নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’বিৰোধী আন্দোলন অব্যাহত থাকিবঃ জুবিন

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ ওদালগুৰি জিলাৰ ভূটান সীমান্তৰ ডিমাকুছিত সোমবাৰে উপস্থিত হয় জনপ্রিয় কণ্ঠশিল্পী, যুৱ প্রজন্মৰ হার্টথ্রব জুবিন গার্গ৷ ভেৰগাঁৱত জিলা ক্রীডা সন্থাৰ উদ্যোগত ডিমাকুছিত জুবিন আর্টিষ্ট একাদশ আৰু ভেৰগাঁও ক্রীডা সন্থাৰ মাজত অনুষ্ঠিত প্রীতি ফুটবলত কিছু সময়ৰ বাবে উপস্থিত হোৱা জুবিন গার্গে খেলপথাৰত নামি সকলোৰে দৃষ্টি আকর্ষণ কৰে৷

জুবিনক নিচেই ওচৰৰ পৰা চাবলৈ শ শ লোকৰ হেতাওপৰা লাগে৷ জনপ্রিয় কণ্ঠশিল্পীক কাষৰ পৰা চাবলৈ দিনৰ পৰাই ডিমাকুছি মিনি ষ্টেডিয়ামত অগণন লোকৰ সমাগম হয়৷ পোনপ্রথমবাৰৰ বাবে ডিমাকুছিত উপস্থিত হোৱা জুবিনে সাংবাদিকৰ আগত খেলৰ মাজতে বিতর্কিত আইন ‘কা’ৰ বিৰোধ কৰি যোৱাৰ কথা ঘোষণা কৰাৰ লগতে অসম চৰকাৰ, ভাৰত চৰকাৰক এই আইন জাপি দিয়াৰ চেষ্টা কৰাত তীব্র সমালোচনা কৰে৷

You might also like