নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰী : কামৰূপৰ বকো সমষ্টিৰ নগৰবেৰাৰ একমাত্ৰ মহাপুৰুষীয়া সত্ৰধামলৈ যোৱা মেধিপাৰা-মালঞ্চা সংযোগী লোকনিৰ্মাণ বিভাগৰ পথটি কেইবাবছৰ ধৰি অতিকৈ জৰাজীৰ্ণ হৈ থকাত ৰাইজ সীমাহীন সমস্য়াৰ সন্মুখীন হৈ আহিছে | লোকনিৰ্মাণ বিভাগৰ এই পথছোৱা সম্প্ৰতি যান-বাহন দূৰৰে কথা, সাধাৰণ পথচাৰীৰ বাবে যাতায়াতৰ ক্ষেত্ৰত বিপজ্জনক হৈ পৰিছে | মহাপুৰুষ মাধৱ গুৰুজনাই স্থাপন কৰা সত্ৰধামলৈ মেধিপাৰা সংযোগী পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাই পথচাৰীৰ লগতে ভকত-বৈষ্ণৱলৈও আহুকাল নমাইছে। উল্লেখ্য যে পথৰ মাজত থকা একমাত্ৰ কালভাৰ্টৰ অৱস্থা অতি জৰাজীৰ্ণ, দেখিলেই ভয় লগা ধৰণেৰে ভাঙি-ছিঙি জালৰ আৰ্হিত ওলাই পৰিছে কালভাৰ্টৰ ৰডবোৰ। শীঘ্ৰে পথছোৱা মেৰামতিৰ দিহা নকৰিলে যিকোনো মুহূৰ্ততে সংঘটিত হ’ব পাৰে দুৰ্ঘটনা। সেয়ে অঞ্চলটোৰ ৰাইজে চৰকাৰ তথা সমষ্টিৰ বিধায়িকা নন্দিতা দাসক মেধিপাৰাৰ পৰা মালঞ্চা সত্ৰ সংযোগী পথছোৱা মেৰামতিৰ দাবী জনাইছে |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস