনৰ পতাকা উত্তোলন কৰে সমিতিৰ সভাপতি অতুল বৰাই। ইয়াৰ পিছত জাতীয় বিদ্যালয়ৰ পতাকা উত্তোলন কৰে জাতীয় বিদ্যালয় ন্যাসৰ সভাপতি নেৱাজ আহমেদে। নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে জাতীয় বিদ্যালয় হোজাইৰ অধ্যক্ষ অনুপ কুমাৰ বৰঠাকুৰে। স্মৃতি তৰ্পণ কাৰ্যসূচী আৰম্ভ কৰে ফইজুল হকে। ইয়াৰ পিছতে মূল কাৰ্যসূচী আৰম্ভ হয়। জিলা সমন্বয়ৰক্ষী সমিতিৰ সভাপতি তথা ভেলেউগুৰি জাতীয় বিদ্যালয়ৰ অতুল বৰাৰ সভাপতিত্বত সাধাৰণ সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সমিতিৰ সম্পাদক তথা যমুনামুখ জাতীয় বিদ্যালয়ৰ ৰফিকুল ইছলামে। হোজাই জিলাৰ ৩০খনৰো অধিক জাতীয় বিদ্যালয়ৰ প্ৰতিনিধিয়ে যোগদান কৰা এই অধিৱেশনত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে অসীম কৃষ্ণ বৰুৱা, পল্লৱ বৰবৰা আৰু ধ্ৰুৱ শৰ্মাই।
প্ৰেৰক কিশলয় ডি গোস্বামী