নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাইৰুল হত্যাৰ তদন্ত চিবিআইক দিবলৈ হাগ্রামাক প্রত্যাহ্বান শৰণীয়াৰ

প্রমোদ বড়োক কটাক্ষ কৰি কোকৰাঝাৰৰ সাংসদে ক’লে– ‘একে নিশাতে ৰত্নাকৰ বাল্মীকি হ’ব নোৱাৰে’

নিয়মীয়া বাৰ্তা ২৫ ফেবব্ৰুৱাৰীঃ সমাগত পৰিষদীয় নির্বাচনক কেন্দ্র কৰি বড়োভূমিৰ ৰাজনৈতিক বতাহ উত্তাল হৈ থকাৰ সময়তে সংঘটিত খাইৰুল হক হত্যাকাণ্ডৰ প্রসংগত বি পি এফৰ সভাপতি তথা বি টি চিৰ মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰীক উভতি ধৰিছে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই৷ খাইৰুল হত্যাকাণ্ডক ৰাজনৈতিক আখ্যা দি ইয়াৰ সৈতে শৰণীয়া জড়িত থকা বুলি বি টি চিৰ মুখ্য কার্যবাহী সদস্য মহিলাৰীয়ে উত্থাপন কৰা অভিযোগ কোকৰাঝাৰৰ সাংসদজনে পোনছাটেই নস্যাৎ কৰে৷ অকল নস্যাৎ কৰাই নহয়, খাইৰুল হক হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব চি বি আইক অর্পণ কৰিবলৈ বি টি চিৰ মুখ্য কার্যবাহী সদস্য মহিলাৰীক প্রত্যাহ্বান জনাইছে সাংসদ শৰণীয়াই৷ সোমবাৰে দিছপুৰ প্রেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত সাংসদ শৰণীয়াই কয়– ‘যোৱা ২৭ জানুৱাৰীত সম্পাদিত বি টি আৰ চুক্তিৰ এমাহ নৌহওঁতেই হত্যাকাণ্ড সংঘটিত হোৱাটো অতি গুৰুত্বপূর্ণ৷ কাৰণ আমি পূর্বেই কৈছিলোঁ যে এইবাৰৰ বি টি চি নির্বাচন ৰক্তক্ষয়ী হ’ব৷ বি পি এফৰ কর্মী খাইৰুল হকক গুলীয়াই হত্যা কৰা ঘটনাক হাগ্রামা মহিলাৰীয়ে ৰাজনৈতিক আখ্যা দিছে৷ ঘটনাৰ তদন্ত নকৰি, দোষীক গ্রেপ্তাৰ নকৰি নৱ কুমাৰ শৰণীয়াক বদনাম দিব বিচাৰিছে৷ দোষ জাপি দিব বিচৰা হৈছে যুদ্ধবিৰত সংগঠনসমূহৰ ওপৰতো৷ কিন্তু এইবোৰ সম্পূর্ণৰূপে ভিত্তিহীন৷ যুদ্ধবিৰত সংগঠনসমূহে এটা কথাই বিশ্বাস কৰে, সেয়া হ’ল– সমস্যাৰ ৰাজনৈতিক সমাধান হোৱাটো৷ হাগ্রামা মহিলাৰী বর্তমান শাসনত আছে৷ মই তেওঁলোকক প্রত্যাহ্বান জনাইছোঁ– খাইৰুল হক হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব চি বি আইক দিব লাগে আৰু ঘটনা সন্দর্ভত থকা সকলো তথ্য ৰাজহুৱা কৰক৷’ অনাগত সময়ছোৱাত খাইৰুল হত্যাকাণ্ডৰ দৰে ঘটনা দুই–এটা হ’ব পাৰে বুলি তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰে৷ তদুপৰি এই হত্যাকাণ্ডৰ সৈতে বি পি এফ জড়িত থকাৰ ওলোটাই সন্দেহ প্রকাশ কৰি সাংসদ শৰণীয়াৰ দাবী– খাইৰুল হকক বহুৱাই লৈ শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা হৈছিল৷ খাইৰুল হক হত্যাকাণ্ডত