গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ; বিশিষ্ট লেখক অৰূপ কুমাৰ দত্তক ডি লীট–বীৰেন সিংহক সন্মানীয় ডক্টৰেট প্ৰদান
নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ আন্তর্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী সুধীৰ কুমাৰ স’পৰীৰ৷ সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২৮ সংখ্যক দীক্ষান্ত সমাৰোহত অংশগ্রহণ কৰি বিশিষ্ট শিক্ষাবিদ–বিজ্ঞানীগৰ্ লগতে কয় যে শৈক্ষিক নিয়মানুৱর্তিতাৰ মাজত থাকিও বিশ্ববিদ্যালয় এখনৰ পৰিসৰ মানসিক দৃষ্টিৰে বিশাল ৰূপত গঢ়ি তুলিব পাৰি৷
আনহাতে, দীক্ষান্ত সমাৰোহত সভাপতিত্ব কৰি দিয়া ভাষণত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কয় যে সুচিন্তিত বৃত্তিমূলক আৰু মূল্যবোধসম্পন্ন শিক্ষা পদ্ধতিৰে গুৱাহাটী বিশ্ববিদ্যালয়ক মানৱ সম্পদৰ এখন উৎকৃষ্ট শিক্ষানুষ্ঠান হিচাপে গঢ়ি তুলিব লাগিব৷ তেওঁ নতুন শিক্ষা নীতি সন্দর্ভত মত ব্যক্ত কৰি কয় যে সমাজ এখনক জ্ঞানসমৃদ্ধ আৰু মানসন্মত শিক্ষাৰে সমৃদ্ধ কৰিবলৈ হ’লে এই শিক্ষা নীতিৰ প্রয়োজনীয়তা আছে৷ ভাৰতবর্ষৰ ঐতিহ্যক কেন্দ্র কৰি প্রস্তুত কৰা এই শিক্ষা নীতিয়ে দেশক নতুন দিশৰ সন্ধান দিব পাৰিব৷ ইয়াৰ বাবে নিয়মীয়া শৈক্ষিক অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে শিক্ষক–ছাত্র আৰু বিষয়ববীয়াসকলৰ মাজত স্বাধীন চিন্তাৰ পৰিৱেশ গঢ় দিব লাগিব বুলিও ৰাজ্যপালগৰাকীয়ে মন্তব্য কৰে৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হেমন্ত কুমাৰ নাথে আঁত ধৰা সমাৰোহত ভাষণ প্রদান কৰি উপাচার্য অধ্যাপক প্রতাপজ্যোতি সন্দিকৈয়ে কয় যে শিক্ষা আৰু উদ্যোগৰ মাজৰ সম্পর্ক উন্নত কৰাৰ লগতে সংস্থাপন দিব পৰা নীতি গঢ়ি তোলাটো প্রয়োজনীয়৷ এই শতিকাক জ্ঞানৰ শতিকা বুলি উল্লেখ কৰি তেওঁ লগতে নীতি নির্ধাৰণৰ ক্ষেত্রত বিজ্ঞান–প্রযুক্তিৰ প্রয়োগ আৰু উন্নত–উন্নয়নশীল দেশৰ মাজত বিজ্ঞান–প্রযুক্তিৰ ব্যৱধান কম কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ আজিৰ এই দীক্ষান্ত সমাৰোহত বিশিষ্ট লেখক অৰূপ কুমাৰ দত্তক ডি–লীট আৰু যশস্বী ভাস্কর্য শিল্পী বীৰেন সিংহক ডক্টৰেট সন্মান প্রদান কৰা হয়৷ ইফালে, গুৱাহাটী বিশ্ববিদ্যালয়ে আজিৰ সমাৰোহত ২,৫৩০গৰাকী ছাত্র–ছাত্রীক পি এইচ ডি, এম ফিল ডিগ্রী আৰু ডিপ্ল’মা প্রদান কৰে৷ ডি–লীট সন্মান গ্রহণ কৰি বিশিষ্ট লেখক অৰূপ কুমাৰ দত্তই কয় যে এই সন্মান গ্রহণ কৰিব পোৱাটো এক অতুলনীয় সন্মান৷ আনহাতে, বিশিষ্ট ভাস্কর্য শিল্পী বীৰেন সিংহই এই সন্মানে তেওঁক অতিশয় আনন্দিত কৰা বুলিও মন্তব্য কৰে৷ আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ কাৰিকৰী বিজুতিৰ বাবে বহুসংখ্যক শিক্ষার্থীয়ে দীক্ষান্ত সমাৰোহৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিব নোৱাৰিলে৷