নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত ব’হাগ বিহুৰ পূর্বেই লোকসভা নির্বাচনৰ পোষকতা মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ জানুৱাৰীঃ ব’হাগ বিহুৰ পূর্বেই অসমত লোকসভা নির্বাচন অনুষ্ঠিত হোৱাৰ পোষকতা কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ নাজিৰাত সাংবাদিকৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই এই কথা প্রকাশ কৰি কয় যে সাধাৰণতে অসমত যিটো পৰিৱেশ ব’হাগ বিহুৰ আগতেই নির্বাচন সমাপ্ত হয়৷ ময়ো নির্বাচন আয়োগক অনুৰোধ কৰিম যাতে অসমৰ নির্বাচন ১৪ এপ্রিলৰ আগতে সম্পূর্ণ হয়৷ তেতিয়া অসমৰ মানুহে ভালদৰে বিহুতো পালন কৰিব পাৰিব৷ উল্লেখ্য যে দেশৰ নির্বাচন আয়োগে অহা ১৬ এপ্রিল সম্ভাব্য নির্বাচনৰ দিন হিচাপে ধৰি লৈ জিলা নির্বাচনী বিষয়াসকলক প্রস্তুতিমূলক কাম-কাজসমূহ সম্পূর্ণ কৰাৰ নির্দেশ দিছে৷ যোৱা ১৯ জানুৱাৰীত সহকাৰী মুখ্য নির্বাচনী বিষয়া টি মিছাৱে এক পত্রযোগে অহা ১৬ এপ্রিলক সম্ভাৱ্য নির্বাচনৰ দিন হিচাপে লৈ নির্বাচন সম্পর্কীয় প্রস্তুতিমূলক কাম-কাজ সূচী অনুসৰি সমাপ্ত কৰিবলৈ কোৱা হৈছে৷ ইলেকচন প্লেনাৰ প’র্টেলৰ পৰা প্রেৰণ কৰা জাননীত লোকসভা নির্বাচনৰ পূর্বে গ্রহণ কৰিবলগীয়া কার্যসূচী সম্পর্কে জিলা বিষয়াসকলক অৱগত কৰোৱা হৈছিল৷ সেই অনুসৰিয়েই প্রস্তুতিমূলক কাম–কাজসমূহ সম্পূর্ণ কৰি প্রতিবেদন দাখিল কৰিবলৈও জিলা নির্বাচনী বিষয়াসকলক নির্দেশ দিয়ে৷ অৱশ্যে পত্রখনত উল্লেখ কৰিলেও ১৬ এপ্রিল ভোটগ্রহণৰ দিন নহ’বও পাৰে বুলি সংশ্লিষ্ট কর্তৃপক্ষই স্পষ্ট দিয়ে৷ এক্স হেণ্ডেলত মুখ্য কার্যালয়ৰ নির্বাচনী বিষয়াই প্রকাশ কৰা অনুসৰি কেৱল প্রস্তুতিমূলক কাম-কাজসমূহ সম্পূর্ণ কৰাৰ বাবেহে আগন্তুক লোকসভাৰ নির্বাচনৰ দিন ১৬ এপ্রিল বুলি ধৰা হৈছে৷ যিহেতু নির্বাচনৰ পূর্বে যথেষ্টসংখ্যক প্রস্তুতিমূলক কাম–কাজ সম্পূর্ণ কৰিবলগীয়া হয়৷ সকলো জিলা নির্বাচনী বিষয়া অথবা ৰিটার্নিং বিষয়াসকলৰ পর্যায়ত অধিক কার্যকলাপ কৰিবলগীয়া হয়, সেয়েহে জিলা নির্বাচনী বিষয়াসকললৈ যোৱা ১৯ জানুৱাৰীত এই পত্রখন প্রেৰণ কৰা হৈছিল৷ নির্বাচন আয়োগৰ এই তৎপৰতাই ব’হাগ বিহুৰ সময়তে লোকসভা নির্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্রকট কৰি তোলে৷ কিন্তু ব’হাগ বিহুৰ সময়ছোৱা অসমত যিহেতু জাতীয় উৎসৱৰ বতৰ, সেয়ে ইয়াকে লৈ ৰাইজৰ মাজত মিশ্রিত প্রতিক্রিয়াৰো সৃষ্টি হৈছে৷ ইয়াৰ মাজতে আজি মুখ্যমন্ত্রী ড০ শর্মাই ব’হাগ বিহুৰ পূর্বেই অসমত লোকসভা নির্বাচন সম্পূর্ণ কৰাৰ পোষকতা কৰাই নহয়, এই সম্পর্কত তেওঁ নির্বাচন আয়োগক অনুৰোধ জনাব বুলি কৰা মন্তব্যৰ পৰা ৰাজ্যখনত লোকসভা নির্বাচন ব’হাগ বিহুৰ পূর্বেই অনুষ্ঠিত হোৱাটো একপ্রকাৰ নিশ্চিত বুলিব পাৰি৷ কিয়নো প্রতিটো লোকসভা বা বিধানসভা নির্বাচনৰ দিন–তাৰিখ নির্বাচন আয়োগে ঘোষণা কৰাৰ পূর্বেই আয়োগৰ দল প্রতিখন ৰাজ্যলৈ আহি চৰকাৰ, প্রতিটো ৰাজনৈতিক দল, প্রশাসনৰ সৈতে আলোচনাত মিলিত হৈ মতামত গ্রহণ কৰে৷ অসমতো পূর্বৰ দিনসমূহত প্রতিটো ৰাজনৈতিক দলেই বিহুৰ পূর্বেই নির্বাচন অনুষ্ঠিত কৰাৰ পক্ষত মত পোষন কৰি আহিছে৷ চৰকাৰী কর্মচাৰীসকলেও জাতীয় উৎসৱটোৰ সময়ছোৱাত নির্বাচনী দায়িত্বত থকাৰ পৰিৱর্তে পৰিয়ালৰ সৈতে কটাব বিচাৰে৷ এতিয়া চৰকাৰৰ মুৰব্বী স্বয়ং মুখ্যমন্ত্রীয়েও ব’হাগ বিহুৰ পূর্বেই ৰাজ্যখনত লোকসভা নির্বাচন সম্পূর্ণ হোৱাটো বিচৰাত স্বাভাৱিকতে অসমত লোকসভা নির্বাচন বিহুৰ পূর্বেই অনুষ্ঠিত হ’ব বুলি অনুমান কৰিব পাৰি৷

You might also like