নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাত সাংসদ–বিধায়কৰ উপস্থিতিত ‘দিশা’ৰ গুৰুত্বপূর্ণ বৈঠক সম্পন্ন

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকৰ সভাপতিত্বত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ (দিশা) তিনিমহীয়া বৈঠকখন সোমবাৰে জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়৷ সভাত জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্রগতি সম্পর্কত সমীক্ষা চলোৱা হয়৷ সভাত পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্র ডেকা, জনিয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম, চেঙাৰ বিধায়ক শুকুৰ আলী আহমেদ, ভৱানীপুৰৰ বিধায়ক আব্দুল কালাম আজাদ, সৰুক্ষেত্রীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ উপৰি বিভিন্ন আঞ্চলিক পঞ্চায়তৰ সভাপতিসকলো উপস্থিত থাকে৷ জিলা উপায়ুক্তৰ অনুপস্থিতিত সভাৰ উদ্দেশ্যব্যাখ্যা কৰে জিলা উন্নয়ন আয়ুক্ত ডাঃ বাবুল চহৰীয়াই৷ পিছত উপায়ুক্ত মুনীন্দ্র শর্মায়ো সভাত অংশগ্রহণ কৰে৷ জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া প্রণৱ কুমাৰ শর্মা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শর্মা প্রমুখ্যে জিলাখনৰ সকলো উন্নয়নী বিভাগৰ মুৰব্বী বিষয়াসকলে এই বৈঠকত উপস্থিত থাকি নিজ নিজ বিভাগৰ কাম–কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে জনপ্রতিনিধিসকলৰ্ প্রশ্নৰ উত্তৰ দিয়ে৷ সভাপতিৰ আসনৰ পৰা সাংসদ আব্দুল খালেকে কয় যে জিলাখনৰ উন্নয়ন প্রসংগত এই বৈঠকখনৰ অপৰিসীম গুৰুত্ব আছে৷ সেয়েহে সভাত সকলো উন্নয়নী বিভাগৰ দায়িত্বশীল বিষয়াৰ লগতে এগৰাকী ৰাজ্য চৰকাৰৰ প্রতিনিধিৰ উপস্থিতি নিশ্চিত হোৱাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে৷ পুৱাৰ পৰা আবেলিলৈ অনুষ্ঠিত সভাখনত বিভিন্ন বিষয়ৰ লগতে জিলাখনৰ আত্মসহায়ক গোটসমূহৰ কাম–কাজৰ চৰজমিন পর্যালোচনা কৰাৰ বাবেও সিদ্ধান্ত গ্রহণ কৰা হয়৷

You might also like