নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ বিশ্বৰ ক্ষুদ্রতম নদীদ্বীপ উমানন্দ মন্দিৰত ভক্ত তথা দর্শনার্থীক আনন্দ যোগোৱা একমাত্র দুষ্প্রাপ্য সোণালী বান্দৰটো বিগত ছমাহ ধৰি সন্ধানহীন হৈ আছে৷ মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক অনিল ভট্টাচার্যই এই কথা অৱগত কৰাই কয় যে কোনো অজ্ঞাত স্থানত বান্দৰটো বার্ধক্যজনিত কাৰণত মৃত্যুমুখত পৰাৰ সম্ভাৱনা আছে৷ অৱশ্যে বিগত ছমাহ ধৰি বান্দৰটো উমানন্দৰ বাকৰিত দৃশ্যমান হোৱা নাই যদিও বান্দৰটোৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ উল্লেখ্য যে প্রায় ১৮ বছৰ পূর্বে উজনি অসমৰ এটা পৰিয়ালে মন্দিৰত দুটা সোণালী বান্দৰ এৰি দিছিল৷ এই বান্দৰ দুটাৰ প্রজননৰ পিছত বান্দৰৰ সংখ্যা ছটালৈ বৃদ্ধি পাইছিল যদিও ইয়াৰে দুটা গছৰ পৰা মৃত্যু হৈছিল আৰু তিনিটা বান্দৰ সংৰক্ষণ কৰিবলৈ চিৰিয়াখানা কর্তৃপক্ষই লৈ আহিছিল৷ এটা বান্দৰ তিনি–চাৰি বছৰ উমানন্দ মন্দিৰত আছিল যদিও বিগত ছমাহ ধৰি সেইটোও সন্ধানহীন হৈ পৰিছে৷