নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ যোৰহাট ন–আলি ঢ়েকীয়াজুলি নিৱাসী সত্তৰ ঊর্ধ্বৰ নবীন চন্দ্র দত্তই ইতিমধ্যে ২০১৮ বর্ষত বায়ু প্রদূষণ ৰোধ আৰু শাৰীৰিক সক্ষমতা ৰক্ষাৰ উদ্দেশ্যে প্রদূষণমুক্ত বাহন চাইকেলেৰে দিল্লী ভ্রমণ সমাপ্ত কৰে৷ পুনৰ ৪ মার্চত প্রধানকৈ বায়ু প্রদূষণ হ্রাস আৰু শাৰীৰিক সুস্থতা সকলো ব্যক্তিৰ দীর্ঘস্থায়ী হোৱাৰ উদ্দেশ্য আগত ৰাখি চাইকেলেৰে সমগ্র অসম যাত্রা আৰম্ভ কৰিব৷ কোনো ব্যক্তিয়ে তেওঁৰ সংগী হ’ব বিচাৰিলে ৬০০৩১–৮৪৮১৪ নম্বৰত যোগাযোগ কৰিব পাৰিব৷
Next Post
You might also like