নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেআইনী কথা পতাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’বঃ ড০ শর্মা

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ অসম তথা উত্তৰ পূবক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ হুংকাৰ প্ৰদান কৰা শ্বার্জিল ইমামৰ সৈতে ধুবুৰীৰ সাংসদ তথা এ আই ইউ ডি এফ প্রধান বদৰুদ্দিন আজমলৰ সম্পর্কৰ তথ্য পোহৰলৈ অহাৰ পাছতে সৃষ্টি হৈছে ব্যাপক প্রতিক্রিয়া৷ দেশৰ অখণ্ডতাৰ প্রতি ভাবুকি সৃষ্টি কৰা ইমামৰ সৈতে সাংসদ আজমলে দীর্ঘদিনে সম্পর্ক ৰখা কার্যক ধিক্কাৰ দিছে বিভিন্ন দল–সংগঠনে৷ এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি ৰাজ্যৰ বিত্ত–স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে শ্বার্জিল ইমামৰ অসমৰ বহু ব্যক্তিৰ সৈতে সম্পর্ক আছিল৷ টেলিফোনেৰেও ইমামে বহুতৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ তথ্য পোহৰলৈ আহিছে৷ চৰকাৰে এই সমগ্র বিষয়টোৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে৷

অসমত শ্বার্জিল ইমামে এটা নেটৱর্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয়– ‘তেওঁৰ বিৰুদ্ধে তদন্তত কি ওলায় সেয়া চাম৷ ইয়াৰ ভিত্তিত যি ব্যৱস্থা গ্রহণ কৰিব লাগে, সেই ব্যৱস্থাই গ্রহণ কৰা হ’ব৷ বদৰুদ্দিন আজমলৰ সৈতে শ্বার্জিলৰ সম্পর্ক থকা বুলি বাতৰিকাকতত আৰক্ষীৰ সূত্রৰ উদ্ধৃতিৰে বাতৰি প্রকাশ পাইছে৷ মন্ত্রী হিচাপে আৰক্ষীয়ে কোনো কথা এতিয়ালৈ মোৰ সন্মুখলৈ লৈ অহা নাই৷ সেয়েহে এই সন্দর্ভত মন্তব্য নিদিওঁ৷ কিন্তু যিয়ে কথা নাপাতক, যদিহে শ্বার্জিলৰ সৈতে বে–আইনী কথা আলোচনা কৰিছে, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব৷’ ইপিনে ৰাজ্যিক বিজেপিৰ সংখ্যালঘু কোষৰ অধ্যক্ষ মমিনুল আৱালে প্রতিক্রিয়া প্রকাশ কৰি কয় যে শ্বার্জিল ইমামৰ অসমৰ সৈতে সম্পর্ক বহু পুৰণি৷ এয়া অসমক ইছলামিক ষ্টেট হিচাপে গঢ়ি তোলাৰ বাবে কৰা ষড়যন্ত্রৰে এক অংশ বুলি উল্লেখ কৰি তেওঁ কয়– ‘যিসকল মানুহে অসমখন ইছলামিক ষ্টেট হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰা বুলি সন্দেহ কৰি আহিছোঁ, সেইসকলৰেই এজন বদৰুদ্দিন আজমল৷ অসমত এনে বহুতো বুদ্ধিজীৱী আছে, যিসকলে শ্বার্জিলক গ্রেপ্তাৰৰ সময়ত হিয়া ঢ়াকুৰি কান্দিছিল৷ কেৱল ইছলাম ধর্মীয়ে নহয়, আন ধর্মৰ বুদ্ধিজীৱীও ইয়াত চামিল হৈ আছে৷ সোঁপন্থীয়েই হওক বা বাঁওপন্থীয়ে হওক, অসমক ইছলামিক ষ্টেট হিচাপে গঢ়ি তুলিবলৈ তেওঁলোকে ষড়যন্ত্র কৰি আহিছে৷ তদন্তত এনে বহু কথা স্পষ্ট হ’ব৷’ আনহাতে, সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে যিসকলে এনেধৰণৰ বিভাজনকামী ষড়যন্ত্র কৰি আহিছে, তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগে৷ এনেধৰণৰ বিভেদকামী ষড়যন্ত্রই অসমৰ জনতাক প্রভাৱান্বিত কৰিব নোৱাৰে বুলি উল্লেখ কৰি গগৈয়ে কয়– ‘দেশৰ অখণ্ডতা–সার্বভৌমত্ব্ বিৰুদ্ধে কথা কোৱা ব্যক্তিসকলৰ বিপক্ষে কঠোৰ ব্যৱস্থা লোৱা উচিত৷ এনে প্রৰোচনামূলক মন্তব্যই অসমৰ ৰাইজক প্রভাৱান্বিত নকৰে৷ অসমৰ ৰাইজে নিজৰ আত্মপ্রতিষ্ঠাৰ বাবে সংগ্রাম অব্যাহত ৰাখিব৷’ একেদৰে শ্বার্জিল ইমাম আৰু বদৰুদ্দিন আজমলৰ সম্পর্কক কঠোৰ ভাষাৰে গৰিহণা দিছে অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ (এ বি ভি পি) অসম ৰাজ্যিক শাখাই৷ এ বি ভি পিৰ ৰাজ্যিক কমিটীৰ সম্পাদক ৰাকেশ দাসে প্রতিক্রিয়া প্রকাশ কৰি কয় যে সংসদত বহাৰ যোগ্যতাই নাই বদৰুদ্দিন আজমলৰ৷ এই প্রসংগতে দাসে কয়– ‘অসমৰ পৰা সাংবিধানিক প্রক্রিয়াৰে তেওঁ সংসদলৈ মনোনীত হৈছে৷ দেশৰ অখণ্ডতা ৰক্ষাৰ তেওঁ শপত লৈছিল৷ ইয়াৰ পাছতো শ্বার্জিল ইমামৰ দৰে বিচ্ছিন্নতাবাদীৰে বৈঠকত বহা আজমলৰ সংসদত বহাৰ কোনো যোগ্যতা নাই৷ কেৱল আজমলে নহয়, আন বহুতো অধ্যাপক, বুদ্ধিজীৱী, শিক্ষাবিদ জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে৷ এইসকলৰ বিৰুদ্ধেও তদন্ত কৰি ব্যৱস্থা গ্রহণ কৰিব লাগে৷’ উল্লেখ্য যে দিল্লীত নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী আন্দোলনত ভাষণ প্রদান কৰি শ্বার্জিল ইমামে অসমসহ উত্তৰ–পূর্বাঞ্চলক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ হুংকাৰ দিছিল৷ ইয়াৰ পাছতে দেশৰ ভিন্ন প্রান্তৰ লগতে অসম চৰকাৰে শ্বার্জিলৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ৷ সম্প্রতি অসম আৰক্ষীৰ জিম্মাত থকা শ্বার্জিলক মাৰাথান জেৰা অব্যাহত ৰাখিছে শীর্ষ আৰক্ষী বিষয়াই৷ এই জেৰাৰ সময়তে পোহৰলৈ আহিছে বহুতো বিস্ফোৰক তথ্য৷ বিশেষকৈ ইয়াৰ পূর্বে অসমলৈ আহি বিভিন্ন স্থানত সভা অনুষ্ঠিত কৰাৰ লগতে ৰাজ্যৰ একাংশ বুদ্ধিজীৱী–শিক্ষাবিদৰ্ মিলিত হোৱা তথ্যই স্বাভাৱিকতে প্রতিক্রিয়া সৃষ্টি কৰিছে৷

You might also like