যুদ্ধবিৰত গোট জড়িত বুলি অভিযোগ প্রসংগত বি টি চিৰ মুখ্য কার্যবাহী সদস্য মহিলাৰীক আক্রমণৰ লক্ষ্য কৰি লৈ সাংসদ শৰণীয়াই কয় যে তেওঁক আলফাৰ আলোচনাপন্থী গোটে কেতিয়াবাই বহিষ্কাৰ কৰিছে৷ তেওঁলোকৰ লগত মোৰ কোনো সম্পর্ক নাই৷ ইয়াৰ বিপৰীতে অনুপ চেতিয়া–প্রাণজিৎ শইকীয়া–মিথিংগা দৈমাৰীহে হাগ্রামা মহিলাৰীৰ বহতীয়া৷ শেহতীয়াকৈ কোকৰাঝাৰত আলফাৰ আলোচনাপন্থী গোটৰ এখন বৈঠক অনুষ্ঠিত হৈছিল৷ তাত হাগ্রামা মহিলাৰীয়ে ৫ লাখ টকা দিছে৷ সংবাদ মাধ্যমত বাতৰি প্রকাশ পাইছে কালি খৈৰাবাৰীত হাগ্রামা মহিলাৰী আৰু অনুপ চেতিয়া বহিছিল৷ সমাগত বি টি চি নির্বাচনত গণ সুৰক্ষা পার্টীয়ে ৪০ পৰিষদীয় সমষ্টিতে প্রার্থী প্রক্ষেপ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷ এই সন্দর্ভত সাংসদ শৰণীয়াই কয়– ‘এইবাৰৰ নির্বাচনত বি টি চিৰ বর্তমানৰ শাসক যে হাৰিব, তেওঁলোকৰ অস্তিত্ব যে নোহোৱা হৈ যাব সেয়া নিশ্চিত৷ বি পি এফে ইতিমধ্যে ঘোষণা কৰা ১৬জন প্রার্থীয়েই নির্বাচনত পৰাজিত হ’ব৷’ এবছুৰ সদ্য প্রাক্তন সভাপতি তথা ইউ পি পি এলত যোগদানেৰে পংকিল ৰাজনীতিত পদার্পণ কৰা প্রমোদ বড়োকো তেওঁ কটাক্ষ কৰে৷ সাংসদ শৰণীয়াই কয়– ‘বি টি চিত সকলোৱে পৰিৱর্তন বিচাৰিছে৷ কিন্তু প্রমোদ বড়োৱে পৰিৱর্তনৰ নামত বি টি চিত চৰকাৰ বনাব বা মুখ্য কার্যবাহী সদস্য হ’ব নোৱাৰে৷ বি টি আৰ চুক্তি সম্পাদনৰ পূর্বে তেওঁ আমাক জনাব লাগিছিল৷ আজিৰ দিনত পৰিৱর্তনৰ নামত গাদী দখলৰ সুবিধা নাই৷ একে নিশাতে ৰত্নাকৰ বাল্মীকি হ’ব নোৱাৰে৷’ বি টি আৰৰ জৰিয়তে অবড়োসকলক পণবন্দী কৰি ৰখাৰ দৰে হৈছে বুলিও তেওঁ মন্তব্য কৰে৷ তেওঁ দাবী কৰা মতে, এইবাৰৰ নির্বাচনত এন ডি এফ বিয়ে যদি লগ লাগে, তেন্তে ইউ পি পি এলেই গণ সুৰক্ষা পার্টীৰ মূল প্রতিদ্বন্দ্বী হ’ব৷ বি পি এফৰ কার্যকালত বি টি চিত ব্যাপক দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি তেওঁ মুখ্য কার্যবাহী সদস্য মহিলাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ ইফালে, খাইৰুল হক হত্যাকাণ্ড সন্দর্ভত এবছুৰ ভাষ্যক তেওঁ দুর্ভাগ্যজনক আখ্যা দিয়ে৷ সংবাদ মেলত উপস্থিত গণ সুৰক্ষা পার্টীৰ সাধাৰণ সম্পাদক আব্দুল বাদশ্বাহে জানিবলৈ দিয়া মতে, বর্তমানলৈকে ৪০টা পৰিষদীয় সমষ্টিত প্রার্থিত্ব বিচাৰি দুই শতাধিকে আবেদন দাখিল কৰিছে৷ সংবাদ মেলত অবড়ো সুৰক্ষা সমিতিৰ উপদেষ্টা ব্রজেন মহন্ত আৰু সাধাৰণ সম্পাদক মাধৱ ৰাজবংশী উপস্থিত আছিল৷

You might also like