মহিলা টি–২০ বিশ্বকাপত দ্বিতীয় জয়লাভ ভাৰতৰ
নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ আই চি চি মহিলা টি–২০ বিশ্বকাপত দ্বিতীয় বিজয় সাব্যস্ত কৰিছে ভাৰতে৷ পার্থৰ ৱাকা ষ্টেডিয়ামত কালি অনুষ্ঠিত গ্রুপৰ এখন মেচত হৰমনপ্রীত কৌৰ নেতৃত্বাধীন দলটোৱে বাংলাদেশক ১৮ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ বাংলাদেশৰ আমন্ত্রণক্রমে ইনিংছ মুকলি কৰি ভাৰতে নির্ধাৰিত ২০ অ’ভাৰত ৬ উইকেটৰ বিনিময়ত ১৪২ ৰান সংগ্রহ কৰে৷ অ’পেনাৰ তানিয়া ভাটিয়াৰ উইকেট আৰম্ভণিতে হেৰুৱাই দলটো বিপর্যয়ৰ সন্মুখীন হৈছিল যদিও ১৬ বছৰীয়া প্রতিভাৱান বেটছমেন শেফালি বার্মাই বিস্ফোৰক ৩৯ ৰানৰ ইনিংছ খেলি ভাৰতীয় ইনিংছক গতি প্রদান কৰে৷ শেফালিয়ে মাত্র ১৭ বলৰ সন্মুখীন হৈ দুটা বাউণ্ডেৰী আৰু চাৰিটা অ’ভাৰ বাউণ্ডেৰী কোবায়৷ জেমছ ৰড্রিগুৱেজে ৩৭ বলত দুটা বাউণ্ডেৰী আৰু এটা অ’ভাৰ বাউণ্ডেৰীৰে ৩৪ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷ অধিনায়িকা হৰমনপ্রীত ৮ ৰানত আৰু দীপ্তি শর্মা ১১ ৰানত পেভিলিয়নমুখী হয় যদিও বেদাকৃষ্ণমূর্তিয়ে ১১ বলত ২০ ৰান কৰে৷ প্রত্যুত্তৰত বাংলাদেশে নির্ধাৰিত ২০ অ’ভাৰত ৮ উইকেট হেৰুৱাই ১২৪ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হয়৷ দলটোৰ হৈ নিগৰ চুলতানাই ৩৫ আৰু মুর্ছিদা খাতুনে ৩০ ৰান কৰে৷ ভাৰতৰ পুনম পাণ্ডেই ৩টা, অৰুন্ধতী ৰেড্ডী আৰু শিখা পাণ্ডেই দুটাকৈ উইকেট পায়৷