🔹 অসমীয়া লোক জীৱনকে ধৰি উদ্ভাসিত নীলপৱন-দীপালীৰ প্ৰেমগাথা
নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰী : বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে উদুলি-মুদুলি উত্তৰ অসমৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়। মহাবিদ্যালয়খনত চলি থকা ৫৭সংখ্যক মহাবিদ্যালয় সপ্তাহ উপলক্ষে ছাত্ৰ একতা সভাৰ উদ্যোগত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীসকলে শুকুৰবাৰে এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়। ২৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা মহাবিদ্যালয় সপ্তাহৰ আজি ষষ্ঠ দিনটোত মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে ঢকুৱাখনা নগৰত উলিওৱা বর্ণিল-দৃষ্টিনন্দন তথা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই ঢকুৱাখনাবাসীক আপ্লুত কৰিবলৈ সক্ষম হয়।
মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগে বিশেষ বিশেষ দৃশ্যাংশৰে উলিওৱা আজিৰ এই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা অধ্যক্ষ ড০ যোগানন্দ সূত আৰু অধ্যাপক-অধ্যাপিকাৰ লগতে একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মহাবিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ অমল চন্দ্ৰ দত্তই।শুভাৰম্ভণী ভাষণত অধ্যাপক ড০ দত্তই মহাবিদ্যালয় সপ্তাহৰ বিভিন্ন কাৰ্যসূচীত শিক্ষার্থীসকলৰ সুকুমাৰ কলা বিকশিত হয় বুলি কৈ শোভাযাত্ৰাৰ বিষয়বস্তুত অসমীয়া সমাজ জীৱন মূর্ত হৈছে বুলি শিক্ষার্থীসকলক উদ্বুদ্ধ কৰে। আজিৰ এই সাংস্কৃতিক শোভাযাত্রাত অসমীয়া গ্রাম্য জীৱনৰ সকলো দিশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতি প্ৰদৰ্শন কৰে। সাম্প্ৰতিক সময়ৰ বহুকেইটা সমস্যা- পৰিৱেশ সংৰক্ষণ, প্লাষ্টিক বৰ্জনৰ ওপৰত সজাগতা সৃষ্টিৰ উপৰি তাঁতশাল, বিহুৰ লোকাচাৰ, অসমৰ গ্ৰামাঞ্চলৰ জীৱন ধাৰাৰ জীৱন্ত প্ৰতিচ্ছবি, অসমৰ লুপ্তপ্ৰায় সংস্কৃতিৰ পৰা বিবাহ পদ্ধতি, মাছ ধৰা, শিক্ষা ব্যৱস্থাৰ বিভিন্ন বিষয়বস্তুৰ সুন্দৰ প্ৰতিফলন ঘটায় মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে৷
সাংস্কৃতিক শোভাযাত্ৰাত মিচিং, দেউৰী, কোচ ৰাজবংশী, সোণোৱাল কছাৰী, তিৱা, নেপালীকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ কলাকৃষ্টি, নৃত্য আদি উপস্থাপন তথা পৰিৱেশনে শোভাযাত্ৰা কৰি তোলে আকৰ্ষণীয় তথা দৃষ্টিনন্দন। নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰৰ প্ৰতীকী উপস্থাপনে সাংস্কৃতিক শোভাযাত্ৰাটোক বিশেষ মাত্ৰা প্ৰদান কৰে। ঢকুৱাখনা মহাবিদ্যালয়ৰ পৰা উলিওৱা এই শোভযাত্ৰা সমগ্ৰ ঢকুৱাখনা নগৰ পৰিভ্ৰমণ কৰাৰ পিছত পুনৰ ঢকুৱাখনা মহাবিদ্যালয়ত সামৰণি মৰা হয়।ইফালে, এই শোভাযাত্ৰা চাবৰ বাবে ঢকুৱাখনাৰ ৰাজপথত শুকুৰবাৰে ভিৰ কৰে বহু লোকে।
প্ৰেৰক পুলকজ্যোতি বৰা