নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুছলমানক ধ্বংস কৰাৰ আঁৰত কংগ্ৰেছ : আজমল

ধুবুৰীৰ দুৰাহাটিত কৰ্মীসভাৰে লোকসভা নিৰ্বাচনৰ ৰণদুন্দুভি বদৰুদ্দিন আজমলৰ

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ ইছলামবিৰোধী সকলো বস্তুকে এটা ঘৰত বন্ধ কৰি তলা-চাবি মাৰিব লাগে নে নেলাগে? এইবাৰ চতুৰ্থবাৰৰ বাবে লগাব পাৰিব নে? এইদৰেই আজি ধুবুৰীৰ দুৰাহাটিত আয়োজিত এআইইউডিএফ দলৰ এক কৰ্মীসভাৰে আগন্তুক লোকসভা নিৰ্বাচনৰ ৰঙশিঙা বজালে ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলে। সভাখনত লোকসভা নিৰ্বাচনত তেওঁৰ বিৰূদ্ধে ধুবুৰীত প্ৰাৰ্থীৰূপে কাক প্ৰক্ষেপ কৰিব সেয়া লৈ বিভিন্ন জনৰ নাম শুনা গৈ থকাৰ বিষয়টো লৈ কংগ্ৰেছক কটাক্ষও কৰে তেওঁ। কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি তেওঁ আৰু কয় যে এই ৭৫ বছৰৰ ভিতৰত ৬৫ বছৰ কংগ্ৰেছৰ ৰাজত্ব আছিল? আছিল নে নাই? সভাখনত নেলীৰ গণহত্যাৰ প্ৰসংগ উত্থাপন কৰি ৰাহুল গান্ধীকে ধৰি দেশৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীকো ক্ষুৰধাৰ সমালোচনা কৰে। তেওঁ কয়, ইন্দিৰা গান্ধীয়ে কৈছিল- আপলোগ মেলা মুছলমান ভাই নিকালকে আইয়ে, হমকো ভোট দিজিয়ে। হম এক এক আদমী কে পিছে, এক এক ভোটাৰ কে পিছে এক এক বন্দুকৱালা আৰ্মী দেংগে। আৰ্মিতো নিদিলে, পুলিচো নিদিলে, লাঠীৱালাও নিদিলে। নেলীত ৪ ঘন্টাৰ ভিতৰত সাৰে তিনি হাজাৰ মুছলমান ছোৱালী, মহিলা, পুৰুষক মাৰি কাটি শেষ কৰিলে। এই কংগ্ৰেছ পাৰ্টী-আজি ৪০ বছৰ হৈছে কিন্তু এজন মানুহক ধৰিব নোৱাৰিলে। কিয়? মৰিলোঁ তো আমি মুছলমান না? তেওঁ আৰু কয়, এওঁলোকে নিবিচাৰে। মুছলমান এনেয়ে নদী ভাঙনৰ কৱলত পৰি শেষ হ’ল, এনেয়ে এনআৰচিৰ পৰা নাম কাটি আমাক শেষ কৰিলে, এওঁলোকে আমাক ডি-ভেটাৰ বানালে। ৰাহুল গান্ধীক আক্ৰমণ কৰি তেওঁৰ বক্তব্য, ৰাহুল গান্ধী আহিল -বদৰুদ্দিন বিজেপিৰ এই মুদ্ৰা, সেই মুদ্ৰা আৰু সেয়ে বদৰুদ্দিনক খেদিব লাগিবে। আৰু এয়াই অসমৰ সমস্যা নেকি? মই কলোঁ নদী ভাঙনৰ জৱাব দিয়ক – ৰাহুল গান্ধী চুপ। মই কলোঁ নেলীৰ ঘটনাৰ জৱাব দিয়ক – ৰাহুল গান্ধী চুপ। মই কলোঁ- কংগ্ৰেছ দলে ডি-ভোটাৰ বনালে, ন্যায় লাগে। ৰাহুল গান্ধী চুপ। ডিটেনচন কেম্প কোনে বনাইছে? তৰুণ গগৈ, কংগ্ৰেছে। এইদৰেই সংখ্যলঘু ভোটাৰৰ আৱেগক সাৰথি কৰি দুৰাহাটিত এখন কৰ্মীসভাৰে আজিৰে পৰা আগন্তুক লোকসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰে আজমলে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like