নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছ এৰি অগপলৈ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ কালি বিজেপিত বহু আগশাৰীৰ নেতাই যোগদান কৰাৰ পিছত আজি জাতীয়তাবাদী দল অগপতো এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত ২০১৩ চনত অগপ ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই যোগদান কৰে। অগপৰ পৰা তেওঁক সাদৰ আমন্ত্ৰণ জনোৱা হয়। যোগদান কৰি ভট্টাচাৰ্যই কয়, ২০১৩ চনত এই ঘৰখনৰ পৰা অভিমান কৰি ওলাই গৈছিলোঁ। ১১ বছৰ বনবাসৰ পাছত মই এতিয়া পুনৰ ঘৰলৈ উভতি আহিছোঁ। কংগ্ৰেছক সমালোচনা কৰি ভট্টাচাৰ্যই কয়, কংগ্ৰেছ দলে নিজৰ মাজত থকা খোৱা-কামোৰা ঠিক কৰিব পৰা নাই, বেলেগক কি ন্যায় দিব। কংগ্ৰেছে অসমৰ স্বাভিমান ৰক্ষা কৰিব নোৱাৰে। অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত থকা দায়িত্ব কংগ্ৰেছে পালন কৰিব নোৱাৰে। ইফালে ভট্টাচাৰ্যৰ যোগদানৰ পিছতে মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী তথা দলৰ সভাপতি অতুল বৰাই। তেওঁ কয়, ৰাহুল গান্ধীৰ এই যাত্ৰা ন্যায় যাত্ৰা হ’ব নোৱাৰে। লোকসভা নিৰ্বাচনত আমাৰ আসনৰ সংখ্যা বৃদ্ধি পাব। অচিৰেই কংগ্ৰেছৰ বহু বিধায়কে যোগদান কৰি আছে। এইবাৰ লোকসভা নিৰ্বাচন আগতকৈ বেলেগ হ’ব।

You might also like